টিংখাং, ১৪ এপ্ৰিল: চৌদিশে ৰঙালীৰ ৰং । আজি পহিলা ব'হাগ । শনিবাৰে ৰাজ্যবাসীয়ে উদযাপন কৰিলে সাত বিহুৰ প্ৰথম গৰু বিহু । গৰু বিহুৰ পৰম্পৰা অনুসৰি কোনো কোনো প্ৰান্তত আৰম্ভ কৰা হয় চোতালৰ হুঁচৰি । নামঘৰৰ চোতালত, গাঁৱৰ জ্যেষ্ঠজনৰ চোতালত গৰু বিহুৰ গধূলি হুঁচৰি গোৱা বহুস্থানৰে এক পৰম্পৰা ।
অসমীয়াৰ হৃদয়ত বৈ থকা জাতীয় জীৱনৰ ৰং, আৱেগ-অনুভূতিৰ উৎসৱ ব’হাগ বিহু । যদিও বিহু নামত কোৱাৰ দৰে বিহু বুলিলেই গা-সাতখন-আঠখন কৰা অতীজৰ দৰে আজিৰ পৰিৱেশ নাই ৷ তথাপি ঠাই বিশেষে বৰ্তমানেও আছে ব’হাগ বিহু উদযাপনৰ নিৰ্ভেজাল ৰূপ ।
ইয়াৰ মাজতেই এইবাৰ ব'হাগ বিহুৰ আনন্দ-উল্লাসে লাভ কৰিছে সুকীয়া মাদকতা । কিন্তু লোকসভা নিৰ্বাচনৰ মাজতেই বিহু আহিছে । নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু । সমগ্ৰ ৰাজ্যতে আনন্দ-উল্লাসৰ মাজেৰে উদযাপিত হৈছে বিহুটি ।
ৰঙালী বিহুৰ সৈতে সংপৃক্ত হৈ আছে হুঁচৰি । হুঁচৰি হ'ল ৰঙালী বিহুৰ এক অন্যতম পৰম্পৰা । ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰৰে পৰা আৰম্ভ হৈছে চোতালৰ হুঁচৰি । ডিব্ৰুগড় জিলাখনৰ চহৰৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অঞ্চলত দেখিবলৈ পোৱা গৈছে চোতাল হুঁচৰি । টিংখাঙতো গৃহস্থৰ চোতালত পদধূলা পেলাবলৈ সাঁজু হৈছে নৱজ্যোতি চেমনীয়া হুঁচৰি দল ।
টিংখাঙৰ ন-পাৰা অঞ্চলৰ চেমনীয়াসকল একত্ৰিত হৈ গৃহস্থক একাজঁলি আশীৰ্বাদ প্ৰদান কৰিবলৈ হুঁচৰিৰ যাত্ৰা আৰম্ভ কৰিছে । স্থানীয় নামঘৰ প্ৰাংগণৰ পৰাই আৰম্ভ কৰে চোতাল হুঁচৰি । নিয়ৰ সনা দুৱৰি গছকি গৃহস্থৰ চোতালে চোতালে হুঁচৰি মাৰি বিহুক প্ৰাণৱন্ত কৰি তুলিছে চেমনীয়াসকলে ।
লগতে পঢ়ক: আৰম্ভ হ'ল ৯১ সংখ্যক বেতিয়নী ৰঙালী বিহু - RONGALI BIHU 2024