ETV Bharat / state

৪৪৪ বছৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচন - Barpeta Satra

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Election of Barpeta Satra: বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যক ২২ খন হাটীৰ ভকতসকলে নিৰ্বাচিত কৰাৰ পৰম্পৰাৰে ভোটগ্ৰহণ আৰম্ভ । মথুৰা দাস বুঢ়াআতাৰ পাছত আটাইবোৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াক ভোটৰ জৰিয়তে নিৰ্বাচিত কৰি অহা হৈছে ।

Election of Barpeta Satra
বৰপেটা সত্ৰৰ নিৰ্বাচন (ETV Bharat Assam)

বৰপেটা, ২৯ ছেপ্টেম্বৰ: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন দেওবাৰে পুৱা আঠ বজাৰ পৰা অনুষ্ঠিত হৈছে ৷ বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাই আৰম্ভ কৰি যোৱা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়া দুজনাৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয় ৷

মথুৰা দাস বুঢ়াআতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা সত্ৰ:

মথুৰা দাস বুঢ়াআতাক মাধৱদেৱে সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল ৷ মথুৰা দাস বুঢ়াআতাৰ পাছত আটাইবোৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াক ভোটৰ জৰিয়তে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত কৰি অহা হৈছে ৷ প্ৰায় ৪৪৪ বছৰ পূৰ্বে বৰপেটা সত্ৰত মথুৰা দাস বুঢ়াআতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল ৷ আজিও বৰপেটা সত্ৰত সেই পৰম্পৰা অটুত আছে ৷

প্ৰায় দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পিচত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদটো খালি হৈ আছিল ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ পদটো পূৰ্ণ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে দেওবাৰে আৰম্ভ কৰে ভোটগ্ৰহণ ৷ আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতি সদস্য সকলৰো নিৰ্বাচন অনুষ্ঠিত হৈছে ৷

বুঢ়াসত্ৰীয়া পদত দুই প্ৰাৰ্থী

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদটোৰ বাবে দুগৰাকী প্ৰাৰ্থী ড৹ বাবুল চন্দ্ৰ দাস আৰু হেমেন দাস বুঢ়া ভকত অৱতীৰ্ণ হৈছে ৷ বৰপেটা সত্ৰত ভাগ থকা প্ৰায় ৮৩৪৮ গৰাকী ভোটাৰে আজি বুঢ়াসত্ৰীয়া নিৰ্বাচন কৰাৰ বাবে ভোটদান কৰিছে ৷ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বাবে ১৫ টা সমষ্টিৰ ২৮ জন সদস্য নিৰ্বাচন কৰা হ'ব ৷ ইয়াৰে ছয়টা সমষ্টিৰ আঠ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ নটা সমষ্টিৰ ২০গৰাকী সদস্যৰ বাবে ৩৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ আজি সন্ধিয়া ছয় বজাৰ পৰা বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনা কৰা হ'ব ৷ আজিয়ে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল ৷

লগতে পঢ়ক:২৯ ছেপ্টেম্বৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ নিৰ্বাচন - Barpeta Satra

শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন - Sri Sri Mathuradas Burha Ata

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.