ETV Bharat / state

ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী - Bohag Bihu - BOHAG BIHU

Bohag Bihu: ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী ৷ আধুনিকতাৰ পৰশত বহুতে চিনি নাপালেও বহুতে সংৰক্ষণ কৰিছে গৰুবিহুৰ সৈতে নিবিড় সম্পৰ্ক থকা বিশেষ গছবিধ ৷

MAKHIYATI TRESS
ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী
author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:27 PM IST

ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী

ডিব্ৰুগড়, 2 এপ্ৰিল: প্ৰকৃতিয়ে বৰণ সলাই ন-ৰূপ লৈ অসমীয়াৰ চেনেহৰ ব’হাগ আকৌ আহি পাবৰ হ'ল । বিৰিখে কোমল কুঁহিপাত মেলি জাননী দিছে ব’হাগৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ কপৌ-কেতেকী, মাধৈমালতী ফুলে ব’হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তাঁতশালত শিপিনীৰ ব্যস্ততাৰ অন্ত নোহোৱাৰ লগতে ঢুলীয়াই বতৰ চাই টানিছে ঢোলৰ বৰতী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুৰ আখৰা । তেনে সময়ত ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী । গ্ৰামাঞ্চলৰ বাৰীৰ ঢাপত থকা মাখিয়তী ফুলি উমান দিছে ব'হাগ বিহুৰ ।

আধুনিকতাৰ পৰশত বহুতে মাখিয়তী চিনি নাপালেও ব'হাগতে আদৰ বাঢ়ে মাখিয়তীৰ । ৰঙালী বিহুৰ গৰুবিহুৰ দিনা অতিকৈ প্ৰয়োজনীয় গছজোপা হ’ল মাখিয়তী । গৰুবিহুৰ দিনা গৰুক গা ধুৱাবলৈ নিয়া, পথাৰলৈ এৰি দিয়া, সন্ধিয়া পৰত ঘৰলৈ যেতিয়া ঘূৰি আহে তেতিয়া এই মাখিয়তী গছৰ পাতৰে গৰুক কোবোৱা হয় ।

সেইদিনা মাখিয়তী গছৰ ডাল-পাতৰ বাদে কোনো অন্য এচাৰিৰ ব্যৱহাৰ কৰা নহয় । কৃষিজীৱী ৰাইজে এই পৰম্পৰা অতীজৰ পৰাই পালন কৰি আহিছে । কথিত পৰম্পৰা আছে এই মাখিয়তী ব্যৱহাৰ কৰিলে গৰুৰ কোনো বেমাৰ নহয় । সেইবাবে এই পৰম্পৰা ধৰি ৰাখিছে আজিও কৃষক ৰাইজে ।

বছৰটোৰ সকলো দিনতে অনাদৃত হৈ থকা মাখিয়তী ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে । বাৰীৰ চুকত ফুলি ৰোৱা মাখিয়তী একাংশ কৃষকে গৰুবিহুৰ পূৰ্বে বজাৰলৈ নি বহুতকে যোগান ধৰে । অসমীয়াৰ গৰুবিহুৰ সৈতে নিবিড় সম্পৰ্ক থকা মাখিয়তী সংৰক্ষণৰ সময় আহিছে বুলি ক'বলৈ আৰম্ভ কৰিছে জ্যেষ্ঠজনে ।

লগতে পঢ়ক: পাঁচ শতাধিক ঢোলৰ অৰ্ডাৰ লৈ বিহুলৈ সাজু শম্ভূ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.