ETV Bharat / state

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা চামিম সৰকাৰক নিলম্বন - SHAMIM SORKAR SUSPENDED

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 9:49 AM IST

Alleged abduction against Shamim Sorkar : প্ৰকৃততে হৈছিল কি ? সঁচাই যুৱতীক অপহৰণৰ চেষ্টা কৰিছিল নেকি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰে ? নে যুৱতীগৰাকীক সৈতে প্ৰকৃততে প্ৰেমৰ সম্পৰ্কত আছিল চামিম ? এই অভিযোগৰ ভিত্তিতে চামিম সৰকাৰক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে ।

Assam Pradesh Youth Congress
চামিম সৰকাৰক প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা নিলম্বন (ETV Bharat)

গুৱাহাটী, 2 জুলাই : পুনৰ বিতৰ্কত সোমাই পৰিছে যুৱ কংগ্ৰেছী নেতা । এইবাৰ যুৱ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে অপহৰণ অভিযোগ উত্থাপিত হৈছে । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰ বিৰুদ্ধে উঠিছে যুৱতীক অপহৰণ কৰাৰ অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে তাৎক্ষণিকভাৱে চামিম সৰকাৰক প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে ।

আনকি সকলো দলীয় কাম কাজৰ পৰা অব্যাহতি দিয়া হৈছে অভিযুক্ত যুৱ কংগ্ৰেছী নেতাগৰাকীক । দলৰ ভাবমূৰ্তি আৰু খ্যাতি কলুষিত কৰাৰ বাবে নিলম্বন কৰা হয় নেতাগৰাকীক ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে সোমবাৰে (1 জুলাই, 2024) এক জাননী জাৰি কৰি সদৰী কৰিছে এই তথ্য ৷

Assam Pradesh Youth Congress leader Shamim Sorkar

পৰৱৰ্তী জাননী নোপোৱা পৰ্যন্ত চামিম চৰকাৰক সকলো দলীয় পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বিত কৰা হৈছে বুলি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে ৰাজহুৱাকৈ উল্লেখ কৰিছে । ইতিমধ্যে উক্ত বিষয়টো পুংখানুপুংখভাৱে তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ কমাণ্ডো পাপৰি কলিতা ওৰফে কুঁহিক নিলম্বন - Kuhi

উল্লেখ্য যে, প্ৰেমৰ চলনাৰে যুৱতীক অপহৰণ চেষ্টা চলোৱা বুলি চামিম সৰকাৰ বিৰুদ্ধে অভিযোগ উঠিলছিল ৷ আনকি এই অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে । তাৰ পাচতে ভঙাগড়ৰ আৰক্ষীৰ এটা দলে দেওবাৰে নিশা চাপৰৰ পৰা যুৱতীসহ চামিমক উদ্ধাৰ কৰিছিল । আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে, এয়া প্ৰেমৰ সম্পৰ্কহে আছিল যুৱতীগৰাকীৰ সৈতে চামিমৰ ।

কেৱল এয়াই নহয়, ৰাজনৈতিক নেতাৰ নাম লৈ লাখে লাখে টকা আত্মসাৎ কৰাৰো অভিযোগ আছে চামিমৰ বিৰুদ্ধে । অভিযোগ মতে, চাকৰিৰ নামতো বহু নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰিছিল চামিমে । পূৰ্বতেও ধন লৈ ৰাজহুৱা স্থানত মহিলাৰ ৰোষত পৰিছিল চামিম । ভাইৰেল হৈছিল কেইবাটাও ভিডিঅ’ । যাৰ বাবে চামিমৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ৰাহুল গান্ধীয়ে সনাতনত বিশ্বাস কৰা সকলোৰে ওচৰত ক্ষমা বিচাৰিব লাগিব : দিলীপ শইকীয়া - BJP slams Rahul Gandhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.