ETV Bharat / state

অসম-মিজোৰাম সীমা সমস্যাৰ সমাধান বিচাৰি আইজলত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক - ASSAM MIZORAM BODER CONFLICT - ASSAM MIZORAM BODER CONFLICT

Assam Mizoram border issues : সীমা সমস্যাৰ সমাধান বিচাৰি অসম-মিজোৰামৰ মাজত অচিৰেই আৰম্ভ হ’ব যুটীয়া সাংস্কৃতিক আৰু ক্ৰীড়া উৎসৱৰ ৷ অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দলে মিজোৰামৰ ৰাজধানী আইজলত মিজোৰামৰ গৃহমন্ত্ৰী আৰু ভূমি, ৰাজহ মন্ত্ৰী বি লালচনজোভাক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ৷

ASSAM MIZORAM BODER DISPUTE
সীমা সমস্যাৰ সমাধানৰ বাবে অসম-মিজোৰাম চৰকাৰৰ আলোচনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:43 PM IST

গুৱাহাটী, 9 আগষ্ট : অসম-মিজোৰামৰ মাজৰ সীমা সমস্যাৰ সমাধান বিচাৰি দুই ৰাজ্যৰ মাজত অচিৰেই আৰম্ভ হ’ব যুটীয়া সাংস্কৃতিক আৰু ক্ৰীড়া উৎসৱৰ ৷ সীমা বিবাদৰ সমাধান বিচাৰি বিষয়া-আমোলাসহ আইজল পালেগৈ অসমৰ মন্ত্ৰী অতুল বৰা ৷ আইজলত মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ল মন্ত্ৰীগৰাকী ৷ যুটীয়া সাংস্কৃতিক আৰু ক্ৰীড়া উৎসৱৰ আয়োজনৰ সিদ্ধান্তৰ উপৰিও দুয়ো ৰাজ্যই যৌথভাৱে আজি গ্ৰহণ কৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সীমা সমস্যাৰ সমাধান বিচাৰি আইজলত মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)

শুকুৰবাৰে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দলে মিজোৰামৰ ৰাজধানী আইজলত মিজোৰামৰ গৃহমন্ত্ৰী কে সপদাংগা আৰু ভূমি, ৰাজহ মন্ত্ৰী বি লালচনজোভাক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত দীৰ্ঘদিনীয়া অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ সমস্যা সৌহাদ্যপূৰ্ণভাৱে সমাধান কৰাৰ দিশে এখোজ আগবঢ়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয় ৷ দুয়োখন ৰাজ্যৰ মাজত সীমান্ত বিবাদৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধান বিচাৰি উলিওৱাৰ দিশত এই বৈঠকে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে ৷ আইজলত অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ মিজোৰামৰ গৃহমন্ত্ৰী পু কে সাপদাংগা আৰু ভূমি, ৰাজহ মন্ত্ৰী পু বি লালচজোভাৰ সৈতে হোৱা বৈঠকৰ অন্তত দুয়ো ৰাজ্যৰ এক যৌথ বিবৃতিতো স্বাক্ষৰ কৰা হয় ৷

কি সিদ্ধান্ত লোৱা হ’ল এই যৌথ বৈঠকত?

বৈঠকৰ পিছত দুয়ো ৰাজ্যৰ দ্বাৰা স্বাক্ষৰিত যৌথ বিবৃতিটোত সদৰী কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা-

1) দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদক্ষেপক আগুৱাই নিব: বৈঠকত আজি এই কথা পুনৰ নিশ্চিত কৰা হৈছে যে অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজত সীমান্ত বিবাদৰ সমাধানৰ বাবে 9 ফেব্ৰুৱাৰী, 2024 তাৰিখৰ বৈঠকত লোৱা দৃঢ় প্ৰতিশ্ৰুতি আৰু পদক্ষেপক দৃঢ়তাৰে আগুৱাই নিয়া হ’ব ৷ বুজাবুজি আৰু সদিচ্ছাৰ পৰিৱেশত আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ সদিচ্ছা আজি মিজোৰামৰ আইজলত অনুষ্ঠিত মিজোৰাম চৰকাৰ আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা ‘সদিচ্ছা অভিযানে’ আগুৱাই লৈ যাব ৷

