ETV Bharat / state

জলসিঞ্চন বিভাগৰ বিকল আঁচনিৰ পুনৰুজ্জীৱিতকৰণৰ নিৰ্দেশ মন্ত্রী অশোক সিংহলৰ - Irrigation Scheme - IRRIGATION SCHEME

Review meeting over Irrigation Scheme : দিছপুৰত জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ । অতিৰিক্ত মুখ্য অভিযন্তাসকলক নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণ কৰি সংশ্লিষ্ট জিলাসমূহত চলি থকা জলসিঞ্চন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰা, বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিত কৰা তথা নতুন আঁচনিৰ পৰিকল্পনা যুগুত কৰিবৰ বাবে নিৰ্দেশ । প্ৰতিখন জিলাৰ বিস্তৃত জলসিঞ্চন পৰিকল্পনা প্ৰস্তুত আৰু তাৰ যথাযথ ৰূপায়ণত গুৰুত্ব ।

review meeting over Irrigation Scheme
মন্ত্রী অশোক সিংহলৰ সভা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 7:05 AM IST

গুৱাহাটী, 16 জুন : জলসিঞ্চন বিভাগৰ বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন আঁচনিৰ পৰিকল্পনা যুগুত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াক নিৰ্দেশ বিভাগীয় মন্ত্রী অশোক সিংহলৰ । শনিবাৰে মন্ত্ৰী অশোক সিংহলে জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে ।

review meeting over Irrigation Scheme
মন্ত্রী অশোক সিংহলৰ সভা (ETV Bharat)

লোকসভা নিৰ্বাচনৰ পাচৰ প্ৰথমখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ শেহতীয়া স্থিতিৰ বুজ লয় । বিশেষকৈ ‘প্ৰতিডৰা খেতিতে পানী-প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোঁজনা’, ‘ত্বৰান্বিত জলসিঞ্চন লাভালাভ আঁচনি - ভূতল ক্ষুদ্ৰ জলসিঞ্চন’, ‘গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি’ (ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক) আদি আঁচনিৰ ৰূপায়ণৰ মন্ত্রগৰাকীয়ে খৰচি মাৰি পৰ্যালোচনা কৰে ।

review meeting over Irrigation Scheme
বিকল আঁচনিৰ পুনৰুজ্জীৱিতকৰণৰ নিৰ্দেশ (ETV Bharat)

বৈঠকত মন্ত্রীগৰাকীয়ে বিভাগটোৰ বিভিন্ন শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তাসকলক নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণ কৰি সংশ্লিষ্ট জিলাসমূহত চলি থকা জলসিঞ্চন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰা, বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিত কৰা তথা নতুন আঁচনিৰ পৰিকল্পনা যুগুত কৰিবৰ বাবে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : পৱন সিং ঘাটোৱাৰৰ দৰে শক্তিশালী নেতা এজনক কংগ্ৰেছে অপমান কৰিলে : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰ বিস্তৃত জলসিঞ্চন পৰিকল্পনা প্ৰস্তুত আৰু তাৰ যথাযথ ৰূপায়ণ, জলসম্পদ বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি বছৰৰ সকলো ঋতুতে ৰাজ্যৰ নদীসমূহৰ পানীৰ উপলব্ধতাৰ সঠিক তথ্য সংগ্ৰহ, কৃষি বিভাগৰ সৈতে সমন্বয় ৰক্ষাৰে কৃষকৰ চাহিদা থকা এলেকাত অগ্ৰাধিকাৰভিত্তিত আঁচনি গ্ৰহণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে ।

review meeting over Irrigation Scheme
জলসিঞ্চন বিভাগৰ বিকল আঁচনিৰ পুনৰুজ্জীৱিতকৰণৰ নিৰ্দেশ মন্ত্রী অশোক সিংহলৰ (ETV Bharat)

মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিভাগটোৰ ডিজিটেলাইজেচনৰ দিশত চলি থকা বিভিন্ন কাম-কাজৰো বুজ লয় । বিভাগটোৰ অভিযন্তাসকলৰ দক্ষতা বিকাশৰ ওপৰতো বৈঠকত আলোকপাত হয় । বিভাগটোৱে নতুনকৈ সম্পূৰ্ণ কৰি তোলা তথা শেহতীয়াভাৱে পুনৰ কাৰ্যক্ষম কৰি তোলা আঁচনিসমূহ কৃষক গোটৰ হাতত তুলি দিয়াৰ লগতে আঁচনিসমূহৰ উপযুক্ত তদাৰকীৰ স্বাৰ্থত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ সহযোগত কৃষকক সজাগ কৰাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিবলৈ তেওঁ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলক নিৰ্দেশ দিয়ে ।

review meeting over Irrigation Scheme
বিস্তৃত জলসিঞ্চন পৰিকল্পনা (ETV Bharat)

বৈঠকত জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব বীৰেন্দ্ৰ মিট্টাল আৰু সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে মুখ্য অভিযন্তাকে ধৰি বিভাগটোৰ আটাইকেইগৰাকী অতিৰিক্ত মুখ্য অভিযন্তা উপস্থিত আছিল ।

লগতে পঢ়ক : অসমৰ ৰাইজে এন ডি এ চৰকাৰৰ কাম-কাজক স্বীকাৰ কৰিছে: সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.