নগাঁও: গো-মাংসক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি । সদ্য় সমাপ্ত বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই সৃষ্টি হৈছিল গো-মাংস সম্পৰ্কীয় বিতৰ্কৰ । চামগুৰি সমষ্টিৰ প্ৰক্তন বিধায়ক তথা বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে উপ-নিৰ্বাচনৰ সময়ত বিজেপিৰ বিৰুদ্ধে গো-মাংস সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য় ।
এনে বিতৰ্কৰ মাজতেই অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছে গো-মাংস । এই সিদ্ধান্ত অনুসৰি হোটেল, ৰেস্তোৰাঁকে আদি কৰি ৰাজহুৱা স্থানত ব্য়ৱহাৰ কৰিব নোৱাৰিব গো-মাংস । ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতেই অসমত গো-মাংস নিষিদ্ধ হোৱাৰ বাবে ৰকিবুল হুছেইনকে জগৰীয়া কৰি অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য় কৰিছে বিধায়ক ৰূপক শৰ্মাই ।
গো-মাংসৰ সূত্ৰপাত ৰকিবুল হুছেইনে কৰিছে:
কেবিনেট সিদ্ধান্ত মৰ্মে ৰাজ্যৰ ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰা প্ৰসংগতো মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । বৃহস্পতিবাৰে ৰাজ্যত গো-মাংসৰ সূত্ৰপাত ৰকিবুল হুছেইনে কৰা বুলি উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই কয়, "চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে যিমানবাৰ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে সিমানবাৰেই গো-মাংসৰ প্ৰসংগ উত্থাপন কৰিছে । যাৰ ফলত অসমত পৰিবেশ কিছু বিনষ্ট হোৱাৰ আশংকাতেই চৰকাৰে বাধ্যত পৰিহে গো-মাংস নিষিদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।"
বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ তেলিয়াগাঁৱত অনুষ্ঠিত বিজেপিৰ যোগদান কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মাই ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য় কৰি লয় । ইতিপূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ৰকিবুল হুছেইনৰ বাবেই গো-মাংস নিষিদ্ধ হ’ল বুলি উল্লেখ কৰিছিল ।