ETV Bharat / state

নিজ কন্যাৰ বাবেই গৃহহীন এক দম্পতী : চকুলোৰ বাদে একোৱেই নাই দুৰ্ভগীয়া পিতৃ-মাতৃৰ - Fraud by daughter in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:24 PM IST

Daughter looted parents in Guwahati : জী-জোঁৱাইৰ বাবেই নিজে সজা ঘৰখন হেৰুৱালে এক সম্পতীয়ে ৷ ইফালে বিলাসী জীৱন-যাপন কৰি আছে প্ৰৱঞ্চক জী-জোঁৱায়ে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

গুৱাহাটী, ২১ জুলাই : উচ্চ শিক্ষিতা কন্যাৰ প্ৰৱঞ্চনাৰ বাবেই ৰাজপথলৈ ওলাই আহিবলগীয়া হ’ল পূৰ্বতে ONGCত কৰ্মৰত পিতৃ-মাতৃ ৷ ঘৰ-দুৱাৰ, সাঁচতীয়া সা-সম্পত্তি সকলো লুটি নিলে নিজ কন্যাই ৷ যোধপুৰত বিলাসী জীৱন-যাপন কন্যাৰ আৰু গুৱাহাটীৰ পদপথত পিতৃ-মাতৃ ৷

নিজ কন্যাৰ বাবেই গৃহহীন এক দম্পতী (ETV Bharat Assam)

পিতৃ-মাতৃৰ অজ্ঞাতে কন্যাই ফ্লেটৰ নামতো বেংকৰ পৰা লৈছিল ১২ লাখ টকাৰ ঋণ । ঋণ পৰিশোধ কৰিব নোৱৰাত বেংকে ছীল কৰিলে পিতৃ-মাতৃৰ ফ্লেটটো ৷ ফ্লেটো ছীল কৰাৰ লগে লগে উপায়হীন হৈ পৰিছে বৃদ্ধ পিতৃ-মাতৃ ৷ এই হৃদয় কপোৱা ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ।

নিজৰ একমাত্ৰ জীয়ৰীৰ দ্বাৰাই প্ৰৱঞ্চনাৰ বলি হ’ল এই বৃদ্ধ দম্পতী ৷ নিজ জী-জোঁৱাই মিলি বৃদ্ধ দম্পতীৰ একাউণ্টৰ পৰা লুটি নিলে ৩৮ লাখ টকাৰ লগতে বেংকৰ লকাৰত থকা ৪০ তোলা সোণ । প্ৰৱঞ্চক জী-জোঁৱাই ইয়াতে ক্ষান্ত নাথাকি বৃদ্ধ পিতৃ-মাতৃৰ ফ্লেটৰ নামতো বেংকৰ পৰা লৈছিল ১২ লাখ টকাৰ ঋণ ৷

মহানগৰীৰ হাতীগড় চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন এনক্লেভৰ চতুৰ্থ মহলাৰ ফ’ৰ ই নম্বৰৰ ফ্লেটৰ নিবাসী অ’এন জি চিৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ নিজ জীয়ৰী আৰু কলকাতাৰ জোঁৱাইয়ে মিলি বৃদ্ধ পিতৃ-মাতৃৰ একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে লুটি নিছিল ৩৮ লক্ষাধিক টকা আৰু বেংকৰ লকাৰৰ পৰা লুটিছিল প্ৰায় ৪০ তোলা সোণ ৷ জী- জোঁৱাইৰ এই কৰ্মকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পিচতে মূৰে-কপালে হাত দিছে দুৰ্ভগীয়া বৃদ্ধ পিতৃ-মাতৃয়ে ৷

বিগত বৰ্ষৰ ১৭ অক্টোবৰৰ পৰা যোগাযোগবিহীন হোৱাৰ পিচতে নিজ জীয়ৰী আৰু জোঁৱাইৰ দ্বাৰা প্ৰৱঞ্চিত পিতৃয়ে দুয়োৰে বিৰুদ্ধে বিগত বৰ্ষৰ নৱেম্বৰ গোচৰো তৰিছিল গীতানগৰ থানাত ৷

লগতে পঢ়ক : জী-জোঁৱাইৰ লুণ্ঠনৰ আখ্যান; লাখ লাখ টকা লৈ অন্তৰ্ধান অংগীৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.