ETV Bharat / state

ৰাজপথৰ পৰা হেৰাই গৈছে ৰঙা বাছ, ভাঙি পৰিছে পৰিবহন নিগমৰ কাৰ্যালয় - Assam State Transport Corporation

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 1:04 PM IST

ASTC : ৰাজপথত চলা এশিঙীয়া গঁড় চিহ্নযুক্ত ৰঙা বাছ হেৰাই গৈছে ৷ ৰাজ্যৰ বহু ঠাইত কমি আহিবলৈ ধৰিছে অসম পৰিবহণ নিগমৰ অধীনস্থ ৰঙা বাছৰ সংখ্যা । তদুপৰি বহু ঠাইত একেবাৰে জৰাজীৰ্ণ অৱস্থা পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ৷

Assam State Transport Corporation
অসম ৰাজ্যিক পৰিবহণ নিগম (ETV Bharat Assam)

আমগুৰি, 10 ছেপ্টেম্বৰ : 1970- 1980- 1990 ৰ দশকৰ কথা ৷ যদি সেই সময়ৰ কথা আপোনাৰ মানসপটত আজিও জিলিকি আছে তেনেহ’লে সেই পুৰণা স্মৃতিবোৰৰ ভিতৰৰ এটা অন্যতম ৰাজপথত চলা এশিঙীয়া গঁড় চিহ্নযুক্ত ৰঙা বাছ ৷ আপুনি-মই দূৰ-দুৰণিলৈ ভ্ৰমণ কৰোতে ৰঙা বাছেৰে কম খৰচত গন্তব্যস্থান পোৱাইছিল ৰঙা বাছে । কিবা জৰুৰী কামত গাঁৱৰ পৰা চহৰলৈ যাবলৈ, আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ, পঢ়িবলৈ বুলি কলেজলৈ - মুঠতে সেই ৰঙা বাছ আছিল আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগস্বৰূপ ৷ আমাৰ এক বিশ্বস্ত সাৰথি ৷

  • অতীত হৈ পৰিছে ৰঙা বাছ :

আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই গ’ল তাহানিৰ সেই ৰঙা বাছ ৷ সময়ৰ ঢৌত ৰাজপথৰ পৰা এখনকৈ এখনকৈ অন্তৰ্ধান হ’ল ৰঙা বাছ ৷ চৰকাৰী নিৰ্লিপ্ততা, সদিচ্ছাৰ অভাৱ আৰু অমনোযোগিতাৰ ফলত মৃতপ্ৰায় হৈ পৰিল ৰাজ্যৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ধ্বজাবাহক-অসম ৰাজ্যিক পৰিবহণ নিগম ৷

  • পৰিবহণ নিগমৰ দুৰৱস্থা :

তদুপৰি ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে ব্যক্তিগত মালিকাধীন বাছসেৱাৰ দ্ৰুত উত্থানে ক্ৰমাৎ দুৰৱস্থাৰ দিশে ঠেলি দিলে অসম ৰাজ্যিক পৰিবহণ নিগমক ৷ ৰাজ্যৰ প্ৰায় বহু ঠাইত এতিয়া নচলে আপোনাৰ মোৰ সেই চিনাকী এশিঙীয়া গঁড় চিহ্নযুক্ত ৰঙা বাছ ৷ ৰাজ্যৰ বিভিন্ন জিলাত অসম পৰিবহণ নিগমৰ অধীনস্থ ৰঙা বাছৰ সংখ্যা কমি আহিবলৈ ধৰিছে। পৰিত্য়ক্ত হৈ পৰিছে পৰিবহণ নিগমৰ বহু কাৰ্যালয় ৷

  • আমগুৰিত ভগ্নপ্ৰায় অৱস্থাত পৰিবহণ নিগমৰ কাৰ্যালয় :

ঠিক এই একে পৰিস্থিতি শিৱসাগৰ জিলাতো ৷ জিলাখনতো অসম পৰিবহণ নিগমৰ অধীনস্থ ৰঙা বাছৰ সংখ্যা কমি আহিবলৈ ধৰিছে । শিৱসাগৰ জিলাৰ আমগুৰিত এই একেই দৃশ্য ৷ য’ত জৰাজীৰ্ণ ৰূপত পৰি ৰৈছে পৰিবহণ নিগমৰ কাৰ্যালয় ৷ বিশেষকৈ আমগুৰিত দুৰণিলৈ যোৱা ৰঙা বাছ পাবলৈ নাই ।

  • যিকোনো সময়ত ভাঙি যাব পাৰে কাৰ্যালয় :

আমগুৰিৰ পৰিবহণ নিগমৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা দেখিলে পুতৌ জন্মিব । যিকোনো মুহূৰ্ততে ভাঙি যাব পাৰে কাৰ্যালয়টো । ১৯৬৫ চনতে নিৰ্মাণ কৰা পৰিবহণ নিগমৰ কাৰ্যালয়টোৰ বিভিন্ন অংশত বৃহৎ বৃহৎ ফাট মেলাত এজাক ধুমুহা বৰষুণতে ভাঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । ৰাজ্যৰ পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই আমগুৰিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে ।

২০১৩ চনত ৪০ লাখ ৬০ হাজাৰ টকাৰে পুৰণি কাৰ্যালয়ৰ কাষতে এটা নতুনকৈ গৃহ নিৰ্মাণ কৰাৰ কাম আৰম্ভ হৈছিল যদিও যোৱা ১২ বছৰে সম্পূৰ্ণ হৈ নুঠিল । ফলত অসুবিধাৰ সন্মুখীন হৈ আহিছে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী লগতে যাত্ৰীসকল ।

  • দুই প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ সমষ্টিতে বাজিছে মৃত্যুঘণ্টা :

স্মৰ্তব্য যে এই আমগুৰি সমষ্টিৰ পৰাই দুজনকৈ জনপ্ৰতিনিধিয়ে বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজ্যৰ মন্ত্ৰীসভাত পৰিবহণ বিভাগৰ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবী দখল কৰিছিল । অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু কংগ্ৰেছৰ প্ৰয়াত অঞ্জন দত্ত, দুয়োগৰাকীয়ে পৰিবহণ নিগমৰ মন্ত্ৰীত্ব লাভ কৰিছিল যদিও চকু নপৰিল নিজা সমষ্টিতে থকা কাৰ্যালয়টোৰ প্ৰতি ।

আনহাতে, বৰ্তমানেও সমষ্টিৰ বিধায়ক হৈ থকা প্ৰদীপ হাজৰিকাই নিজা সমষ্টিত থকা কাৰ্যালয়টোৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত সচেতন লোকসকলে আশ্চৰ্য প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:বিশাল সম্পত্তি থকাৰ পাছতো সংকটত : সাত বছৰত পৰিবহণ নিগমৰ ৬০৩.৩১ কোটি টকা লোকচান - Assam State Transport Corporation

বৰগাঙৰ পৰা চলাচল কৰা একমাত্ৰ ৰঙা বাছখনো বন্ধ কৰিলে পৰিবহণ নিগমে - Assam State Transport Corporation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.