ETV Bharat / state

সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত, ৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi nationals apprehended

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

India Bangladesh border : অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তে ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী । অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ৩ বাংলাদেশীক আটক কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালে আৰক্ষীয়ে ।

Bangladeshi detained
ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী (ETV Bharat Assam)

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: ভাৰত চৰকাৰৰ কঠোৰ স্থিতিৰ পিচতো চুবুৰীয়া দেশ বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ ঘটিয়েই আছে । শেহতীয়াভাৱে ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত অবৈধ বাংলাদেশীৰ প্ৰৱেশৰ সংখ্য়া বৃদ্ধি পাইছে । কেন্দ্ৰীয় চৰকাৰৰ অনুপ্ৰৱেশকাৰীক সকীয়নি দিয়াৰ পিছতো একাংশ দালালৰ সহযোগত ভাৰতত বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰিয়েই আছে । বিগত কেইবাদিনত সীমান্তত আটক হৈছে কেইবাজনো অনুপ্ৰৱেশকাৰী ।

বাংলাদেশৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰা ৩ জন অনুপ্ৰৱেশকাৰীক অসম আৰক্ষী আটক কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে 'এক্স'ৰ জৰিয়তে এই কথা সদৰী কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে 'এক্স'ত কয়," ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি অসম আৰক্ষীৰ দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে ৷ মাছুম খান, ইকবাল হুছেইন আৰু মুজানুৰ ৰহমান নামৰ বাংলাদেশী নাগৰিককেইজনক পাছত বাংলাদেশলৈ ওভতাই পঠিওৱা হয় ।"

৫৪ জন অনুপ্ৰৱেশকাৰীক কৰায়ত্ত

মন কৰিবলগীয়া যে ৰাজ্যৰ ৰাজনৈতিক (খ) বিভাগে জাৰি কৰা শেহতীয়া নিৰ্দেশনাত উল্লেখ হৈছে যে যোৱা জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত ৫৪ জন অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে । ইয়াৰে ৪৫ জনক সীমা পাৰ কৰি তেওঁলোকৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু ৯ জনক কৰিমগঞ্জত গ্রেপ্তাৰ কৰা হৈছে । ইয়াৰ লগতে ৰাজ্যখনত বিশেষকৈ উজনি অসম আৰু উত্তৰ অসমৰ জিলাকেইখনত সন্দেহজনক বিদেশীৰ উপস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক:সীমান্ত পাৰ হৈ কেনেদৰে ভাৰতত অনুপ্ৰৱেশ কৰে বাংলাদেশীয়ে ? - Infiltration to India

ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সীমান্ত শাখাক অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ আৰু বিতাড়নৰ বাবে সকলো প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক:সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত বাংলাদেশীৰ, শুকুৰবাৰেও জালত পৰিল দুগৰাকী - Bangladeshi intruders

জানুৱাৰীৰ পৰা সীমান্তত ৫৪ অবৈধ অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi detained

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.