ETV Bharat / state

ট্ৰেডিং প্ৰৱঞ্চনাত জড়িত ৩৬ জনক গ্ৰেপ্তাৰ : চক্ৰ উৎখাতৰ বাবে তৎপৰ অসম আৰক্ষী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 5:53 PM IST

Himanta Biswa Sarma in Lakhimpur : ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ লগত জড়িত ৩৬ গৰাকী লোকক ইতিমধ্য গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৷ গোটেই চক্ৰ উৎখাতৰ বাবে তৎপৰ হৈছে আৰক্ষী ৷ এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ৷ লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত উপস্থিত থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উত্তৰ লখিমপুৰৰ পাঁচটা অভিলাষী প্ৰকল্পৰ উদ্বোধন কৰে ।

Himanta Biswa Sarma in Lakhimpur
লখিমপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

লখিমপুৰ, ৪ ছেপ্টেম্বৰ : বুধবাৰে প্ৰথমবাৰৰ বাবে লখিমপুৰত অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক ৷ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ পাঁচটা অভিলাষী প্ৰকল্পৰ উদ্বোধন আৰু পৰিদৰ্শন কৰে ।

মঙলবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো কটাই পুৱা নগৰৰ সমীপৰ চুকুলভৰিয়াৰ সন্মিলন কেন্দ্ৰত গছপুলি ৰোপণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে । গছপুলি ৰোপণৰ পিছতে তেওঁ নগৰৰ সমীপৰ জাপিসজীয়াৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপত ৫.৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূর্ণ কৰা জাবৰ নিষ্কাশন কেন্দ্ৰটো উদ্বোধন কৰে । উক্ত স্থানত এখন নগৰীয়া বননি স্থাপন কৰাৰো আঁচনি লোৱা হৈছে । উল্লেখ্য যে এনেধৰণৰ প্ৰকল্প এইটোৱেই ৰাজ্যৰ ভিতৰত প্ৰথম । উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, বিধায়ক মানৱ ডেকা আদিয়ে ।

ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চাবতিৰ সমীপত নিৰ্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান, চাবতিৰ নিৰ্মীয়মান ষ্টেডিয়াম, ঘূনাসুঁতিৰ দলং আদিৰ নিৰ্মাণকাৰ্যৰ বুজ লয় । নকাৰীত নিৰ্মাণ কৰিবলৈ লোৱা ৬২.৫ কোটি টকা ব্যয় সাপেক্ষৰ উৰণসেতুখনৰ কামকাজো তেওঁ পৰিদৰ্শন কৰে ।

নকাৰীত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘লখিমপুৰৰ নিৰ্মীয়মান আই এছ বি টিৰ নিৰ্মাণকাৰ্য যাতে অহা বছৰত শেষ হয় তাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে । আনহাতে নিৰ্মীয়মান ষ্টেডিয়ামখনৰ প্ৰথম দুটা প্ৰকল্প অহা বছৰৰ আগষ্টৰ ভিতৰত শেষ কৰা হ’ব । বানৰ বাবে ঘূনাসুঁতিৰ দলংখনৰ নিৰ্মাণকাৰ্যত স্থবিৰতা আহিছিল যদিও এতিয়া ঠিকাদাৰে পূৰ্ণগতিত কাম-কাজ আৰম্ভ কৰিছে ।’’

বৰ্তমান ফাউণ্ডেশ্যনৰ কামত অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘দলংখনৰ ফাউণ্ডেশ্যনৰ কাম জোৰদাৰ কৰি তোলা হৈছে, যাতে অহা বছৰত বানপানী হ’লেও দলংখনৰ নিৰ্মাণ চলি থাকে । নকাৰীৰ উৰণসেতুখনৰ সামান্য কিছু সমস্যা আছে আৰু এই সমস্যা এমাহ মানৰ ভিতৰতে দূৰ হ’ব ৷ ২০২৫ চনৰ শেষৰফালে উৰণসেতুখনৰ নিৰ্মাণ সম্পুর্ণ হ’ব বুলি আশা কৰিছো ৷’’

ট্ৰেডিং সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এপত পইচা দি দুই তিনিগুণ কৰাৰ কোনো চমু ৰাস্তা নাই । যিসকলে কৰে, তেওঁলোকে সহজ-সৰল লোকক ঠগ, প্ৰৱঞ্চনা কৰে । ভাৰতৰ আইন মতে এনেদৰে ট্ৰেডিঙৰ নামত ৰাইজৰ ধন সংগ্ৰহ কৰাৰ কোনো আইন নাই ৷ এনে ঘটনাত ইতিমধ্যে ৩৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ গোটেই চক্ৰটোক উৎখাত কৰা হ’ব ৷ বহুতৰ টকা ইতিমধ্যে এনে ঘটনাত হেৰাইছে ।’’

জনজাতিকৰণৰ প্ৰসংগত চৰকাৰৰ স্থিতি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘জনজাতিকৰণত আমাৰ সমৰ্থন আছে । আমাৰ কোনো বিৰোধ নাই ।’’ আন্তঃৰাজ্যিক সীমা সমস্যাৰ প্ৰসংগত তেওঁ কয় যে লখিমপুৰ-ধেমাজিৰ তিনিটা স্থানত এনে সমস্যা আছে । এই সম্পৰ্কত আলোচনা চলি আছে ৷

লগতে পঢ়ক : লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ

৯ ঘণ্টা দীক্ষুৰ ঘৰত আত্মগোপন চুমী-তাৰ্কিকৰ : নাম সাঙোৰ খাইছে ইগৰাকীৰ পিছত সিগৰাকী শিল্পীৰ

দেৰগাঁৱত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ: কেইবা কোটি আত্মসাতৰ অভিযোগ ভুক্তভোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.