ETV Bharat / state

অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ - ATTSA Press meet in Golaghat

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:45 AM IST

Allegations of forgery: জালিয়াতিৰে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ অভিকেন্দ্ৰত পৰিণত গোলাঘাটৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয় ৷ এমবিবিএছ, বিডিএছৰ চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত অনা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক সুবিধা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীলৈ মুকলি আহ্বান আটছাৰ ৷

Assam Tea Workers Union Golaghat Branch accused of forging caste certificates
জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে (ETV Bharat Assam)

গোলাঘাট, 29 জুন: "শোষিত-নিষ্পেষিত চাহ জনগোষ্ঠীৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ মূৰত ৰামটাঙোন শোধাই আৰু কঠোৰ জীৱন সংগ্ৰামত বৰ্তি পৰিয়ালসমূহৰ আশা-প্ৰত্যাশাক ধূলিসাৎ কৰি এইবাৰ চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনসমূহ চৰম জালিয়াতিৰে দখল কৰিছে অনা চাহ জনগোষ্ঠী প্ৰাৰ্থীয়ে ।‌ গোলাঘাটত আৰম্ভ হৈছে এনে ভয়াবহ কেলেংকাৰী"- আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে গোলাঘাটত এক সংবাদমেলযোগে এনে ভয়াবহ কেলেংকাৰীৰ দিশ উন্মোচিত কৰি সৰৱ হৈ পৰে ।‌

গোলাঘাট নগৰৰ প্ৰগতি চ'ৰাত আয়োজিত সংবাদমেলত বৰাই কয়, "অসমত এম বি বি এছ আৰু বিডিএছৰ 32 খন আসনত চাহ জনগোষ্ঠীৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে ।‌ ইয়াৰে 19 খন এমবিবিএছ আৰু 3 খন বিডিএছ পাঠ্যক্ৰমৰ বাবে ।‌ ইয়াৰে 10 খন বৰাক উপত্যকাৰ বাবে আৰু আন কেইখন ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে ।‌

কিন্তু প্ৰতি বছৰেই উক্ত আসনসমূহ অনা-চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীয়ে জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ ফলত চাহ জনগোষ্ঠীৰ উপযুক্ত প্ৰাৰ্থীক বঞ্চিত কৰি আহিছে ।‌ চাহ জনগোষ্ঠীৰ প্ৰতি কৰি অহা এনে বঞ্চনা আৰু বিয়াগোম কেলেংকাৰী কোনো কাৰণতে সহ্য কৰা নহ'ব" ৷

লগতে পঢ়ক: ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিলে চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

জাতিগত প্ৰমাণপত্ৰৰ ভয়ংকৰ জালিয়াতিৰ দিশ উন্মোচিত কৰি আটছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ 2 নং ৱাৰ্ডৰ অমিতাভ মণ্ডলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে । মণ্ডলৰ পুত্ৰ-কন্যাক প্ৰমাণ পত্ৰ জালিয়তিৰে চিকিৎসা বিক্ষানত নামভৰ্তি কৰোৱাৰ অভিযোগ তোলে ৷ এই সমগ্ৰ জালিয়াতি অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ কাৰ্যালয়ত কৰা হৈছে বুলিও কয় বৰাই ।

অসম চাহ মজদুৰ সংঘৰ কাৰ্যকৰ্তা (ETV Bharat Assam)

লগতে পঢ়ক: মজুৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল খোৱাং চাহ বাগিচা - Tea Estate Labour Protest

লাখ-লাখ টকাৰ বিনিময়ত মুনীন গৌতম চাওঁৰা আৰু অসম চাহ মজদূৰ সংঘ গোলাঘাট শাখাৰ সভাপতি পবিত্ৰ জালে জাতিগত প্ৰমাণপত্ৰৰ এনে বিয়াগোম কেলেংকাৰী সংঘটিত কৰা বুলি সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰে বৰাই ।‌ ইতিমধ্যে আটছাৰ গোলাঘাট শাখা আৰু বৰপথাৰ শাখা সমিতিয়ে চাহ জনজাতি জাতীয় সন্মিলনী, অসমৰ গোলাঘাট জিলাৰ সভাপতি মুনীন গৌতম চাওৰা আৰু অসম চাহ মজদূৰ সংঘ, গোলাঘাট শাখাৰ সভাপতি পবিত্ৰ জালৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

গোলাঘাট জিলাৰ আয়ুক্তকো আটছাই লিখিতভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । কিন্তু জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতি সংঘটিত কৰি চাহ জনগোষ্ঠীৰ ৰাইজক চূড়ান্তভাৱে প্ৰৱঞ্চনা কৰা এই দুজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ বিৰুদ্ধে গোলাঘাটৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ব্যৱস্থা গ্ৰহণৰ কিয় সাহস গোটাব পৰা নাই, সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে ।‌

লগতে পঢ়ক: ডিব্ৰুগড়ত বঞ্চিত চাহ শ্ৰমিকে দাহ কৰিলে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা - Tea Estate Labour Protest

অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ প্ৰদানত জালিয়তিৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ - AJYCP Press meet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.