ETV Bharat / state

ভোটে-বিহুৱে একেলগে: ৰাজনীতি নিজৰ ঠাইত, জাতীয় কৃষ্টি নিজৰ ঠাইত - Bohag Bihu Preparation - BOHAG BIHU PREPARATION

Bohag Bihu Preparation: নিৰ্বাচনী বতৰা লৈ বলিছে চ’তমহীয়া বতাহ ৷ নেতাৰ মুখত ফুটিছে প্ৰতিশ্ৰুতিৰ আখৈ ৷ চোতালে-পথাৰে চলিছে ভোটৰ আখৰা ৷ চ’তৰ আকাশত সমানে উৰিছে চিলা আৰু হেলিকপ্টাৰ ৷ তথাপিও অসমীয়াৰ বুকুত ফুলিবই ফুলিব ব’হাগৰ কপৌ ৷

BOHAG BIHU PREPARATION
বিহুৱে-নিৰ্বাচনে একেলগে চলিছে প্ৰস্তুতি
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:50 PM IST

বিহুৱে-নিৰ্বাচনে একেলগে চলিছে প্ৰস্তুতি

ধেমাজি, 23 মাৰ্চ: এফালে গণতন্ত্ৰৰ উৎসৱ, আনফালে প্ৰাণৰ উৎসৱ ৷ চ’তৰ বতৰত এতিয়া সমানে চলিছে গণজীৱন আৰু গণতন্ত্ৰৰ উৎসৱৰ আখৰা ৷ চ’তৰ আকাশত সমানে বিয়পিছে উৰাজাহাজৰ কাণ তালমৰা শব্দৰ লগতে ঢোল-পেঁপা-গগনাৰ শব্দ ৷ পথৰ ধূলি উৰুৱাই এফালে যদি নেতাৰ বাহন গৈছে, আনফালে বিহুৰ আখৰালৈ ঢপলিয়াইছে ঢুলীয়া-নাচনী ৷ মুঠতে এই বতৰ উৎসৱৰ বতৰ ৷ বিহুবলিয়া অসমীয়া বুলিয়েই কওক, অথবা গণতন্ত্ৰৰ সহযোগীয়েই হওক, সমানেই হৈ পৰিছে ব্যস্ত ৷ কুলি-কেতেকীৰ সমানে সমানে বৰষিছে নেতাৰ আকৰ্ষণীয় ভাষণ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

19 মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ সাতবিহু শেষ নৌহওতেই অনুষ্ঠিত হ’ব গণতন্ত্ৰৰ উৎসৱ ৷ ৰঙালীৰ বতৰা পাই কঁকালত টঙালি বান্ধিছে বিহুবলিয়া অসমীয়াই ৷ কোনোবা যদি ব্যস্ত হৈ পৰিছে বিহুনাচৰ আখৰাত, আন কোনোবা আকৌ ব্যস্ত হৈ পৰিছে বিহুৰ অবিচ্ছেদ্য অংগ ঢোল নিৰ্মাণ অথবা কোনো ঢুলীয়াৰ পুৰণি ঢোলটোৰ বৰতি, খোলা, কোবনি, তালি আদি মেৰামতি কৰাত ৷ এনে দৃশ্য ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া সুলভ হৈ পৰিছে ৷ ধেমাজিৰ সুনীল বাদ্য ভাণ্ডাৰত বিগত প্ৰায় ডেৰ দশকৰ দৰেই এতিয়া গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ৷ বাদ্য ভাণ্ডাৰটোত গুমগুমাই থকা ঢোলৰ শবদে টানি আনিছে সমুখৰ পথেৰে পাৰ হৈ যোৱা অসমীয়াক ৷

প্ৰতিবছৰে শতাধিক নতুন ঢোল বিক্ৰী কৰাৰ লগতে ছাৱনিকে ধৰি শতাধিক ঢোলৰ মেৰামতি কৰি অহা হৈছে সুনীল বাদ্য ভাণ্ডাৰত ৷ লোকবাদ্য নিৰ্মাণ কৰিয়েই পৰিয়াল চলাই আহিছে সুনীল বাদ্যকৰ নামৰ লোকবাদ্যৰ কাৰিকৰগৰাকীয়ে ৷ এইবাৰো চ’ত মাহ সোমোৱাৰ পিচৰে পৰা ন-উদ্যমেৰে পৰিয়ালটোৰ সদস্যসকলে ঢোল নিৰ্মাণত লাগি পৰিছে ৷ গ্ৰাহকৰ আগমনে মনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে সুনীল বাদ্যকৰৰ পৰিয়াললৈ ৷

এনে পৰিৱেশ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৷ বিহু অহাৰ উমান পাই এতিয়া তৎ নাই অসমীয়াৰ গাত ৷ ইফালে সমানে চলিছে ভোটযুদ্ধৰো আখৰা ৷ ভোটে-বিহুৱে ওচৰা-ওচৰিকৈ আহিছে ৷ জাতি-জাতীয়তাবাদ, ৰাষ্ট্ৰ-ৰাষ্ট্ৰবাদৰ দৰে শব্দবোৰ বতাহত উৰিছে ৷ কিন্তু সেই শব্দকো তল পেলাই বতাহ ভেদি যাবলৈ লৈছে ঢোল-পেঁপা-গগনাৰ শব্দই ৷ এৰা ! ৰাজনীতি নিজৰ ঠাইত, জাতীয় কৃষ্টি নিজৰ ঠাইত ৷

লগতে পঢ়ক: বসন্তৰ সুবাস বিলাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা মাধৈ-মালতীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.