ETV Bharat / state

আপুনিও ক্ৰয় কৰিব পাৰিব নিজৰ পছন্দৰ বাহন : অসম চৰকাৰে আনিছে বিশেষ আঁচনি - Apun Bahan Scheme Assam 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:08 PM IST

Updated : May 20, 2024, 7:47 AM IST

Scheme For Purchase Vehicle Assam : দুচকীয়া নাইবা চাৰিচকীয়া বাহন এখন ক্ৰয়ৰ কথা ভাবি আছে নেকি ? অসুবিধা হৈছে নেকি ধনৰ ? নে ঋণ লাভত হৈছে অসুবিধা ৷ চিন্তা নকৰিব, অসম চৰকাৰে আনিছে বিশেষ আঁচনি ৷ পূৰণ হ’ব আপোনাৰ সপোন ৷

APUN BAHAN SCHEME ASSAM 2024
বাহন ক্ৰয়ৰ বাবে অসম চৰকাৰে আনিছে বিশেষ আঁচনি (Getty images)

গুৱাহাটী, ১৯ মে’ : সকলো লোকৰে দুচকীয়া নাইবা চাৰিচকীয়া পছন্দৰ এখন বাহন ক্ৰয়ৰ সপোন থাকে । কিন্তু আৰ্থিক সমস্যাৰ বাবে বহুতৰে সেই সপোন পূৰণ নহয় । বেংকৰ ফাইনেন্সৰ যোগেদি বহুতে নিজৰ সপোনক সাৰ্থকতা প্ৰদান কৰে যদিও সকলোৰে বাবে সেয়া সামৰ্থৰ বাহিৰত । কাৰণ বহুতেই বেংকৰ ঋণ পোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহয় তথা সামৰ্থ নাথাকে ।

তেনেস্থলত সেইসকল লোকৰ পছন্দৰ বাহন এখন ক্ৰয়ৰ সপোনে সাৰ্থকতা লাভ নকৰে । কিন্তু এতিয়া চিন্তা নাই । কাৰণ এই ক্ষেত্ৰত অসম চৰকাৰে আনিছে এক বিশেষ আঁচনি । সাধাৰণ জনতাই যাতে পচন্দৰ বাহন এখন ক্ৰয় কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে আনিছে 'আপোন বাহন আঁচনি-২০২৪' নামৰ এখন বিশেষ আঁচনি । এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি আপুনিও ক্ৰয় কৰিব পাৰিব নিজৰ পছন্দৰ বাহন ।

কি এই আপোন বাহন আঁচনি ?

আপোন বাহন আঁচনি অসম-২০২৪ অসম চৰকাৰে অসমৰ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ । ৰাজ্য চৰকাৰৰ এই আঁচনিখনৰ যোগেদি সহজে ব্যক্তিগত আৰু চৰকাৰী বেংকলৈ গৈ ঋণ ল'ব পাৰিব । আনহাতে এই আঁচনিৰ অধীনত বাহন ক্ৰয়ৰ বাবে ঋণ অতি কম সুতৰ হাৰৰ সৈতে প্ৰদান কৰা হৈছে । এই আঁচনিৰ যোগেদি ১৫ লাখ টকা লৈকে বাহন ক্ৰয়ৰ ক্ষেত্ৰত অতি কম সুতত ঋণ লাভ কৰিব পাৰিব । ঋণৰ ৰাজসাহায্যৰ হাৰ ২-৩ শতাংশ ।

আপোন বাহন আঁচনি অসমৰ বাবে প্ৰয়োজনীয় যোগ্যতা :

আবেদন কৰাৰ পূৰ্বে জানি লওক আঁচনিখনৰ সুবিধাসমূহ । যাতে আপুনি কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে । যদি আপুনি পুৰুষ আৰু যদি আপুনি আপোন বাহন আঁচনি অসমৰ অধীনত আবেদন কৰি ডিজেল আৰু পেট্ৰ'ল বাহন ক্ৰয় কৰে তেন্তে আপুনি সুতৰ ২ শতাংশ ৰাজসাহায্য লাভ কৰিব ।

আনহাতে বৈদ্যুতিক বাহন ক্ৰয় কৰিলে বিচাৰে ৩ শতাংশ ৰাজসাহায্য লাভ কৰিব । সেইদৰে বিশেষভাৱে সক্ষমসকলে বাহন ক্ৰয় কৰিলে লাভ কৰিব ৩ শতাংশ ৰাজসাহায্য । এই আঁচনিৰ অধীনত ১৫ লাখ টকালৈকে ঋণ ল'ব পাৰিব । আনহাতে নিজৰ নেটৱৰ্কৰ পৰা ৪৮ গুণ অধিক ঋণ ল'ব পাৰিব ।

কিদৰে কৰিব আবেদন ?

যদি আপুনি এই আঁচনিৰ অধীনত ঋণ লৈ আপোনাৰ পছন্দৰ বাহন ক্ৰয় কৰিব বিচাৰে তেন্তে আপুনি আঁচনিখনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে জানিব লাগিব । অৱশ্যে এতিয়ালৈকে এই আঁচনি সম্পৰ্কে কোনো অফিচিয়েল ৱেবছাইট মুকলি কৰা হোৱা নাই । অফিচিয়েল ৱেবছাইট মুকলিৰ লগে লগে আপুনি সহজে আবেদন কৰিব পাৰিব আৰু আঁচনিখনৰ যোগেদি ঋণ প্ৰাপ্ত কৰিব পাৰিব ।

লগতে পঢ়ক: এইবাৰ হ’ব সকলোবোৰ ফ্ৰী, কাৰণ আহি আছে আঁচনি...

Last Updated : May 20, 2024, 7:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.