নিউজ ডেস্ক,৬ জুলাই : প্ৰকৃতিৰ ৰোষত সমগ্ৰ ৰাজ্য । ক'ৰবাত যদি বান, ক'ৰবাত আকৌ খহনীয়া । আন ক'ৰবাত ভূমিস্খলন । ৰাজ্যত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কেইবাখনো জিলা বানৰ কৱলত পৰিছে ।
মৰাণ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে মৰাণৰ খোৱাং কাৱৈমাৰীত বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ দিনটোতে খোৱাং হালধিবাৰীত মাজনিশা বানাক্ৰান্তই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে । অঞ্চলটোৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ বিগত ৫ দিনে কোনো নেতা-মন্ত্ৰী তথা জিলা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাক লৈ ক্ষোভ প্ৰকাশ ৰাইজৰ ।
ৰাইজে অভিযোগ কৰা মতে যোৱা ২ জুলাইতে খোৱাং হালধিবাৰী দীঘলীছিগাত এটা ৰিং বান্ধ ছিগি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল । খোৱাং-হালধিবাৰী সংযোগী বুঢ়ীদিহিং নৈৰ মূল মথাউৰিৰ ওপৰেদি বাগৰিছিল পানী ৷ যাৰ ফলত বানে হালধিবাৰীৰ কেইবাখনো গাঁৱত সংসাৰী ৰূপ ধাৰণ কৰিছে । বৰ্তমান পানী কমিছে যদিও হালধিবাৰী আহোম গাঁৱত বুঢ়ীদিহিঙৰ মূল মথাউৰিৰ বৃহৎ অংশ খহি গৈছে আৰু বৃহৎ সুৰংগৰ সৃষ্টি হৈছে । যাক লৈ শংকিত হৈ আছে অঞ্চলটোৰ ৰাইজ ।
আনকি মথাউৰি ভাগি যোৱাৰ আশংকাত দিনে-নিশাই পহৰা দিবলগীয়াও হৈছে ৰাইজে ৷ এনে পৰিস্থিতিত প্ৰশাসন তথা চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত ৰাইজে নিশা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।
কলগাছিয়া : ইফালে নামনি অসমৰো বিভিন্ন জিলা এতিয়া বানৰ কৱলত পৰিছে । বানৰ সমান্তৰালকৈ বৰপেটা জিলাৰ কলগাছিয়াৰ কাউৰজাহীত বেকী নৈয়ে বিধ্বংসী ৰূপ লৈছে । নৈত ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে । অঞ্চলটোত হোৱা খহনীয়াত ইতিমধ্যে ৪ টাকৈ পৰিয়ালে ঘৰ-মাটি সকলো হেৰুৱাইছে । ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ অগ্ৰসৰ হৈছে ভুক্তভোগী পৰিয়ালসমূহ ।
আনহাতে বেকী নৈৰ খহনীয়াত শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে । একেদৰে বিঘাই বিঘাই খেতিপথাৰো খহনীয়াত জাহ গৈছে । একেদৰে তামোল গছ ভাঙি ব্যাহত কৰিছে বিদ্যুৎ সেৱা । কিন্তু এনে পৰিস্থিতিৰ পিচতো স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৰাইজৰ খবৰ ল'বলৈ আহৰি পোৱা নাই । যাৰ বাবে ভুক্তভোগী লোকসকল জনপ্ৰতিনিধি তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবীও জনাইছে ৰাইজে ।
জোনাই : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আকৌ এটাৰ পিচত আন এটা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ চিয়াং জিলাৰ বাবুক গাঁৱৰ সমীপৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । এনে পৰিস্থিতিত পাচিঘাট-পাংগিং সংযোগী পথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে । পথৰ দুয়োটা দিশতে শ শ বাহন আৰু যাত্ৰী আৱদ্ধ হৈ পৰিছে ।
খবৰ অনুসৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ অঞ্চলটোত ভূমিস্খলন অব্যাহত আছে । পাহাৰৰ পৰা নিৰন্তৰভাৱে মাটি খহি আছে । এনে পৰিস্থিতিত পথটো মুকলি কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে অৰুণাচল প্ৰদেশ প্ৰশাসন ।