ETV Bharat / state

ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব ৰাজ্যৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ - Under water Tunnel in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:02 PM IST

Under water tunnel: অসমত নিৰ্মাণ হ'ব পানীৰ তলৰ সুৰংগ । নুমলীগড় আৰু গহপুৰৰ মাজত হ'ব প্ৰায় ১৫ কিঃমিঃ দৈৰ্ঘৰ এই সুৰংগ । এই সুৰংগ কিমান গুৰুত্বপূৰ্ণ হ'ব ?

Under water tunnel
ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব ৰাজ্যৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ (ETV Bharat)

তেজপুৰ,২৭ জুন : শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনাই যে নুমলীগড় আৰু গহপুৰৰ মাজত প্ৰায় ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অসমৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ হ'ব । ইয়াৰ বাবে যাৱতীয় ডি পি আৰ প্ৰস্তুত কৰা হৈছে আৰু ৪ জুলাইৰ পৰা এই প্ৰকল্পৰ ডি পি আৰৰ নিবিদা মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । বিগত দুটা বছৰ এই সুৰংগ নিৰ্মাণক লৈ চর্চা চলি থকা দেখা গৈছে ।

প্ৰথম অৱস্থাত এই সুৰংগ সীমান্ত সুৰক্ষা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হ'ব বুলি চর্চা চলিছিল আৰু সংস্থাৰ প্ৰাক্তন সঞ্চালক ৰাজীৱ চৌধুৰীয়ে ই টিভি ভাৰতক এক সাক্ষাৎকাৰত জনাইছিল যে এইটো নিৰ্মাণ হ'লে বিশ্বৰ ভিতৰতে দুই তৰপীয়া পথ সুৰংগ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । ই অতি গুৰুত্বপূৰ্ণ সুৰংগ বুলি তেওঁ ২০২৩ বৰ্ষত সাক্ষাৎকাৰত মন্তব্য কৰিছিল । ইতিমধ্যে প্ৰকাশ পোৱা তথ্য অনুসৰি এই সুৰংগৰ কাম তিনিটা পৰ্যায়ত হ'ব । মুঠ ১৪.৮৫ কিলোমিটাৰ দৈৰ্ঘৰ এই দুই পথ সুৰংগ ব্ৰহ্মপুত্ৰ নদীৰ দুটা পাৰত লগ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ ১৫ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৭য়ে । বৰ্তমান জানিব পৰা মতে এই সুৰংগৰ লগত সীমান্ত সুৰক্ষা সংস্থা জড়িত নহয় ।

ইয়াৰ গুৰুত্ব : ব্ৰহ্মপুত্ৰ নদীৰ তলৰ এই সুৰংগ ৰে'ল আৰু পথ দুই ধৰণৰ যাত্ৰাৰ বাবে নিৰ্মাণ কৰা হ'ব । এই সুৰংগ নিৰ্মাণ হ'লে অসমৰ পূব প্ৰান্তৰ আৰু অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ লগত যাতায়তৰ বাবে সুগম হৈ পৰিব । বিভিন্ন ধৰণৰ সামগ্ৰী আৰু পৰ্যটকৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব । উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ পৰা অসমৰ বা অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ লগত যোগাযোগ ব্যৱস্থা পূৰ্বতকৈ অধিক সুচল হ'ব ।

সামৰিক বাহিনীৰ সৈতে সম্পৰ্ক : এই সুৰংগই বিশেষকৈ সামৰিক বাহিনীৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । দেশৰ শেষ প্ৰান্তত উপস্থিত হ'বলৈ সেনা বাহিনীৰ লোকক যথেষ্ট সময়ৰ প্ৰয়োজন হয় । বিশেষকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত থকা সীমাসমূহ সেনাৰ তৃতীয় কৰ্পছৰ অধীনত । সেনাৰ তৃতীয় কৰ্পছৰ মুখ্যালয় নাগালেণ্ডৰ পৰা অৰুণাচল প্ৰদেশৰ পাছিঘাট, ৰ'য়িং আদি অঞ্চললৈ যোৱাৰ বাবে ই সহায়ক হ'ব বুলি ধাৰণা কৰা হৈছে ।

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত বৰ্তমানলৈকে অতি উচ্চতাৰ চেলা পাছ সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হৈ কাৰ্যক্ষম হৈছে আৰু একে দিশতে অন্য এটা সুৰংগ নেচেফু সুৰংগই এতিয়া এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । যদি ব্ৰহ্মপুত্ৰ নদীৰ তলত এই সুৰংগ নিৰ্মাণ কৰা হয় তেনেহ'লে উত্তৰ পাৰত তিনিটা সুৰংগ হ'ব । অৱশ্যে মুখ্যমন্ত্ৰীয়ে জনোৱাৰ দৰে অহা ৪ জুলাইত নিবিদা মুকলি হ'লে সবিশেষ জানিব পৰা যাব ।

লগতে পঢ়ক :প্ৰচণ্ড তুষাৰপাত, অটল সুৰংগত আৱদ্ধ পৰ্যটকভৰ্তি বাহনক সুকলমে উদ্ধাৰ - SNOWFALL in HIMACHAL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.