ETV Bharat / state

ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম: পঞ্জীয়নভুক্ত ২৮ লক্ষাধিক কৰ্মহীনৰ ৭৭৫ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী - unemployment problem in Assam - UNEMPLOYMENT PROBLEM IN ASSAM

Unemployment rate in Assam: উদ্বেগজনকভাৱে অসমত বৃদ্ধি পাইছে নিবনুৱা সমস্যা ৷ কেৱল পঞ্জীয়নভুক্ত নিবনুৱাৰ পৰিসংখ্যাই দাঙি ধৰিছে ভয়াৱহ ছবি ৷ পঞ্জীয়নভুক্ত পি এইচ ডি নিবনুৱাই আছে ৭৭৫ গৰাকী ৷

Unemployment rate in Assam
ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱা সমস্যা (Getty images)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 4:13 PM IST

গুৱাহাটী, ১৪ জুন : নিবনুৱা সমস্যা সমাধান বিজেপিৰ অন্যতম এটা প্ৰধান প্ৰতিশ্ৰুতি আছিল । শাসনলৈ অহাৰ পূৰ্বে ২০১৬ চনত নিৰ্বাচনৰ সময়ত অসমৰ ভয়াৱহ নিবনুৱা সমস্যাক এটা ইচ্ছ্যু হিচাপে লৈছিল বিজেপিয়ে । কিন্তু শাসনলৈ অহাৰ পিচত এই ইচ্ছ্যুটো তল পৰিল আৰু প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ'ল । কাৰণ প্ৰত্যেক বছৰে নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । আনহাতে তিনিটা বছৰ সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক লাখ চাকৰি দিয়াৰ কথা কৈ আহিছে যদিও নিবনুৱাৰ সংখ্যাৰ গ্ৰাফডাল ক্ৰমাৎ ঊৰ্দ্ধগামী হৈছে ।

ৰাজ্যৰ নিবনুৱা সমস্যা :

ভয়াৱহ নিবনুৱা সমস্যাই ছানি ধৰিছে অসমক । আজিৰ তাৰিখত ৰাজ্যৰ ২৯,৩৩,৭৩৮ গৰাকী নিবনুৱাই নিজৰ নাম পঞ্জীয়ন কৰিছে । ইয়াৰ ভিতৰত ৬০,৭১৫ খন আবেদন নাকচ কৰা হৈছে আৰু ৩,৮১৬ খন আবেদন বিচাৰহীন হৈ আছে । সেই হিচাপত আজিৰ তাৰিখত অসমত পঞ্জীয়নভুক্ত মুঠ নিবনুৱাৰ সংখ্যা হৈছে ২৮,৬৯,২০৭ গৰাকী ।

লক্ষ্যণীয় বিষয় যে বিগত পাঁচ মাহত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই প্ৰায় আঠ লাখৰ ঘৰ স্পৰ্শ কৰিলে । ৰাজ্যৰ নিয়োগ বিনিময় প'ৰ্টেলৰ তথ্য অনুসৰি ২০২৩ চনৰ ৩ ডিচেম্বৰ পৰ্যন্ত অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ ৩ হেজাৰ ২৫ গৰাকী । ইয়াৰে গুৱাহাটীৰ আছিল ১,৯৭,৭৮৩ গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা । কিন্তু বিগত ছয় মাহত গুৱাহাটীত এই সংখ্যা আঢ়ৈ লাখৰো অধিক হ'ল ।

লগতে পঢ়ক: ৰাজহ লাগে: পৰীক্ষাৰ্থীৰ মূৰত কৰৰ বোজা জাপি ৰাজকোষ টনকিয়াল কৰাৰ ফন্দি চৰকাৰৰ

কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে দ্ৰুত হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে । বিভাগীয় তথ্য অনুসৰি ৰাজ্যত মুঠ নিবনুৱা সংখ্যাৰ ৫৭.৮ শতাংশ পুৰুষ, ৪২.২ শতাংশ মহিলা নিবনুৱা । ৰাজ্যত আজি পর্যন্ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে ২৮,৬৯,২০৭ গৰাকী ।

নিবনুৱাৰ শিক্ষাগত অৰ্হতাৰ পৰিসংখ্যা :

ৰাজ্যখনৰ পঞ্জীয়নভুক্ত মুঠ নিবনুৱাৰ ভিতৰত সৰ্বাধিক ১২,০৮,২৯৭ গৰাকী উচ্চতৰ মাধ্যমিক উত্তীর্ণ । তদুপৰি ৬,৯০,১৮৮ গৰাকী স্নাতক ডিগ্ৰীধাৰী, ৯৯,৯৯৯ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ১৩,৩৯৮ আই টি আই উত্তীৰ্ণ নিবনুৱা আছে । সেইদৰে দশম শ্ৰেণী উত্তীৰ্ণ ৪৬৪৩৪৭ গৰাকী, পিজি ডিপ্লমাধাৰী ২৩৭৫ গৰাকী, পি এইচ ডি ৭৭৫ গৰাকী নিবনুৱা আছে । আনহাতে পঞ্জীয়নভুক্ত অশিক্ষিত নিবনুৱা আছে ৫৫৪ গৰাকী ।

জিলাভিত্তিত তথা নিয়োগ বিনিময় কেন্দ্ৰ অনুসৰি নিবনুৱাৰ সংখ্যা :