2) যুটীয়া সাংস্কৃতিক আৰু ক্ৰীড়া উৎসৱ: দুয়োখন ৰাজ্যই শান্তি আৰু সম্প্ৰীতিৰ প্ৰসাৰ আৰু বজাই ৰখাৰ লগতে আন্তঃৰাজ্যিক সীমান্তত যিকোনো অনাকাংক্ষিত কাণ্ড ৰোধ কৰিবলৈ দুয়ো ৰাজ্যই একমত প্ৰকাশ কৰে ৷ মিজোৰাম আৰু অসমৰ আন্তঃৰাজ্যিক সীমান্ত জিলাৰ সংশ্লিষ্ট প্ৰশাসনিক কৰ্তৃপক্ষই সঘনাই যুটীয়া সাংস্কৃতিক আৰু ক্ৰীড়া উৎসৱৰ আয়োজন কৰিব ৷ 2025ৰ 31 জানুৱাৰীৰ পূৰ্বে যাতে এই কাৰ্যসূচী আৰম্ভ হয় তাৰো পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম আৰু মিজোৰাম চৰকাৰৰ বিবদিত সীমা সমস্যাৰ সমাধানৰ যৌথ বৈঠকখনত ৷

3) পৰৱৰ্তী মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব গুৱাহাটীত: দুয়োখন ৰাজ্যই পূৰ্বে অনুষ্ঠিত হোৱা সকলো বৈঠকৰ যৌথ বিবৃতিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি বিবাদিত সীমান্ত সমস্যাসমূহৰ ওপৰত সৌহাদ্যপূৰ্ণ সমাধানত উপনীত হয় ৷ বৈঠকত সিদ্ধান্ত লোৱা হয় যে বিষয়টো আৰু অন্যান্য সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত ল’বলগীয়া সকলো বাকী থকা আলোচনা আৰু সিদ্ধান্ত দুয়োখন ৰাজ্য চৰকাৰৰ বিষয়াই গ্ৰহণ কৰিব ৷ ইয়াৰ পিছত দুয়োজন বিষয়াই সিদ্ধান্ত লোৱা স্থানত অনুষ্ঠিত হ’ব ধাৰাবাহিক বৈঠক ৷ ইয়াৰ উপৰিও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে 2025 চনৰ 31 মাৰ্চৰ পূৰ্বে পৰৱৰ্তী মন্ত্ৰী পৰ্যায়ৰ বৈঠক অসমৰ গুৱাহাটীত অনুষ্ঠিত হ’ব ৷

4) বহিঃৰাষ্ট্ৰৰ পৰা চোৰাং চুপাৰি সৰবৰাহ ৰোধ : দুয়োপক্ষই অন্য দেশৰ পৰা চোৰাং চুপাৰি সৰবৰাহৰ বিৰুদ্ধে স্থায়ীকৈ শূন্য সহনশীলতা নীতি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ সহমত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : অসমৰ ভূমিত অৰুণাচলীৰ গছপুলি ৰোপনক লৈ উত্তপ্ত ধেমাজি - Assam Arunachal border disputes

5) উপ-আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিয়মীয়া বৈঠক : লগতে, আন্তঃৰাজ্যিক সীমান্তত শান্তি আৰু সম্প্ৰীতি বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যৰ উপ-আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিয়মীয়া বৈঠক অব্যাহত থাকিব বুলি দুয়োগৰাকী মন্ত্ৰীৰ বৈঠকত সিদ্ধান্ত লোৱা হয় ৷ এনে সভাবোৰ কাৰ্যতঃ প্ৰতিমাহে আৰু প্ৰতি ছমাহৰ মূৰে মূৰে ব্যক্তিগতভাৱে অনুষ্ঠিত হ’ব পাৰে ৷

6) আইন হাতত নোলোৱাকৈ উপযুক্ত কৰ্তৃপক্ষৰ ওচৰলৈ : দুয়োখন ৰাজ্যই যৌথভাৱে একমত প্ৰকাশ কৰে যে অসম-মিজোৰামৰ সীমা বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ৰাজ্যসমূহৰ দুয়োপক্ষত বাস কৰা জনসাধাৰণৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ সাধাৰণ জনতা আৰু সকলো অংশীদাৰে সীমাৰ বিষয়ত যিকোনো মতানৈক্য থাকিলে আইন নিজৰ হাতত নোলোৱাকৈ উপযুক্ত কৰ্তৃপক্ষৰ ওচৰলৈ লৈ যোৱাৰ বাবে দুয়োখন ৰাজ্যই পোষকতা কৰে ৷

লগতে পঢ়ক : অসম-অৰুণাচলৰ সীমা বিবাদ : কাৰ্যকৰী হোৱা নাই দিল্লীত হোৱা চুক্তিৰ কোনো দফা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.