ETV Bharat / state

অসমত সুৰক্ষা বিঘ্নিত কৰিবলৈ দিয়া কাকোৱেই নহ’ব: এছ ডিজিপি হৰমীত সিং - Assam Special DGP review meeting

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:45 AM IST

Assam Special DGP Harmeet Singh: সোমবাৰে নলবাৰীত তিনিখন জিলাৰ আইন শৃংখলা সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিং । এই বৈঠকতে সংবাদ মাধ্যমক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰে সিঙে ৷

Assam Special DGP Harmeet Singh holds review meeting on ULFA I bomb cases
নলবাৰীত তিনিখন জিলাৰ আইন শৃংখলা সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক (ETV Bharat Assam)

নলবাৰী, ২০ আগষ্ট : ‘‘অসমৰ ৰাইজক সুৰক্ষা আৰু নিৰাপত্তা দিয়াটো আমাৰ প্ৰথম লক্ষ্য । অসমত কাকোৱে সুৰক্ষা বিঘ্নিত কৰিবলৈ দিয়া নহ’ব ৷’’ সোমবাৰে নলবাৰীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে ।

উল্লেখ্য যে, সোমবাৰে নিশা নলবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য তথা জিলাৰ আইন শৃংখলা সন্দৰ্ভত এখনি ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া হৰমীত সিং ৷ লগতে এই বৈঠকত উপস্থিত থাকে কেবাগৰাকীও ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়া ৷

  • বোমা সদৃশ সামগ্ৰী উদ্ধাৰ :

ইতিমধ্যে সকলোৰে জ্ঞাত যে, স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো আলফা(স্বাঃ) ই কোৱাৰ দৰে বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হৈছিল ৷ এই ঘটনাৰ পাচতে আৰক্ষী তথা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে কিছু তৎপৰতা ৷

উক্ত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া কিদৰে চলিছে তাৰ বুজ ল’বলৈ আৰু আৰক্ষী বিষয়াসকলে কি ধৰণে অনাগত সময়তৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বা ল’ব সেই সন্দৰ্ভত কিছু নিৰ্দেশনা দিবলৈ নলবাৰীত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিং ।

লগতে পঢ়ক : বোমা সংস্থাপন: ভাৰতীয় সেনাৰ সৈতে বৈঠক মিলিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া - Bomb plan by ULFA I

  • আলফা(স্বা) সন্দৰ্ভত হৰমীত সিঙৰ মন্তব্য :

তেওঁ লগতে কয়, ‘‘আমাৰ দেশখন শান্তিপ্ৰিয় আৰু উন্নয়নৰ দিশে গতি কৰিছে । ইয়াক কেতিয়াও বিঘ্নিত হ’ব দিব নোৱাৰো ।’’ আনহাতে ৰাজ্যত আলফাৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয়, ‘‘আলফা(স্বা) ই বিভ্ৰান্ত কৰিব খুজিছে । আলফা(স্বা)ৰ এই ধৰণৰ কাৰ্যই ৰাইজক কোনো সহায় নকৰে । ইতিমধ্যে তদন্তৰ বাবে SIT গঠন কৰা হৈছে । অলপদিন পিছতেই সকলো ওলাই পৰিব ৷’’

লগতে পঢ়ক : আলফা স্বাধীনৰ বোমা সংস্থাপনৰ তদন্ত: সত্ৰাধিকাৰক থানালৈ কিয় নিলে আৰক্ষীয়ে ? - ULFA I BOMB PLANS

  • নলবাৰীত আৰক্ষী অধীক্ষক আৰু ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠক :

উল্লেখ্য যে, সোমবাৰে নিশা নলবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বৈঠকত উপস্থিত আছিল কামৰূপ, নলবাৰী আৰু ওদালগুৰিৰ আৰক্ষী অধীক্ষক আৰু ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াসকল৷ এই বৈঠকত উপস্থিত আছিল আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং, পাৰ্থ সাৰথি মহন্ত, উপ-মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱাও ৷

উজনি অসমত ইতিমধ্যে আৰক্ষী সজাগ হৈ থকা বুলি সদৰী কৰি নামনিতো আৰক্ষী সজাগৰ ব্যৱস্থা কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে ।

লগতে পঢ়ক : বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 'স্মাৰ্ট' অসম আৰক্ষীৰ - bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.