ETV Bharat / state

বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষাকলৈ চিন্তিত বদৰুদ্দিন আজমল - BADRUDDIN AJMAL

বাংলাদেশৰ সংখ্যালঘু লোক নিৰাপত্তাহীনতাত ভুগিছে । বাংলাদেশৰ সংখ্যালঘু লোকসকলৰ নিৰাপত্তাকলৈ উদ্বিগ্ন এ আই ইউ ডি এফৰ সভাপতি ।

EX MP Badruddin Ajmal
প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 10:22 PM IST

গুৱাহাটী : বাংলাদেশৰ সংখ্যালঘু লোকসকলৰ নিৰাপত্তাকলৈ উদ্বিগ্ন এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল । বাংলাদেশৰ চৰকাৰে তাত থকা সংখ্যালঘু সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰক কূটনৈতিক হেঁচাৰ বাবে দেশৰ প্ৰধানমন্ত্রী, গৃহমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক আহ্বান জনাইছে বদৰুদ্দিন আজমলে ।

সম্প্রতি বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত হৈ থকা নিৰ্যাতন তথা অস্থিৰ পৰিৱেশৰ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি আজমলে কয়, "বাংলাদেশত থকা সংখ্যালঘুসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাটো বাংলাদেশৰ ইউনুচ চৰকাৰৰ দ্বায়িত্ব । গতিকে ইউনুচ চৰকাৰৰ প্ৰতি আমাৰ আহ্বান তেওঁ তেওঁৰ ৰাষ্ট্ৰত বিশেষভাৱে সংখ্যালঘু লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰক । বাংলাদেশ যিহেতু ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আৰু আমাৰ চুবুৰীয়া প্ৰায়বোৰ ৰাষ্ট্ৰৰ লগত সম্পৰ্ক বেয়া, গতিকে একমাত্র বন্ধু ৰাষ্ট্ৰখনৰ লগত ভাৰত চৰকাৰে তথা ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীয়ে বাংলাদেশৰ অন্তৱর্তীকালীন ড৹ ইউনুচ চৰকাৰৰ লগত যোগাযোগ কৰি তাত থকা সংখ্যালঘু লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে ।"

সংখ্যালঘু, সংখ্যাগুৰু সকলোৱে নিৰাপদে বসবাস কৰক :

আজমলে পুনৰ কয়, "আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে আমি বিচাৰো তাত শান্তি প্ৰতিষ্ঠা হওক আৰু বাংলাদেশত বসবাস কৰা সংখ্যালঘু, সংখ্যাগুৰু সকলো মানুহ নিৰাপদে বসবাস কৰক । ভাতৃঘাতী সংঘৰ্ষত মানুহে নিজৰ জীৱন আৰু সম্পত্তি যাতে হেৰুৱাবলগীয়া নহয়, তাৰ প্ৰতি তাত থকা চৰকাৰে দৃষ্টি ৰাখক আৰু শান্তি প্রতিষ্ঠা কৰি ৰাষ্ট্ৰখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰক । বাংলাদেশ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ যি ভূমিকা তথা অৱদান সেয়া অতুলনীয়। যাৰ বাবে তাহানিৰ পৰা বাংলাদেশ আৰু ভাৰতৰ মাজত এটা ভাল সম্পর্ক চলি আহিছে ।"

সেই সম্পর্ক যাতে বাংলাদেশে অটুট ৰাখে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আজমলে ভাৰতৰ প্ৰাধানমন্ত্রী, গৃহমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক কূটনৈতিক হেঁচা প্ৰয়োগ কৰি সংখ্যালঘুসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ

বাংলাদেশ চলো অভিযান: আখৌৰা চেকপোষ্টত ত্ৰিপুৰা আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.