ETV Bharat / state

পাক জে'লৰ পৰা মুকলি হৈ নগাঁৱলৈ কেতিয়া আহিব ৱাহিদা বেগম ? - Wahida Begum Pakistan imprison

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 6:12 PM IST

Wahida Begum Pakistan imprison : পুনৰ চৰ্চাত নগাঁৱৰ ৱাহিদা বেগম । বিগত প্ৰায় ডেৰ বছৰে পাকিস্তান জে'লত বন্দী হৈ থকা ৱাহিদা বেগম বুধবাৰে উভতিব স্বগৃহলৈ । কিন্তু অসমলৈ কেতিয়া আহিব ৱাহিদা বেগম ? কি অৱস্থাত কেনেকৈ পাকিস্তান জে'লত বন্দী হৈছিল ৱাহিদা বেগম ? মুকলিৰ পাচত কোনে কোনে জেৰা কৰিব ৱাহিদা বেগমক ? সকলো সামৰি ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Wahida Begum Pakistan imprison
নগাঁৱলৈ কেতিয়া উভতিব ৱাহিদা বেগম ? (ETV Bharat Assam)

নগাঁও, ২৯ মে' : পুনৰ চর্চালৈ আহিছে নগাঁৱৰ ৱাহিদা বেগম । কিয়নো বিগত প্ৰায় ডেৰ বছৰ ধৰি পাকিস্তান জে'লত বন্দিত্বৰ জীৱন কটোৱা ৱাহিদা বেগমে বুধবাৰে পাক জে'লৰ পৰা মুক্তিলাভ কৰি উভতি আহিব স্বগৃহলৈ ।

ৱাহিদা বেগমৰ নগাঁৱলৈ উভতি অহা প্ৰসংগত বিশেষ প্ৰতিবেদন (ETV Bharat Assam)

কেনেকৈ স্বগৃহলৈ উভতিব ৱাহিদা

বিগত প্ৰায় ডেৰ বছৰকাল পাকিস্তান জে'লত থকা নগাঁৱৰ ৱাহিদা বেগমক বুধবাৰে পাকিস্তান জে'লৰ পৰা ৱাঘা সীমান্তত সীমান্ত সুৰক্ষা বাহিনী বিএছএফক চমজাই দিব বুলি জানিব পৰা গৈছে । এক বিশেষ সূত্ৰে জানিব পৰা মতে, বুধবাৰে বিএছএফৰ জিম্মাত দিয়াৰ পাচত ৱাহিদা বেগমক বিএছএফৰ পৰা ভাৰতীয় সেনাৰ চোৰাংচোৱাই নিজৰ জিম্মাত ল’ব । ভাৰতীয় সেনাৰ চোৰাংচোৱাই ৱাহিদা বেগমৰ পাকিস্তান যাত্ৰা আৰু তেওঁ কেনেদৰে পাকিস্তান সেনাৰ হাতত আটক হৈছিল এই বিষয়ে সোধা-পোছা কৰিব । ভাৰতীয় সেনাই জেৰা চলোৱাৰ অন্তত ৱাহিদা বেগমক অসম আৰক্ষীৰ জিম্মালৈ দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে । আনহাতে, অসম আৰক্ষীয়েও নিজৰ জিম্মাত লৈ জেৰা চলাব ৱাহিদা বেগমক ।

কেনেদৰে পাকিস্তান সেনাৰ হাতত আটক হৈছিল ৱাহিদা

2009 চনতে বিবাহপাশত আবদ্ধ হোৱা নগাঁৱৰ ডিমৰুগুৰিৰ ৱাহিদা বেগমৰ স্বামীৰ মৃত্যুৰ পাচত এগৰাকী কাবুলীৱালাৰ সৈতে হোৱা সম্পৰ্কৰ পাচত আফগানিস্তানলৈ যোৱাৰ পথত অবৈধভাৱে পাকিস্তানত প্ৰৱেশৰ অভিযোগত পাকিস্তান সেনাই গ্ৰেপ্তাৰ কৰিছিল ৱাহিদা বেগমক । তাৰ পাচৰ পৰাই পাকিস্তান জে'লত কটোৱা ৱাহিদা বেগমক বুধবাৰে মুকলি কৰি দিয়াৰ পাচত তেওঁ স্বগৃহলৈ উভতি আহিব ।

কি হ’ব ৱাহিদাৰ কোটিটকীয়া সম্পত্তি

ৱাহিদা বেগমৰ স্বামীৰ নগাঁও চহৰৰ বৰবজাৰত এটা অট্টালিকা আছিল । যিটো অট্টালিকাৰ মূল্য কোটি টকাৰো অধিক । ৱাহিদা বেগমৰ স্বামী থকা অৱস্থাৰ পৰাই অট্টালিকাটোৰ এটা অংশ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল । বৰবজাৰৰ প্ৰসেনজিৎ দত্ত নামৰ এগৰাকী ব্যৱসায়ীয়ে 1 কোটি 60 লাখ টকাত ক্ৰয় কৰিছিল ৱাহিদা বেগমৰ সম্পত্তি । কিন্তু স্বামী জীয়াই থকাৰ সময়ত প্ৰসেনজিতৰ পৰা 35 লাখ টকা আগধন হিচাপে লোৱাৰ পাচত সম্পূৰ্ণ সম্পত্তি বিক্ৰী কৰাৰ চুক্তি কৰিছিল । সেই অনুসৰি পৰৱৰ্তী সময়ত ৱাহিদা বেগম আৰু লগত থকা এজন কাবুলীয়ে মিলি ব্যৱসায়ীগৰাকীৰ পৰা 60 লাখ টকা আদায় কৰি কৰাৰ পাচৰ পৰাই নিৰুদ্দেশ হয় ৱাহিদা বেগম । বৰ্তমান অট্টালিকাটো প্ৰসেনজিতৰ দখলত আছে যদিও পাবলগীয়া বাকী ধন নিবলৈ আহিলে ৱাহিদাৰ হাততহে দিব বুলি উল্লেখ কৰে প্ৰসেনজিৎ দত্তই ।

উল্লেখ্য, সম্প্ৰতি ৱাহিদাৰ মাতৃও নগাঁৱত নাই বুলি জানিব পৰা গৈছে । সম্ভৱত পাকিস্তানৰ জে'লৰ পৰা কন্যাৰ মুক্তিৰ পাচত কন্যাৰ সৈতে একেলগে নগাঁৱলৈ আহিব পাৰে তেওঁৰ মাতৃ ।

লগতে পঢ়ক :কেনেকৈ পাকিস্তানৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম ? - NAGAON WOMAN IN PAKISTAN JAIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.