ETV Bharat / state

বান পৰিস্থিতিক লৈ চৰকাৰে উজনি-নামনিৰ বিভেদ অনাৰ অভিযোগ - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 8:32 PM IST

Badruddin Ajmal distributes flood relief : উজনিত মন্ত্ৰী-বিধাকক নমাই দিছে চৰকাৰে ৷ কিন্তু নামনিলৈ নাই পঠিওৱা ৷ এই অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ ৷ অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ বাবে তেওঁৰ সমান আন সাংসদে দাবী কৰা নাই বুলিও মন্তব্য ৷

Badruddin Ajmal distributes flood relief
বান সাহায্য প্ৰদান বদৰুদ্দিন আজমলৰ (ETV Bharat Assam)

গোৱালপাৰা, ১১ জুলাই : ‘‘মোৰ পৰিয়ালে বিগত ৪২ বছৰৰ পৰা ৰাইজৰ সেৱা কৰি আহিছে ৷ ইয়াৰ লগতে নিৰ্বাচনৰ কোনো কথা নাই ৷ ধুবুৰীৰ মানুহে মোক চাৰিবাৰ জিকাইছে ৷ এইবাৰ হৰুৱাইছে ৷ কিছু বছৰৰ পিচত মানুহে উপলব্ধি কৰিব ৷ আকৌ আমাক ভোট দিব ৷’’- বান সাহাৰ্য দিবলৈ গৈ এনেদৰে ক’লে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে ৷

ধুবুৰীৰ ৰাইজে উপলব্ধি কৰিব বুলি কৈ প্ৰাক্তন সাংসদগৰাকীয়ে জনসেৱাৰ বাবে কি কি কৰিছে আছে তাৰ খতিয়ান দাঙি ধৰে ৷ আজমল ফাউণ্ডেশ্যনৰ বিভিন্ন জনকল্যানমূলক কাম-কাজৰ হিচাপ দি বদৰুদ্দিন আজমলে কয় যে তেওঁলোকে অসমৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে যুদ্ধ কৰি আছে ৷

আনহাতে বদৰুদ্দিন আজমলে কয় যে তেওঁ সাংসদ হৈ থকাৰ সময়ত অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে যিমান দাবী জনাইছিল, আন কোনো সাংসদে সিমান দাবী জনোৱা নাছিল ৷ বানত সংখ্যালঘু লোকৰ মৃত্যু হৈ থকাৰ বাবে বাকীসকল সাংসদৰ কোনো চিন্তা নাই বুলি মন্তব্য কৰে আজমলে ৷ উজনি অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে সকলো বিধায়ক-মন্ত্ৰীক নিৰ্দেশ দিয়াৰ বিপৰীতে নামনি অসমলৈ মন্ত্ৰী-বিধায়কক নপঠিওৱাত ক্ষোভিত হয় প্ৰাক্তন সাংসদগৰাকী ৷

লগতে পঢ়ক : নিশা ১ বজাত ক’ৰ পৰা আহিল প্ৰলয়ংকৰী বান ? মুহূৰ্ততে হুৱাদুৱা

ইয়াৰ মাজতে প্ৰাক্তন সাংসদগৰাকীয়ে উল্লেখ কৰিলে শেহতীয়া লোকসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ কাৰণ ৷ এইবাৰ সমগ্ৰ দেশতে ইণ্ডিয়া গোটবন্ধনৰ বতাহ বলি থকা বুলি উল্লেখ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ ৰকিবুল হুছেইনেই কেৱল ভোট পাই জয়ী হোৱা নাই, সমগ্ৰ ভাৰততে সেইটো হৈছে বুলি কয় বদৰুদ্দিন আজমলে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে বানাক্ৰান্তৰ খবৰ ল’বলৈ উপস্থিত হয় যোগীঘোপাত ৷ চেঙা আৰু জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক দুগৰাকীক লগত লৈ বানাক্ৰান্তৰ খবৰ লয় প্ৰাক্তন সাংসদগৰাকীয়ে ৷ বানাক্ৰান্তৰ মাজত সাহাৰ্যও বিতৰণ কৰে বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক : হাতত খাদ্যৰ টোপোলা লৈ বানাক্ৰান্তৰ কাষত দীপলীনা ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.