ETV Bharat / state

তালাচীৰ সময়তে কিয় কৰা নাছিল শ্লীলতা হানিৰ অভিযোগ ? ক’লে নলবাৰীৰ অভিযোগকাৰীয়ে - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 5:50 PM IST

Updated : Sep 16, 2024, 7:47 PM IST

Modesty loss allegation by examinees in Nalbari : নলবাৰীৰ পৰীক্ষা কেন্দ্ৰত মহিলাৰ শ্লীনতা হানি কৰা তালাচীৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে ৷ তাৰ পিচতে তৎপৰ হ’ল অসম আৰক্ষী ৷ সোমবাৰে নলবাৰীত তদন্তৰ বাবে উপস্থিত হ’ল ডি আই জি ইন্দ্ৰানী বৰুৱা ৷

Modesty loss allegation by examinees in Nalbari :
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ অভিযোগ (ETV Bharat)

নলবাৰী, ১৬ ছেপ্টেম্বৰ : দেওবাৰে হৈ যোৱা ADREত তালাচীৰ নামত মহিলা পৰীক্ষাৰ্থীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগে বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত ৷ গোপনীয়তা ভংগ কৰি, নাৰীৰ সন্মানত আঘাত হানি তালাচী চলোৱা বুলি নলবাৰীৰ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যমযোগে অভিযোগ উত্থাপন কৰাৰ পিচতে তৎপৰ হৈ পৰিল অসম আৰক্ষী ৷

নলবাৰীৰ পৰীক্ষা কেন্দ্ৰত তালাচীৰ নামত শ্লীলতা হানি অভিযোগৰ তদন্ত আৰম্ভ (ETV Bharat Assam)

উক্ত অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে দেওবাৰে নিশাই তদন্তৰ নিৰ্দেশ দিয়াৰ পিচত সোমবাৰে নলবাৰীত উপস্থিত হয় অসম আৰক্ষীৰ মধ্য আৰু পশ্চিম ৰেঞ্জৰ ডি আই জি ইন্দ্ৰানী বৰুৱা ৷ নলবাৰীৰ আৰক্ষী চাউনি অতিথিশালাত উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীয়ে সাক্ষ্য গ্ৰহণ কৰে অভিযোগ উত্থাপন কৰা পৰীক্ষাৰ্থীগৰাকীৰ ৷

উল্লেখ্য যে নলবাৰীৰ যুৱতী পৰীক্ষাৰ্থীগৰাকীয়ে ফেচবুকযোগে অভিযোগ উত্থাপন কৰিছিল যে তালাচীৰ নামত অন্তৰ্বাসপৰ্যন্ত খুলিছিল আৰক্ষীয়ে ৷ তদুপৰি শৰীৰৰ ভিন্ন অংগ স্পৰ্শ কৰি তালাচী চলোৱাৰ অভিযোগো উত্থাপন কৰিছিল যুৱতী পৰীক্ষাৰ্থীগৰাকীয়ে ৷ তাৰ পিচতে আৰক্ষী সঞ্চালক জি পি সিঙে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে তদন্তৰ নিৰ্দেশ দিয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিছত দেওবাৰে নলবাৰীত ডি আই জিগৰাকী উপস্থিত হয় আৰু সোধা-পোছা কৰে অভিযোগকাৰী পৰীক্ষাৰ্থীগৰাকীৰ লগতে অভিযুক্ত মহিলা আৰক্ষী কনিষ্টবলক ৷

তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰাৰ বাবে অভিযোগকাৰী পৰীক্ষাৰ্থীগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ধন্যবাদ জনায় ৷ তেওঁ কয়, ‘‘এই সন্দৰ্ভত মই মাত দিলোঁ, তাৰ পিচতে সকলোৱে মাতিছে ৷ মহিলাৰ বাবে নতুনকৈ এছ অ’ পি এখন আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ৷ আমাৰ বাবে সেয়াই যথেষ্ট ৷ পুনৰ যাতে এনেকুৱা নহয়, আকৌ পৰীক্ষা আহি আছে ৷ তালাচীৰ প্ৰক্ৰিয়াটোক লৈ মোৰ অভিযোগ আছিল ৷ অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস আছে ৷’’

এই সন্দৰ্ভত ডি আই জি ইন্দ্ৰানী বৰুৱাই কয়, ‘‘সেই নিৰ্দিষ্ট কেন্দ্ৰটোত দুগৰাকীৰ বাদে বাকী সকলো মহিলা পৰীক্ষাৰ্থী আছিল ৷ সম্পূৰ্ণ বন্ধ কোঠাৰ ভিতৰত তালাচী চলোৱা হৈছিল ৷ যিসকলে তালাচী কৰিছিল, তেওঁলোকক সোধা-পোছা কৰিলোঁ ৷ যাৰ বিৰুদ্ধে অভিযোগ আহিছে, তেওঁ 19-20 বছৰে চাকৰি কৰি আছে ৷ তেওঁৰ বাবে এইটোৱেই প্ৰথম পৰীক্ষা নহয় ৷ অভিযোগটো আমি গুৰুত্ব সহকাৰে লৈছোঁ ৷’’

লগতে পঢ়ক : ADRE ৰ পৰীক্ষাত মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত প্ৰস্তুত হ’ব SOP; মুখ্যমন্ত্ৰীৰ ঘোষণা

পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ নাথাকিল মা, দুই ভাতৃ-ভগ্নীৰ জীয়া কাহিনীয়ে কন্দুৱাব আপোনাকো

Last Updated : Sep 16, 2024, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.