ETV Bharat / state

মোক শংকৰদেৱ সংঘৰ পৰা উলিয়াব নোৱাৰে : বাবুল বৰা - Babul Bora controversy - BABUL BORA CONTROVERSY

Reaction of Babul Bora: তদন্ত সমিতিৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বাবুল বৰাৰ অনিয়ম । সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিষ্ক্ৰিয় কৰা হয় বাবুল বৰাক । সংঘৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত । উত্থাপিত অভিযোগ সন্দৰ্ভত বাবুল বৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।

Reaction of Babul Bora
শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:08 PM IST

গুৱাহাটী, ৬ জুলাই : এজন লোকৰ কৰ্মকাণ্ডৰ বাবে বিতৰ্কলৈ আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান ৷ অৱশ্যে অনুষ্ঠানটোৰ মজিয়াতে উন্মোচিত হৈছে লোকজনৰ কৰ্মকাণ্ড ৷

দীঘলীয়া সময় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ পদবীত থকা বাবুল বৰাক ইতিমধ্যে সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । তদুপৰি সংঘৰ প্ৰাথমিক পৰা মূলৰ কোনো সভা-সমিতিত দায়িত্বসহকাৰে অংশ ল’ব নোৱাৰিব বাবুল বৰাই ৷

বাবুল বৰাৰ সৈতে সাংবাদিক মাণিক কুমাৰ ৰায়ৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ নিজস্ব ধৰণে চলা ধৰ্মীয় অনুষ্ঠান । ইয়াত কোনো লোকৰ মইমতালি স্বাভাৱিকতে কোনেও সহ্য কৰিব নোৱাৰে । কোনো ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উৰ্দ্ধত নহয় । লাখ লাখ ভকত-বৈষ্ণৱৰ ত্যাগ আৰু পৰিশ্ৰমৰ বলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেঁটি গঢ় লৈ উঠিছে । শেহতীয়াকৈ বাবুল বৰাৰ কৰ্মকাণ্ড সংঘৰ মজিয়াতে উন্মোচিত হৈছে আৰু প্ৰকাশ পাইছে তেওঁৰ কৰ্মকাণ্ডৰ দীঘলীয়া তালিকা । সংঘৰ মজিয়াতে উত্থাপিত অভিযোগৰ ভিত্তিতে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা আৰু শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাৰ বিৰুদ্ধে তদন্ত সমিতি গঠন কৰি তেওঁলোকক তদন্তৰ আওতালৈ অনা হৈছে ।

প্ৰধান সম্পাদক হিচাপে আছিল দীঘলীয়া কাৰ্যকাল :

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে বাবুল বৰা ২০১৩ চনত নিৰ্বাচিত হৈছিল । হৰিপ্ৰসাদ হাজৰিকাৰ পিচত সংঘৰ এই পদবীত অধিষ্ঠিত হোৱা বাবুল বৰাই ২০১৭ চনলৈকে দুটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰ দায়িত্বত আছিল । তাৰ পিচত এটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদক হৈছিল প্ৰফুল্ল চন্দ্ৰ বৰা । ইয়াৰ পিচত ২০১৭ চনৰ পৰা ২০১৯ চনলৈকে বাবুল বৰা পুনৰ প্ৰধান সম্পাদক পদত আছিল । পুনৰ ২০১৯ চনত বাবুল বৰা সংঘৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০২৩ চনলৈকে এই দায়িত্বত আছিল ।

ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ :

প্ৰধান সম্পাদক হৈ থকা সময়তে সংঘৰ ভিতৰচ'ৰাত বাবুল বৰাৰ কথাই নিয়ম হৈ পৰাৰ অভিযোগ নতুন নহয় । অভিযোগ অনুসৰি নিজা এক সাম্ৰাজ্য গঢ়ি তুলিছিল বাবুল বৰাই । ইয়াৰ বিৰোধিতা মানেই বিপদ আছিল । আনকি এটা সৰু ভুলৰ বাবেই হৰিপ্ৰসাদ হাজৰিকাৰ দৰে প্ৰাক্তন প্ৰধান সম্পাদকক তেওঁ সংঘৰ মজিয়াৰ পৰা বাহিৰ কৰি দিছিল । বাবুল বৰাই আনকি প্ৰাক্তন পদাধিকাৰ কমলা গগৈকো চূড়ান্ত অপমান কৰাৰ অভিযোগ আছে । তেওঁ অনিয়ম আৰু দুৰ্নীতিৰে কলুষিত কৰিছিল ধৰ্মীয় অনুষ্ঠানটোক । তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ তালিকাখন যথেষ্ট দীঘলীয়া । কিন্তু অৱশেষত তেওঁৰ সকলো কাণ্ড-কাৰখানা সংঘৰ মজিয়াতে উন্মোচিত হ’ল ।

কিহৰ বাবে গঠন কৰা হৈছিল তদন্ত সমিতি :