বঙাইগাঁও৭৯৬১৪ গৰাকী
হাফলং২১০০৫ গৰাকী
যোৰহাট ১২১৪৮৯ গৰাকী
নগাঁও১১৪৯৭৩ গৰাকী
শিলচৰ ১২৬৪৮০ গৰাকী
বৰপেটা১৭৬১৪৪ গৰাকী
ধেমাজি৬৯৭৫৬ গৰাকী
ধুবুৰী ১১২২৩৬ গৰাকী
ডিব্ৰুগড়৭১০৭০ গৰাকী
ডিফু৩৯৪৬৬ গৰাকী
গোৱালপাৰা৬৭০১০ গৰাকী
গোলাঘাট৯২০১৭ গৰাকী
গুৱাহাটী২৬২৮৬৪ গৰাকী
হাইলাকান্দি৫৫৮৩২ গৰাকী
কৰিমগঞ্জ৪৩৪৬৮ গৰাকী
কোকৰাঝাৰ৭৬৬৩৫ গৰাকী
মঙলদৈ৯১৬৪৫ গৰাকী
মৰিগাঁও৫৪৬৮০ গৰাকী
নলবাৰী১৬৪৫৪৭ গৰাকী
লখিমপুৰ১৩৬১৩৩ গৰাকী
শিৱসাগৰ৯২৯০১ গৰাকী
তেজপুৰ৮৭৮০৯ গৰাকী
তিনিচুকীয়া৩২৯০৮ গৰাকী
ডিগবৈ ২৬৭৮৫ গৰাকী
ডুমডুমা৩২২৫৪ গৰাকী
গৰমপানী ১৬৭৭ গৰাকী
গোসাঁইগাঁও২৪১৩৫ গৰাকী
হাটশিঙিমাৰী১৯৫৫২ গৰাকী
হোজাই৪৯৩৬৩ গৰাকী
নাজিৰা১৪৯৫৫ গৰাকী
ৰামকৃষ্ণ নগৰ১৬৯০৭ গৰাকী
ৰঙিয়া৮০২৭৪ গৰাকী
শদিয়া১০৬৩৪ গৰাকী
ধনশিৰি ১৭০০৬ গৰাকী
বিশ্বনাথ চাৰিআলি৬৮৯০৭ গৰাকী
বোকাজান১০৯২২ গৰাকী
দুলিয়াজান৩৭৬১৭ গৰাকী
হামৰেন২৩২০৯ গৰাকী
জাগীৰোড১৯৫২৯ গৰাকী
জোনাই ১৯৯১১ গৰাকী
কলিয়াবৰ২২২০৩ গৰাকী
মাজুলী৩৩৮৮১ গৰাকী
মৰাণহাট২৭১৩৬ গৰাকী
নামৰূপ৩৫০৪৩ গৰাকী
পাথাৰকান্দি১৫৭০৪ গৰাকী
সোণাৰি২৭৭৪৯ গৰাকী
ওদালগুৰি ৭৭৮২৯ গৰাকী

উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিবনুৱা পঞ্জীয়ন ব্যৱস্থা ডিজিটেল মাধ্যমলৈ উন্নীত কৰিছে । অনলাইন পঞ্জীয়ন ব্যৱস্থা হোৱাৰ পিচত নিবনুৱাৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছিল যদিও পঞ্জীয়ন নবীকৰণ হোৱাৰ পিচত ইয়াৰ সংখ্যা অধিক বৃদ্ধিহে পালে ।

ক'ভিডকালত অসমত বহুগুণে বৃদ্ধি পাইছিল নিবনুৱাৰ সংখ্যা :

ক’ভিডৰ সময়ছোৱাত ৰাজ্যত নিবনুৱাৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পাইছিল । কিন্তু বিগত সময়ত ক'ভিডকালৰ সংখ্যা কমিছে যদিও পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । অৰ্থনৈতিক ছাৰ্ভে অসমৰ ২০২৩-২৪ বৰ্ষৰ তথ্য অনুসৰি ২০১৯ চনত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,৪৭,১৯৫ গৰাকী । ২০২০ চনত এই সংখ্যা আছিল ২০,৮০,৭৬৭ গৰাকী ।

লগতে পঢ়ক: নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ

আনহাতে ২০২১ চনত এই সংখ্যা আছিল ২২,০০,১২৫ গৰাকী । কিন্তু ২০২২ চনত প্ৰায় ১০ লাখ বৃদ্ধি হৈ এই সংখ্যা হৈছিল ৩২,৩৪,৭৩৮ গৰাকী । অৱশ্যে ক'ভিডৰ প্ৰভাৱৰ বাবে নিবনুৱাৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছিল । কিন্তু শেহতীয়াকৈ ৰাজ্যখনত পুনৰ ভয়াৱহ হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । চৰকাৰে জনতাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে যদিও ভয়াৱহ হাৰত নিবনুৱা সমস্যা বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ।

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা নিবনুৱাৰ সংখ্যা তথা শিক্ষিত নিবনুৱাৰ ছবিখন অত্যন্ত দুখজনক । তাৰপিচতো ৰাজ্য চৰকাৰৰ সংস্থাপনৰ ক্ষেত্ৰত নাই কোনো বিশেষ ভূমিকা । কেৱল এক লাখ চাকৰি দিয়াৰ কথা কৈয়ে চৰকাৰখনে দায়িত্ব সামৰিছে ।

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত: ছেপ্টেম্বৰত ৩০ হাজাৰ যুৱক-যুৱতীয়ে পাব নিবনুৱা ঋণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.