ETV Bharat / state

বানৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক ঘটনা : নাও ডুবি নিহত কমেও ৩, সন্ধানহীন কেইবাজনো - Boat Accident at Goalpara

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 9:41 PM IST

Boat Accident at Goalpara : গোৱালপাৰাৰ নয়াপাৰা শিমলিতোলাত নাও দুৰ্ঘটনা । শ্মশানঘাটৰ পৰা মৃতদেহ সৎকাৰ কৰি উভতি অহাৰ সময়ত নাও দুৰ্ঘটনা হৈ পাঁচগৰাকী নিৰুদ্দেশ । তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ । দুৰ্ঘটনাস্থলীত এছ ডি আৰ এফ উপস্থিত ।

Boat Accident at Goalpara
গোৱালপাৰাত নাও ডুবি নিহত কমেও ৩ (ETV Bharat Assam)

গোৱালপাৰা, ১১ জুলাই : গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মন্তুদ ঘটনা । গোৱালপাৰাৰ নয়াপাৰাৰ শিমলিতোলাত ভয়ংকৰ নাও দুৰ্ঘটনা । শ্মশানঘাটৰ পৰা মৃতদেহ সৎকাৰ কৰি উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো । ইতিমধ্যে তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে, আন দুগৰাকী বৰ্তমানেও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত ইতিমধ্যে এছ ডি আৰ এফ উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰিছে ।

প্ৰত্যক্ষদৰ্শী তথা দুৰ্ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা লোকে জনোৱা মতে, এটা মৃতদেহ সৎকাৰ কৰি উভতি আহোতেই নাওখন ডুব যায় । এই ঘটনাত সন্ধানহীন হয় ৫ গৰাকীকৈ লোক । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত নৱাগত শিমলিতোলাৰ নয়াপাৰাৰ এখন শ্মশানঘাটত টুলুঙা নাও এখনেৰে মৃতকৰ সৎকাৰ কৰিবলৈ ২৬ গৰাকী লোক যায় । মৃতদেহ সৎকাৰৰ অন্তত টুলুঙা নাওখনৰে উভতি অহাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতি এটাৰ মাজভাগত নাওখন পানীত ডুব যায় । ফলত নাৱত থকা ২৬ গৰাকীকৈ লোক পানীত পৰি যায় যদিও ইয়াৰে ৫ গৰাকী লোক দ-পানীত নিৰুদ্দেশ হয় ।

লগে লগে স্থানীয় ৰংজুলি আৰক্ষী আৰু এছ ডি আৰ এফক খবৰ দিয়া হয় । আনহাতে, স্থানীয় ৰাইজে আৰক্ষী আৰু এছ ডি আৰ এফলৈ অপেক্ষা নকৰি টুলুঙা নাৱেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে । স্থানীয় ৰাইজৰ উদ্ধাৰ অভিযানত ৩ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও দুগৰাকী লোক সন্ধানহীন হৈ আছে ।

উদ্ধাৰ হোৱা মৃতদেহকেইটা ক্ৰমে মনজিৎ সাহা, জগৎ কৰ্মকাৰ আৰু সুজন মালাকাৰ বুলি জানিব পৰা গৈছে । আনহাতে, ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত নিৰুদ্দেশ হৈ থকা লোক দুজন গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰ বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ঘটনাস্থলীত গোৱালপাৰা, মাটিয়া আৰু ৰংজুলি আৰক্ষীৰ লগতে গোৱালপাৰা এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আৰক্ষী আৰু এছ ডি আৰ এফে নিৰুদ্দিষ্ট লোক দুজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলকৈ তেওঁলোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই । এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে ।

লগতে পঢ়ক :দুৰ্বল কাঠৰ দলঙৰ পৰা পৰি স্কুটীসহ যুৱতী সন্ধানহীন - GIRL GOES MISSING IN RIVER
লগতে পঢ়ক :নিশা ১ বজাত ক’ৰ পৰা আহিল প্ৰলয়ংকৰী বান ? মুহূৰ্ততে হুৱাদুৱা - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.