গুৱাহাটী, ১৬ জুন: শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ গৈ বিভিন্ন সময়ত প্ৰৱঞ্চকৰ জালত পৰা যায় বিনিয়োগকাৰী ৷ শেহতীয়াকৈ এনে বহু ঘটনা সংঘটিত হৈছে, য’ত প্ৰৱঞ্চকক চিনিব নোৱাৰি জালত ভৰি দিয়ে বহুলোকে ৷ বহুতে হেৰুৱাইছে সাঁচতীয়া ধন ৷
শ্বেয়াৰ বজাৰৰ নামত বিভিন্ন প্ৰলোভনেৰে সামাজিক মাধ্যমত প্ৰৱঞ্চনাৰ জাল পাতি বহি আছে দুষ্কৃতিকাৰী ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বহুতেই কম বিনিয়োগৰ বিনিময়ত অধিক লাভৱান হোৱাৰ আশাত ভৰি দিয়ে সেই জালত ৷ শ্বেয়াৰ বজাৰৰ সঠিক জ্ঞান লাভ নকৰাকৈ এনে জালত ভৰি দি সৰ্বস্বান্ত হৈছে বহুলোক ৷
লগতে পঢ়ক: জি এছ টিৰ নামত জালিয়াতিৰে লুণ্ঠন কোটি টকা
এই সন্দৰ্ভত শেহতীয়াকৈ তৎপৰ হৈছে আৰক্ষী ৷ ইতিমধ্যে অসম আৰক্ষীৰ অফিচিয়েল পেজত পোষ্ট কৰিছে কিছু সতৰ্কবাণী ৷ অসম আৰক্ষীৰ পেজত লিখা হৈছে, "হোৱাটছ এপ আৰু টেলিগ্ৰামত সক্ৰিয় হৈ থকা ষ্টক ট্ৰেডিং কেলেংকাৰীৰ পৰা সাৱধান ! যিকোনো সন্দেহজনক কাৰ্যকলাপ দেখিলে তৎক্ষণাৎ www.cybercrime.gov.in ত জনাওক" ৷ এই কেপশ্যনেৰে অসম আৰক্ষীয়ে সাধাৰণ জনতাৰ বাবে কিছু সতৰ্কবাণী লিখিছে ৷
প্ৰৱঞ্চকে কিদৰে প্ৰলোভিত কৰিব আপোনাক ?
- স্কেমাৰে আপোনাৰ বিশ্বাসী কোম্পানী এটাক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰি যোগাযোগ কৰিব আপোনাক ৷
- আপোনাক একাউণ্ট এটা খুলিবলৈ আৰু প্ৰাৰম্ভিক ধন জমা কৰিবলৈ ক’ব ৷
- প্ৰৱঞ্চকে ভুৱা মুনাফা দেখুৱাই আৰু অলপ টকা আদায় দি আপোনাৰ বিশ্বাস অৰ্জন কৰিবলৈ চেষ্টা কৰিব ৷
- আপোনাক আনকি ১ কোটি টকাৰ অধিক পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈও প্ৰলোভিত কৰিব ।
- প্ৰৱঞ্চকে কাৰিকৰী সমস্যা বা ছিকিউৰিটি ডিপ'জিত দাবী কৰি অতিৰিক্ত ধন বিচাৰে ।
- যেতিয়া আপুনি টকা উলিয়াবলৈ চেষ্টা কৰে, তেতিয়া আপুনি গম পাব যে এয়া এক কেলেংকাৰী ।
লগতে পঢ়ক: আন্তৰ্জাতিক চক্ৰৰ কৱলত পৰি চাইবাৰ অপৰাধত জড়িত হৈছে ভাৰতীয়
এনে ষ্টক ট্ৰেডিং কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ কি কৰিব আপুনি ?
- কোম্পানীৰ সৈতে থকা সকলো উৎসৰ পোনপটীয়াকৈ পৰীক্ষা কৰক ।
- ব্যক্তিগত তথ্য প্ৰদান কৰা বা ধন জমা কৰা পৰিহাৰ কৰিব ৷
- যিকোনো সন্দেহজনক কার্যকলাপ দেখিলে তৎক্ষণাৎ www.cybercrime.gov.in জনাওক ।
লগতে পঢ়ক : টিণ্ডাৰ, বাম্বলৰ দৰে অনলাইন ডেটিং এপে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ব্যক্তিগত তথ্য...