ETV Bharat / state

কিতাপ নহয়, এতিয়া ছাত্ৰৰ বেগত থাকে অস্ত্ৰ - Crime in School

author img

By ETV Bharat Assamese Team

Published : 8 hours ago

Crime in School: বিদ্যালয়ত ছাত্রৰ আক্রমণৰ ঘটনাই এতিয়া জোকাৰি গৈছে ৰাজ্য । এনে ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই লখিমপুৰতো এখন বিদ্যালয়ৰ ছাত্রৰ বেগত উদ্ধাৰ লোহাৰে তৈয়াৰী আক্রমণৰ অস্ত্ৰ । যাক লৈ বিদ্যালয়খনত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

Attack weapon in student's bag in Lakhimpur school
এতিয়া ছাত্ৰৰ বেগত থাকে অস্ত্ৰ (ETV Bharat Assam)

লখিমপুৰ,২৬ ছেপ্টেম্বৰ: যেন কালিকাহে লাগিছে ৰাজ্যৰ একাংশ বিদ্যা মন্দিৰত । ইটোৰ পাছত সিটোকৈ ঘটিব ধৰিছে অবাঞ্চিত কেতবোৰ ঘটনা । দৰঙৰ ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত ঘটনাই জোকাৰি গৈছে ৰাজ্যক । শিক্ষাগ্রহণ কৰিবলৈ গৈ এচাম শিক্ষার্থীয়ে কৰা এনে কাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে । এনে ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই লখিমপুৰতো তেনে এক ঘটনাৰ কথা পোহৰলৈ আহিছে ।

ঘটনাটো কেইদিনমানৰ পুৰণি যদিও বৃহস্পতিবাৰেহে পোহৰলৈ আহে । ঘটনাৰ স্থান লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো তিনিশ মিটাৰমান দূৰত আৰু জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে থকা এই গৌৰৱোজ্বল ঐতিহ্য থকা বিদ্যালয়খনৰ ছাত্রৰ হাতত ওলাল লোহাৰে তৈয়াৰী অস্ত্ৰ । অষ্টম শ্রেণীৰ এজন ছাত্রই বেগত লৈ অহা এই অস্ত্ৰ শিক্ষকৰ তৎপৰতাত উদ্ধাৰ হয় ।

হাতত পিন্ধি লৈ আক্রমণ কৰিব পৰা এই লোহাৰে তৈয়াৰী অস্ত্ৰ শিক্ষকে উদ্ধাৰ কৰি গতাই দিয়ে অধ্যক্ষক । অধ্যক্ষই লগে লগে ছাত্রজনৰ অভিভাৱকক মাতি আনি সবিশেষ জনাই ছাত্রজনক গতাই দিয়ে । ছাত্রজনক সাময়িকভাৱে বিদ্যালয়ৰ শিক্ষাগ্ৰহণৰ পৰা আঁতৰাই ৰাখিছে যদিও ছমহীয়া পৰীক্ষা দিবলৈ অনুমতি দিয়া বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ।

ছাত্রজনে কাৰোবাক কিবা উদেশ্যেৰে আক্রমণ কৰিবলৈ এই অস্ত্ৰ আনিছিল নে অন্য কিবা উদ্দেশ্য আছিল সেই কথা জানিব পৰা নাই । কেৱল শিক্ষকৰ তৎপৰতাৰ বাবেই যে বিদ্যালয়খনত কোনো অঘটন নঘটিল সেয়া স্পষ্ট হৈ পৰিল । বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে খেদ প্ৰকাশ কৰি কয়,"মুষ্টিমেয় একাংশ ছাত্রৰ অভিভাৱকে সন্তানৰ প্ৰতি বিশেষ দৃষ্টি নৰখাৰ ফলত উশৃংখলতা বাঢিছে । গুটখা জাতীয় সামগ্রী সেৱনৰ পৰা পাঠগ্ৰহণত অমনোযোগিতালৈকে বিভিন্ন দিশ দেখা গৈছে ।"

তেওঁ লগতে কয়,"সন্তানৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি একোজন সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক সমাজৰ লগতে অভিভাবকসকলেও ভূমিকা ল'ব লাগে ।" পবিত্র বিদ্যা মন্দিৰৰ এনেবোৰ অনাকাংখিত ঘটনাই এতিয়া সচেতন লোক সকলক উদ্বিগ্ন কৰি তুলিছে । একাংশ অভিভাৱকে এতিয়া বিদ্যালয়ৰ চৌহদত নিজৰ সন্তানৰ নিৰাপত্তাৰ দিশটোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: বিদ্যালয়ত ছাত্ৰৰ মৃত্যু; প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি - DARRANG STUDENT DEATH ROW

এইবাৰ যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত, তেজেৰে ৰাঙলী দুই ছাত্ৰ - Clash breaks out between students

বিদ্যালয়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভুক্ত হ’ব চৰিত্ৰ-পাঠ - VALUE EDUCATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.