ETV Bharat / state

সলনি হ’ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৰ্হি; বিবেচনা কৰিব মুখ্যমন্ত্ৰীয়ে - ADR Exams 2024

ADR Exam pattern: এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ আৰ্হি সন্দৰ্ভত পুনৰ বিবেচনা কৰিব ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰীয়ে জনালে এই কথা ৷

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 11:38 AM IST

ADR Exams 2024
CM on ADR Exam pattern (Himanta Biswa Sarma X handle)

গুৱাহাটী, ১১ জুলাই: দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এইবাৰ লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিছিল । কিন্তু এতিয়া সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰা হ'ব । যোৱানিশা মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কয় যে পৰীক্ষালৈ মাজত মাত্ৰ দুটা মাহ বাকী থকা সময়ত পৰীক্ষাৰ পদ্ধতি সলনি কৰিলে অসুবিধা হোৱাৰ কথা বহুজনে কৈছিল । যাৰ বাবে বিষয়টো বিবেচনা কৰা হ’ব ।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাইজৰ কথা শুনে আৰু লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে । পৰীক্ষা সন্দৰ্ভত ৰাইজে দিয়া পৰামৰ্শ বিবেচনা কৰি দুই-তিনি দিনত সিদ্ধান্ত জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

পি আৰ চিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ইয়াতকৈ ডাঙৰ চেফগাৰ্ড দি ৰাখিছে । স্থানীয় ভাষা নাজানিলে কোনেও ইয়াত চাকৰি কৰিব নোৱাৰিব । ইয়াত চাকৰি কৰিবলৈ পি আৰ চিও লাগিব আৰু স্থানীয় ভাষাও জানিব লাগিব । প্ৰকৃত স্থায়ী বাসিন্দাই চাকৰি পোৱাটো নিশ্চিত কৰাটো আমাৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: পি আৰ চিতকৈ কি ডাঙৰ সুৰক্ষা কবচ আছে ? ক'লে মুখ্যমন্ত্রীয়ে - Controversial Notice on PRC

আনহাতে শিক্ষাৰ্থীৰ বাবে দুখন সভা অনুষ্ঠিত কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল কৰা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক স্কুটী প্ৰদান আঁচনি দুখনৰ সুবিধা ৩০ নৱেম্বৰৰ আগতে দিয়া হ'ব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বান পৰিস্থিতি দ্ৰুতগতিত উন্নত হৈছে । বানৰ দ্বিতীয় ঢৌৰ পৰা ৰাইজে কিছু সকাহ পাব । কেতিয়াৱা তৃতীয় ঢৌও হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনায় । আশ্ৰয় শিবিৰত থকাসকলক সহায় কৰা হৈছে । গৃহহীনসকলক গৃহৰ ব্যৱস্থা কৰাকে ধৰি আন সকলো ধৰণৰ সাহায্য ১৫ আগষ্টৰ ভিতৰত দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক: PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order

বিনামূলীয়া নামভৰ্তিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে লোকসেৱা ভৱনত ৯৫ হাজাৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ কলেজ সমূহক ৬০ কোটি টকা দিয়া হ’ল । দ্বিতীয় পৰ্যায়ৰ ধন ১০ ছেপ্টেম্বৰত দিয়া হ'ব । বিনামূলীয়া নামভৰ্তিৰ পাচতো একাংশ কলেজে শিক্ষাৰ্থীৰ পৰা ৬০০ নাইবা ১০০০ টকা লৈছে । চৰকাৰে দিয়াৰ পাচত ল'ব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । বিনামূলীয়া মানে বিনামূলীয়া, মুখ্যমন্ত্ৰীয়ে সেই টকা উভতাই দিবৰ বাবে সংশ্লিষ্ট কলেজ কৰ্তৃপক্ষলৈ আহ্বান জনায় । এইক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলিও তেওঁ সকীয়াই দিয়ে ।

মুখ্যমন্ত্ৰীয়ে কেবিনেট সিদ্ধান্তৰ প্ৰসংগত কয় যে ৰাজ্যিক কৰ্মচাৰীৰ বাবে 'আপোন ঘৰ' আঁচনিৰ ঋণৰ পৰিমাণ ১৫ লাখৰ পৰা ৩০ লাখলৈ বৃদ্ধি কৰা হৈছে । সেইদৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীৰ বাবে ভি আৰ এছ পেকেজ ঘোষণা কৰা হৈছে । ‘‘আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনা কথা বাদেই, বৰং বিনামূলীয়া নামভৰ্তিৰ বাবে টকা দিয়ে,’’ এইদৰে শিক্ষাৰ্থীৰ কল্যাণৰ বাবে চৰকাৰে বহু আঁচনি লোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ আন ৰাজ্যত এনে আঁচনি নাই ।

লগতে পঢ়ক: নামভৰ্তিৰ নামত লোৱা ধন ঘূৰাই দিব লাগিব মহাবিদ্যালয়ে : মুখ্যমন্ত্রী - Pragyan Bharati scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.