ETV Bharat / state

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত তিনিদিনীয়াকৈ সৃজনীশীল সাহিত্যৰ কৰ্মশালাৰ আয়োজন - Assam prakashan parishad

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 7:03 PM IST

Workshop on creative literature : অসম প্ৰকাশন পৰিষদৰ উদ্যোগত সৃজনীশীল সাহিত্যৰ কৰ্মশালাৰ আয়োজন ৷ যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ 'প্রকাশ সাহিত্য গোট'ৰ সহযোগত অনুষ্ঠিত হ’ব এই কৰ্মশালা ৷ 11 জুলাইৰ পৰা 13 জুলাই পৰ্যন্ত অনুষ্ঠিত হ’ব এই সৃজনীশীল সাহিত্যৰ কৰ্মশালাখনি ৷

Workshop on creative literature
অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা (ETV Bharat)

গুৱাহাটী, 9 জুলাই: ভাষা-সাহিত্যৰ ক্ষেত্রখন বর্তমানৰ লগতে অনাগত প্ৰজন্মৰ বাবেও সজীৱ-সুদৃঢ় কৰি ৰাখিবলৈ ছাত্র-ছাত্রীসকলৰ অংশগ্রহণ অতি প্রয়োজনীয় । ইয়াৰ প্রতি লক্ষ্য ৰাখি অসম প্রকাশন পৰিষদে ৰাজ্যখনৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ‘প্রকাশ সাহিত্য গোট’ গঠনেৰে ভাষা-সাহিত্যৰ বিভিন্ন বাস্তৱসম্মত কার্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা হাতত লৈছে । ইতিমধ্যে 30 খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত এই গোট গঠন কৰা হৈছে । চলিত বৰ্ষত আৰু 50 টা প্রকাশ সাহিত্য গোট গঠন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত পর্যায়ক্রমে অন্য শিক্ষানুষ্ঠানসমূহকো সামৰি লোৱাৰ পৰিকল্পনা কৰিছে ।

শিক্ষানুষ্ঠানসমূহৰ 50 গৰাকী আগ্রহী শিক্ষাৰ্থী আৰু 5 গৰাকী শিক্ষকক লৈ প্রকাশ সাহিত্য গোট গঠন কৰা হয় । এই কথা মঙলবাৰে বামুণীমৈদামস্থিত অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত সদৰী কৰে পৰিষদৰ সচিব প্রমোদ কলিতাই ।

সচিবগৰাকীয়ে কয়, "ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক নতুন ধ্যান-ধাৰণা আৰু সৃষ্টিৰে সমৃদ্ধ কৰাৰ প্রয়াসেৰে সংশ্লিষ্ট বিশ্ববিদ্যালয়-মহাবিদ্যালয় কর্তৃপক্ষৰ ইতিবাচক সহযোগিতাক মূলধন হিচাপে লৈ প্রকাশ সাহিত্য গোট গঠন কৰা হৈছে । ছাত্র-ছাত্রীসকলৰ মাজত এক আস্থাশীল পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই গোটৰ জৰিয়তে বিভিন্ন কার্যক্রমণিকা, যেনে- আলোচনা সত্র, কর্মশালা, প্রতিযোগিতা আদি অনুষ্ঠিত কৰাৰ উপৰি উক্ত শিক্ষানুষ্ঠানসমূহত গ্রন্থমেলাও আয়োজন কৰা হ’ব । শেহতীয়াকৈ পৰীক্ষামূলকভাৱে যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত 'প্রকাশ সাহিত্য গোট'ৰ সহযোগত অহা 11 জুলাইৰ পৰা 13 জুলাইলৈ এখনি ‘সৃজনীশীল সাহিত্যৰ কৰ্মশালা’ ৰ আয়োজন কৰা হৈছে ।"

অহা 11 জুলাইৰ পুৱা 10 বজাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কর্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেণ্ডৱে । বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই । অনুষ্ঠানত যোৰহাট জিলাৰ আয়ুক্ত পুলক কুমাৰ মহন্তই সম্মানীয় অতিথি হিচাপে আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাটৰ অধ্যক্ষ ড° উৎপলজ্যোতি মহন্ত আৰু বিশিষ্ট লেখক অভিজিত শর্মা বৰুৱা, শাংকৱ কৌশিক বৰুৱাই আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰিব ।

তিনিদিনত মুঠ 8 খন সত্ৰৰ জৰিয়তে অনুষ্ঠিত হ'বলগীয়া এই কর্মশালাত যোৰহাট অঞ্চলৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয় পর্যায়ৰ ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰিব পাৰিব । সৃজনীশীল সাহিত্যৰ এই কর্মশালাত 'সাহিত্যৰ তত্ত্ব', 'চুটি গল্প ৰচনাৰ কৌশল', 'চুটি গল্পৰ ভাষা', 'বিষয়বস্তু আৰু শৈলী', 'সাহিত্যৰ প্ৰকাশভংগী আৰু বৈচিত্র্য', 'কাব্য ৰচনাৰ কৌশল', উপন্যাস ৰচনাৰ কৌশল', 'ৰূপৰেখা আৰু ধাৰণা', 'কাব্য ৰচনা আৰু ধাৰণা', 'সাহিত্যৰ বিভিন্ন ধাৰা' আদি বিষয়ক লৈ সত্রসমূহত আলোচনা হ'ব । উক্ত কর্মশালাত অংশগ্ৰহণৰ বাবে যোৰহাটৰ 20 খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰি ছাত্র-ছাত্রীসকলৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে ।

উল্লেখ্য যে, ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট গৱেষক, প্রথিতযশা সাহিত্যিক, লেখকে এই অনুষ্ঠানত অংশগ্রহণ কৰিব বুলি জনাইছে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই ।

লগতে পঢ়ক: অসম গ্ৰন্থমেলা : বিপণিৰ ভাড়াই সৰিয়হ ফুল দেখুৱাইছে বিক্ৰেতাক

চিৰাঙত বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালা - Folk culture workshop

সহস্ৰাধিক নাচনীৰ বিহু নাচত কঁপিল টিংখাং - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.