বাবুল বৰাৰ বিৰুদ্ধে উত্থাপন হোৱা বহু অনিয়ম আৰু দুৰ্নীতিৰ ক্ষেত্ৰত তদন্ত কৰাৰ বাবে সংঘই এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল । শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ নগাঁৱৰ আটোৱাটিকাৰ লগতে ধুবুৰী আৰু যোৰহাট কেম্পাছ নিৰ্মাণৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছিল । বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ নিম্নমানৰ কাম, বিভিন্ন অনিয়ম, ধনৰ অপচয় আৰু নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ তদন্তৰ বাবে সংঘৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মতে বিগত বৰ্ষৰ শেষৰ ফালে ৬ জনীয়া এখন উচ্চপৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছিল । সেই তদন্ত সমিতিয়ে শেহতীয়াকৈ প্ৰতিবেদন দাখিল কৰি উক্ত অনিয়ম-দুৰ্নীতিৰ বাবে তদানীন্তন প্ৰধান সম্পাদক বাবুল বৰা আৰু শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাক দোষী সাব্যস্ত কৰে ।

সেই অনুসৰি বিগত ২৩ জুনত সংঘৰ মূল কার্যনিৰ্বাহক সভাই তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত বাবুল বৰা আৰু খগেন্দ্ৰ মহেলাক পৰৱৰ্তী কাৰ্যনিৰ্বাহকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পর্যন্ত তাক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সংঘৰ সকলো দায়িত্বৰ পৰা নিষ্ক্ৰিয় ঘোষণা কৰে ৷ তদুপৰি এই সময়ছোৱাত দুয়োজন বিষয়ববীয়াই সংঘৰ প্ৰাথমিকৰ পৰা মূললৈ কোনো সভা-সমিতিত যোগদানতো নিষেধাজ্ঞা আৰোপ কৰা হয় ।

তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত সংঘই ল’লে সিদ্ধান্ত :

উচ্চস্তৰীয় তদন্ত সমিতিৰ বৃহৎ প্ৰতিবেদনত উন্মোচিত হৈছিল বাবুল বৰাৰ কৰ্মকাণ্ড । উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি গঠন কৰি দিয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ অধিকাংশতে প্ৰাক্তন সম্পাদক বাপ বাবুল বৰা জড়িত থকাৰ তথ্য দাখিল কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাকো কিছু পৰিমাণে জগৰীয়া কৰিছে ৷ উক্ত প্ৰতিবেদনৰ ওপৰত সংঘৰ ২৩ জুনৰ মূল কাৰ্যনিৰ্বাহক সভাত বিশদ আলোচনা কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সভাৰ সিদ্ধান্তমৰ্মে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই সংঘৰ জিলা শাখাসমূহলৈ এই সন্দৰ্ভত ১ জুলাইত পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত ২৩ জুনৰ সংঘৰ মূল কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ সবিশেষ উল্লেখ কৰা হয় ৷ পত্ৰখনত উল্লেখ কৰা হয় যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ আটোৱাটিকা (নগাঁও, ধুবুৰী আৰু যোৰহাট) গোটৰ নিৰ্মাণকাৰ্যত বিভিন্ন অনিয়ম, ধন অপচয় আৰু বিশ্ববিদ্যালয়ত হোৱা নিযুক্তিকে আদি কৰি বিভিন্ন বিসংগতি ধৰা পৰিছে । এইক্ষেত্ৰত মূলত জগৰীয়া হৈছে বাবুল বৰা ।

তদুপৰি খগেন্দ্ৰ মহেলাকো জগৰীয়া কৰা হৈছে ৷ যাৰ বাবে সংঘৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰাপৰ্যন্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাবুল বৰা আৰু মহেলা বাপক সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । এই সময়চোৱাত তেখেতসকলে প্ৰাথমিক পৰা মূলৰ কোনো সভা-সমিতিত দায়িত্বসহকাৰে অংশ ল’ব নোৱাৰিব বুলিও পত্ৰখনত উল্লেখ কৰা হয় । অৰ্থাৎ তাৎক্ষণিকভাৱে বাবুল বৰা আৰু খগেন্দ্ৰ মহেলাক সকলো দায়িত্বৰ পৰা নিষ্ক্ৰিয় কৰি ৰখা হ’ল ।

তদন্ত সমিতিৰ প্ৰতিবেদন :

দীঘলীয়া সময়ৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ দায়িত্বত থকা বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তথা অনিয়মৰ তালিকাখন যথেষ্ট দীঘলীয়া । তদন্ত সমিতিৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বাবুল বৰাৰ কৰ্মকাণ্ড প্ৰকাশ পাইছে । মূলতঃ তদন্ত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লগতে যোৰহাট আৰু দুমৰদহ গোটৰ ভৱন নিৰ্মাণত হোৱা অনিয়মকলৈ ।

