ETV Bharat / state

হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ - Ramen Baruah missing

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:02 AM IST

Updated : Jul 23, 2024, 10:27 AM IST

Ramen Baruah goes missing: সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে ৰমেন বৰুৱা ৷ বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ সন্ধানহীন হোৱা বাতৰিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ বহুকেইগৰাকী কণ্ঠশিল্পীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উদ্বেগ প্ৰকাশ কৰিছে ৷

Assamese music director Ramen Baruah goes missing CM Himanta Biswa Sarma deeply concerned
সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে ৰমেন বৰুৱা (ETV Bharat)

গুৱাহাটী, ২৩ জুলাই : বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন । সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে বিশিষ্ট সংগীত পৰিচালকগৰাকী । সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত লতাশিলস্থিত গণেশ মন্দিৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ ৷ তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে সংগীত শিল্পীগৰাকী ।

দিনৰ প্ৰায় ১.৩০ বজালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তেওঁক ফোন কৰে ৷ কিন্তু তেতিয়াৰে পৰা তেওঁৰ ফোনটো অফ হৈ আছে । ইতিমধ্যে পৰিয়ালৰ লোকে ৰমেন বৰুৱাৰ সন্ধান বিচাৰি কাষ চাপিছে লতাশিল আৰক্ষীৰ । সোমবাৰৰ পৰাই পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিছে যদিও বাতৰি লিখা পৰলৈকে তেওঁৰ কোনো সন্ধান পোৱা নাই ।

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, ৮৪ বছৰীয়া ৰমেন বৰুৱাই প্ৰতিদিনে পুৱা গণেশ মন্দিৰলৈ যায় । তেওঁৰ কোনো ধৰণৰ অসুস্থতা নাছিল । সোমবাৰে পুৱা প্ৰায় ১০ বজাত তেওঁ উচ্চ ন্যায়ালয়ৰ সমুখৰ পথেৰে পাৰ হৈ গৈছে ৷ উচ্চ ন্যায়ালয়ৰ সন্মুখৰ এটা CCTV কেমেৰাৰ ফুটেজ ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে । আনহাতে বিষ্ণু মন্দিৰৰ পৰা নৱগ্ৰহ মন্দিৰলৈ যোৱা পথচোৱাত কেইবাবাৰো খোজকাঢ়ি অহা-যোৱা কৰা দেখিছে প্ৰত্যক্ষদৰ্শীয়ে ।

লগতে পঢ়ক : অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীৱন্ত দলিল : উমানন্দ দুৱৰাৰ গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহালয় - Assamese Gramophone Records

লতাশিল গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি আছিল ৰমেন বৰুৱা । প্ৰতিদিনে তেওঁ পুৱা লতাশিল গণেশ মন্দিৰলৈ যায় । আন দিনৰ দৰে সোমবাৰে পুৱাও গণেশ মন্দিৰলৈ ওলাই গৈছিল ৰমেন বৰুৱা । কিন্তু তেতিয়াৰ পৰাই তেওঁৰ কোনো সন্ধান লাভ কৰা নাই কোনেও ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে শুভাকাংক্ষীসকল হতচকিত হৈ পৰিছে ।

এই খবৰ পোৱাৰ পিছতে নিশা জুবিন গাৰ্গকে ধৰি বহু অনুৰাগীয়ে ৰমেন বৰুৱা ঘৰত ভিৰ কৰা দেখা যায় । এই খবৰ বিয়পি পৰাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ সামাজিক মাধ্যমত লিখিছে, ‘‘ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰেণ্য কাণ্ডাৰী, বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা খবৰটিত আমি গভীৰভাৱে চিন্তিত হৈছো । তেখেতৰ অনুপস্থিতিয়ে পৰিয়াল, বন্ধু-বান্ধৱী আৰু তেখেতৰ অগণন অনুগামীক চিন্তিত কৰি তুলিছে । মই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কোনো ত্ৰুটি নৰখাকৈ বৰুৱাদেৱৰ সন্ধান উলিয়াবলৈ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ ৷’’

ইফালে তৰালি শৰ্মা, ৰূপম ভূঞা, দীপলীনা ডেকাকে আদি কৰি ৰাজ্যৰ বহুকেইগৰাকী কণ্ঠশিল্পীয়ে সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰিছে ৷ সকলোৰে এটাই আশা, য’তে আছে ৰমেন বৰুৱা, তেওঁ কেৱল সুস্থ থাকক আৰু সোনকালে ঘৰলৈ উভতি আহক ৷ ইতিমধ্যে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰত তেওঁৰ সন্ধানত অভিযান চলাইছে ৷ কিয়নো ৰমেন বৰুৱাৰ ম’বাইলৰ অন্তিম অৱস্থিতি ধৰা পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত ৷

উল্লেখ্য যে, ৰমেন বৰুৱাই ঊনৈশ বছৰ বয়সত তেখেতে জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে ১৯৫৯ চনত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি ‘‘আমাৰ ঘৰ’’ত সংগীত পৰিচালনা কৰিছিল । ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰ ৰূপত সংগীত পৰিচালনা কৰে । তাৰোপৰি বৰুৱাৰ সংসাৰ, ককা দেউতা নাতি আৰু হাতী, মুকুতা, যোগ বিয়োগ, ললিতা, ওপজা সোণৰ মাটি, হৃদয়ৰ প্ৰয়োজন, সোণতৰা, উত্তৰণ, পৰিণাম, তৰামাই, সোণমা, মৰম, মৰমী, আশ্ৰয় আদি ছবিত সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই ৷

লগতে পঢ়ক : বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ 'জয়ছিং হাঞ্চে বঁটা' প্ৰদান - Assam Sahitya Sabha

Last Updated : Jul 23, 2024, 10:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.