ETV Bharat / state

শাৰদীয় মঞ্চত ৰাজহুৱাভাৱে লাঞ্চিত-অপমানিত হ'বলগীয়া হ'ল মাতৃভাষা

উমাতাৰা চাহ বাগিচাত অসমীয়া গীত গোৱাত বাধা প্ৰদান কৰি অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে উযাপন সমিতি আৰু উদণ্ড যুৱকে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 8:04 PM IST

Assamese song controversy
শাৰদীয় মঞ্চত ৰাজহুৱাভাৱে লাঞ্চিত-অপমানিত হ'বলগীয়া হ'ল মাতৃভাষা (ETV Bharat Assam)

ডিব্ৰুগড়, ১৪ অক্টোবৰ : দুৰ্গাপূজাৰ পূৰ্বে অসমীয়া ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ মৰ্যাদা । ইয়াৰ পাছতে দেখা গৈছিল এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপত অসমীয়া ভাষাক সন্মান জনাই নিৰ্মাণ কৰা পূজা মণ্ডপ । কিন্তু তেনে সময়তে দেওবাৰে নিশা এইখন অসমৰে এটা প্ৰান্তত শাৰদীয় মঞ্চত ৰাজহুৱাভাৱে লাঞ্চিত-অপমানিত হ'বলগীয়া হ'ল মাতৃভাষা ।

একাংশ উদণ্ড যুৱকে শিল্পীক শাৰদীয় মঞ্চত অসমীয়া গান গোৱাত বাধা প্ৰদান কৰে । নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত উমাতাৰা চাহ বাগিচাত অনুষ্ঠিত শাৰদীয় অনুষ্ঠানত দশমীৰ নিশা মঞ্চত অসমীয়া গীত গাই চৰম অপমানিত হ'ল এগৰাকী উদীয়মান কন্ঠশিল্পী ।

মঞ্চত গীত গাই থকা উদীয়মান কন্ঠশিল্পী বলিন ৰহনে জুবিন গাৰ্গৰ 'মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে' এই গীতটো গাওঁতে বাধা প্ৰদান কৰে । শিল্পীগৰাকীক গীত পৰিবেশন বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰে এইসকল মাতাল দৰ্শকে । দৰ্শকৰ মাজৰ পৰা মঞ্চৰ সন্মুখলৈ আহি অসমীয়া গীত পৰিবেশন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে বাগানীয়া অঞ্চলত অসমীয়া গীত নচলিব বুলি হুংকাৰ প্ৰদান কৰে ।

আনকি শিল্পীগৰাকীক আক্ৰমণ কৰিবলৈও উদ্যত হয় উদণ্ড লোকসকল । পৰিস্থিতি বিষম দেখি কণ্ঠশিল্পী বলিন ৰহনে অসমীয়া গীত পৰিবেশন আধাতে সামৰিবলৈ বাধ্য হয় । শিল্পীগৰাকীয়ে সাংস্কৃতিক সন্ধিয়াত উপস্থিত দৰ্শকৰ সন্মুখত বহুকেইটা চাহ জনগোষ্ঠীয় গীত, ঝুমুইৰ আদি পৰিবেশন কৰাৰ পাছত জুবিন গাৰ্গৰ 'মাজুলী' শীৰ্ষক গীতটি গাবলৈ আৰম্ভ কৰাত এই পৰিৱেশ সৃষ্টি হোৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অসমীয়া গীত পৰিবেশন কৰাত বাধা দি ক্ষমা প্ৰাৰ্থনা

ইফালে অসমীয়া গীত পৰিবেশন কৰাত শিল্পীগৰাকীক বাধা দিয়া উমাতাৰা চাহ বাগিচাৰ দুৰ্গাপূজা উদযাপন সমিতিৰ বিষয়ববীয়া আৰু উদণ্ড যুৱকসকলে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হয় । ৰাজ্যত সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতেই নিজৰ ভুল স্বীকাৰ কৰি সমগ্ৰ অসমবাসীৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰে আৰু ভৱিষ্যতে এনেকুৱা ভুল নকৰো বুলি কয় ।

লগতে পঢ়ক :দুৰ্গাপূজাত ৩০ কোটিৰ সুৰা সেৱন গুৱাহাটীৰ সুৰাপায়ীৰ
লগতে পঢ়ক :প্ৰতিমা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা: জি এম চি এইছত চিকিৎসাধীন ১২০ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.