ETV Bharat / state

বহিৰাগত কোম্পানীৰ দ্বাৰা অৱহেলিত অসমীয়া ভাষা, আটছাৰ তীব্ৰ প্ৰতিবাদ - ATSA protest in Jorhat - ATSA PROTEST IN JORHAT

ATTSA protest in Jorhat: অইল মেক্স কোম্পানীত অসমীয়া ভাষাত কথোপকথন নিষিদ্ধ । কোম্পানীটোৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে আটছা । ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আটছাই বন্ধ কৰি দিলে কোম্পানীটোৰ তেল উৎপাদন, সৰবৰাহৰ লগতে সকলো কাম-কাজ ।

ATSA protest against the ban on Assamese-language conversation at Oil Max Company in Jorhat
অসমীয়া ভাষা অৱহেলিত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 5:38 PM IST

যোৰহাট,৩ ছেপ্টেম্বৰ: অসমৰ বায়ু-পানী সেৱন কৰি, অসমৰ সম্পদ খনন আৰু সৰবৰাহ কৰি মুনাফা অৰ্জন কৰা বহিৰাগত কোম্পানীৰ দ্বাৰা পুনৰ অৱহেলিত তথা অনাদৃত হৈছে অসমীয়া ভাষা ৷ তৈলক্ষেত্ৰৰ ভিতৰত খিলঞ্জীয়া লোকসকলৰ মাজত প্ৰচলিত হৈ থকা অসমীয়া ভাষাত কথা পতাত বাধা দিয়া হৈছে বুলি ভয়ংকৰ অভিযোগ তুলিছে আটছাই ।

অসমীয়া ভাষা অৱহেলিত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

লগতে তৈল খনন কৰা প্ৰতিষ্ঠান মেক্সৰ অসম বিদ্বেষী কামকাজত ক্ষুব্ধ হোৱাৰ লগতে তেওঁলোকে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰা আৰু শ্ৰমিকক শোষণকে আদি কৰি বিভিন্ন বিষয়ক লৈ মঙলবাৰে আটছাই কোম্পানীটোৰ সকলো কামকাজ বন্ধ কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ফলত মেক্স কোম্পানীৰ বাহিৰে-ভিতৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আটছাৰ এই প্ৰতিবাদী কাৰ্যত সহযোগ কৰে মেক্স কোম্পানীত কৰ্মৰত খিলঞ্জীয়া লোকসকলে । আনহাতে আটছাই অভিযোগ কৰি পুনৰ কয় মেক্স নামৰ অইল কোম্পানীটোৱে অৱৈধভাৱে তেল সৰবৰাহৰ লগতো জড়িত আছে আৰু তেওঁলোকৰ উক্ত কাৰ্যত ৰাজনৈতিক শক্তিয়ে উৎসাহ যোগোৱা অভিযোগ তোলাৰ লগতে বাট-পথৰ উন্নয়নকে ধৰি বিভিন্ন মৌলিক সমস্যা সমাধানক লৈও পিঠি দি আছে তেওঁলোকে ।

কিন্তু কোম্পানীটোৰ কৰ্তৃপক্ষই যোৰহাট জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কৰ উপস্থিতিত এক চুক্তি সম্পন্ন কৰি এই সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল । আজিকোপতি প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাত আটছা আৰু মেক্স কোম্পানীৰ থলুৱা কৰ্মচাৰী প্ৰতিবাদত উত্তাল হৈ পৰে কোম্পানীটোৰ প্ৰৱেশদ্বাৰ । ইফালে আটছাৰ প্ৰতিবাদে যাতে ভয়ংকৰ ৰূপ ধাৰণ নকৰে তাৰ বাবে মেক্স কোম্পানীৰ আশে পাশে আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক: জাতিগত প্ৰমাণপত্ৰ কেলেংকাৰীত জড়িতক গ্ৰেপ্তাৰৰ দাবীত আটছাৰ ধৰ্ণা - Tea Tribe certificate Scam

জনজাতিকৰণ, ভূমি পট্টা, মজুৰি বৃদ্ধিৰ দাবীৰে আছাৰ প্ৰতিবাদ - Protest in Lakhimpur

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.