প্ৰতিবেদনখনত কেবাটাও অনিয়ম উল্লখ কৰা হৈছে । ইয়াৰ ভিতৰত কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈ যোৰহাট আৰু দুমৰদহত বিশ্ববিদ্যালয়ৰ গোট খোলা, দুয়োটা গোটৰ নিৰ্মাণকাৰ্যৰ বাবে নিবিদা আহ্বান নকৰা, আৱণ্টনৰ ধনৰ অনুপাতে নিম্মমানৰ সামগ্ৰীৰে কাম সম্পন্ন কৰা, পৰিকল্পনাবিহীনভাৱে আটোৱাটীকাৰ চৌহদৰ পাঁচটা কোঠাৰ মাজৰ বেৰ ভঙা, ছাত্ৰ-ছাত্ৰী অনুপাতে অত্যধিক শিক্ষক নিযুক্তি দিয়া, আটোৱাটীকাৰ ভৱন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ লক্ষাধিক টকাৰ ডেস্ক-বেঞ্চ কিনা আদি উল্লেখযোগ্য ।

প্ৰতিবেদন অনুসৰি বাবুল বৰা আৰু খগেন্দ্ৰ মহেলা ব্যৱস্থাপক সমিতি আৰু গভৱৰ্নিং বডীৰ সৈতে জড়িত থকাৰ সূত্ৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল । প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ কাৰ্যকালত বিশ্ববিদ্যালয়খনৰ সকলোধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত বাবুল বৰা বাপ আৰু খগেন্দ্ৰ মহেলা বাপ প্ৰত্যক্ষভাৱে জড়িত থকা প্ৰমাণ পোৱাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে । আনহাতে বাবুল বৰাৰ কাৰ্যকালতে বিশ্ববিদ্যালয়ৰ নামত ৯০ লাখ টকা ঋণ লোৱা হৈছিল । যিটো পুঁজিৰ ব্যৱহাৰ পৃথক পৃথক কামত দেখুওৱা হৈছে ।

সেইদৰে টেলিফোনিক সাক্ষাৎকাৰ লৈয়েই বহু নিযুক্তি প্ৰদান কৰা হৈছে । নিবিদাবিহীনভাৱে বাবুল বৰাৰ মৌখিক নিৰ্দেশত যোৰহাট আৰু দুমৰদহ বিশ্ববিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল । যিটো আছিল নিয়মৰ বাহিৰত । অনিয়মৰ একাধিক তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

ইফালে যোৰহাট ভৱনৰ বাবে ৫২,১৯,৮৫১ টকা আৱণ্টন দি ব্যয় কৰা হৈছে ৩২ লাখ টকা । সেইসৰে দুমৰদহত ৭৭,৪৩,৬৩২ টকা আৱণ্টন দিয়াৰ বিপৰীতে ব্যয় কৰা হৈছে ৫৫ লাখ টকা । তদুপৰি নিৰ্মাণকাৰ্যত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাটো তদন্তত পোহৰলৈ আহিছে । ছাত্ৰ-ছাত্ৰীৰ কামত নহা বহু লক্ষাধিক টকাৰ কিতাপ ক্ৰয় কৰা হৈছিল আৰু সেইবোৰ এতিয়া এনেয়ে পৰি আছে ।

ইফালে বাবুল বৰাই নিজৰ একাউণ্টত লোৱা ধন ইউ জি চিৰ পৰিদৰ্শনকাৰী দলক দিয়া বুলি দেখুওৱা বিষয়টোও ৰহস্যজনক । বহু গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে বাবুল বৰা । ইফালে সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই এইক্ষেত্ৰত বিশেষ একো কোৱাৰ পৰা বিৰত থাকে । ছেপ্টেম্বৰত হ'বলগীয়া সংঘৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহকে সৰ্বসম্মত সিদ্ধান্ত দিলে বাবুল বৰা আৰু খগেন্দ্ৰ মহেলাক বৰ্খাস্ত কৰা হ’ব পাৰে বুলি প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই জানিবলৈ দিয়ে । সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে সংঘৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহকলৈ । য’ত বাবুল বৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

উত্থ‍াপিত অভিযোগ সন্দৰ্ভত কি কয় বাবুল বৰাই :

বহু কেইটা অভিযোগেৰে অভিযুক্ত বাবুল বৰাক শ্ৰীমন্ত শংকৰদেৰ সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্তৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বাবুল বৰাই । ই টিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত বাবুল বৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহ নস্যাৎ কৰি তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি কয় । লগতে তেওঁ আইনী ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰে ।

তদুপৰি তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহাৰ পিচতো নিজকে সংঘৰ নীতি নির্ধাৰণকাৰী বুলি ভাবি থকা কেইজনমান তথাকথিত নেতাই তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । তেওঁৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত সম্পূর্ণ একপক্ষীয় আছিল বুলি অভিযোগ উত্থাপন কৰি বাবুল বৰাই কয় যে তেওঁৰ বিৰুদ্ধে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী, আত্মপক্ষ সমর্থনৰ সুযোগ আৰু তদন্ত সমিতিৰ প্ৰতিবেদনৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিছিল । কিন্তু তেওঁৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ পত্ৰখনো তেওঁলৈ পঠিওৱা নাই বুলি তেওঁ কয় । তেওঁৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ন্যায় বিচাৰি আইনৰ শৰণাপন্ন হ’ব বুলি তেওঁ দোহাৰে ৷

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াতে উন্মোচিত বিতৰ্কিত বাবুল বৰাৰ কৰ্মকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.