ETV Bharat / state

অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সোণালী জয়ন্তী বৰ্ষৰ বিশেষ লগ' মুকলি - Assam Pollution Control Board

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 3:52 PM IST

অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ২০২৪ বৰ্ষটোত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । কাৰণ এই বৰ্ষতে সোণালী জয়ন্তীৰ বিশেষ মুহূৰ্তটো আৰম্ভ হৈছে ।

Assam Pollution Control Board
অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড (ETV BHARAT ASSAM)

গুৱাহাটী, ৩ জুন: গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰিলে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে । ১৯৭৪ৰ ২ জুনত ৰাজ্য চৰকাৰে স্থাপন কৰা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে বিগত ৪৯ টা বছৰে সফলতাৰে কাৰ্য সম্পাদন কৰাৰ পিচত এই বছৰ সোণালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰা বিশেষ মুহূৰ্তটো স্মৰণীয় কৰি ৰাখিবলৈ দেওবাৰে আয়োজন কৰা হয় শুভাৰম্ভনি অনুষ্ঠানৰ । এই অনুষ্ঠানটোতেই মুকলি কৰা হয় সোণালী জয়ন্তী বৰ্ষৰ বিশেষ লগ' ।

এই উপলক্ষে দেওবাৰে সোণালী জয়ন্তী বৰ্ষৰ বিশেষ লগ' মুকলি কৰা অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানতে ব'ৰ্ডখনে গ্ৰহণ কৰা পদক্ষেপ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত আলোকপাত কৰা হয় । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটাই ভাষণত ব’ৰ্ডৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰে । নীতি, ঔদ্যোগিক বৃদ্ধি আৰু নিয়োগ সৃষ্টি সন্দৰ্ভতো অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে ব্য়াখ্য়া কৰে । শেহতীয়াকৈ ব’ৰ্ডৰ কাম-কাজৰ প্ৰশংসা কৰি তেওঁ পৰিৱেশৰ উত্থানৰ প্ৰেক্ষাপটত ব’ৰ্ডৰ ক্ৰমবৰ্ধমান দায়িত্বৰ বিষয়ে উল্লেখ কৰে । আইন আৰু নিয়মৰ সঠিক ৰূপায়ণ কৰিবলৈ তেওঁ ব্যাপক সজাগতা সৃষ্টিৰ কাম-কাজৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

এই অনুষ্ঠানটোত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই ৪৯ বছৰ সফলতাৰে সমাপ্ত হোৱা বাবে ব’ৰ্ডক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ পৰিৱেশৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত ব’ৰ্ডৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত আলোকপাত কৰে । ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে ব’ৰ্ডৰ কাম-কাজৰ অতি প্ৰয়োজনীয় স্বচ্ছতাৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, ৰাজ্যৰ মুখ্য সচিব ড৹ ৰবি কোটা, ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰ,অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সদস্য় সম্পাদক শান্তনু কুমাৰ দত্তৰ লগতে উদ্যাগ খণ্ডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ত গণৰাজ্য দিৱস পালন

মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution In Guwahati

সাৱধান মহানগৰবাসী ! ক্ৰমাৎ বেয়ালৈ গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.