কাছাৰ, 25 ফেব্ৰুৱাৰী: শিলচৰৰ অসম বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ থানা ঘেৰাও কৰি প্ৰতিবাদত বহিছে শিক্ষাৰ্থী ৷ জানিব পৰা মতে, গোচৰ ৰুজু কৰিবলৈ যোৱা ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এনেদৰে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীয়ে ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ পুলক নমশুদ্ৰৰ কোঠাত শুকুৰবাৰৰ নিশা চুৰিৰ ঘটনা সংঘটিত হৈছিল ৷ চোৰৰ দলে পুলকৰ লেপটপ, ম’বাইল সহ বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায় ৷ ঘটনা সন্দৰ্ভত অসম ইউনিভাৰ্চিটী পুলিচ পেট্ৰ’ল পোষ্টত গোচৰ তৰিবলৈ যায় পুলকসহ তেওঁৰ সতীৰ্থসকলে ৷
অভিযোগ অনুসৰি, আৰক্ষীয়ে গোচৰ লবলৈ অস্বীকাৰ কৰে ৷ লগতে থানাত থকা আৰক্ষীয়ে পুলকসহ তেওঁৰ সতীৰ্থক দু-ব্যৱহাৰ কৰাৰ অভিযোগ তোলে ৷ আনকি গোচৰীয়া পুলকসহ তেওঁৰ সতীৰ্থক আৰক্ষীয়ে শাৰীৰিক নিগ্ৰহ চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীয়ে ৷
ইমানেই ক্ষান্ত নাথাকি গোচৰ তৰিব যোৱা পুলকৰ সৈতে সহপাঠী অসীম বিশ্বাসক আটক কৰি ৰাখে বিশ্ববিদ্যালয় থানাৰ আৰক্ষীয়ে ৷ ইয়াৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অসীমক আটকৰ খবৰ পোৱাৰ পিচতে অসীমক মুকলি কৰি দিবলৈ থানাত ভিৰ কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
ইয়াৰ পিচতে উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ থানা ঘেৰাও কৰি আটক হোৱা ছাত্ৰক বিনাচৰ্তে মুক্তি আৰু অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে ৷ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিছে আন্দোলনকাৰী শিক্ষাৰ্থীসকলে ৷
লগতে পঢ়ক: ABVP Protest in Silchar: অসম বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