গুৱাহাটী, ২৪ মার্চ : ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান উন্নত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে অনুদানৰ ধন মোকলাই নিদিয়াত স্কুলে স্কুলে হাহাকাৰ লাগিছে । লোকসভা নিৰ্বাচনৰ বাবে ভোটৰ অংকত বিকাশ যাত্ৰাৰ পৰা আৰম্ভ কৰি অৰুণোদয়, লাখপতি বাইদেউ আদি আঁচনিৰে চমক সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰখনে মোকলাই দিয়া নাই বিদ্যালয়ৰ প্ৰাপ্য ধন । যাৰ ফলত বিদ্যালয়ে বিদ্যালয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
শিক্ষাবর্ষ প্ৰায় শেষেই বুলি ক'ব পাৰি যদিও ৰাজ্যৰ বিদ্যালয়সমূহে এতিয়ালৈকে লাভ নকৰিলে বাৰ্ষিক অনুদানৰ সম্পূৰ্ণ ধন । চৰকাৰ তথা শিক্ষা বিভাগে বাৰ্ষিক অনুদানৰ ৫০ শতাংশ ধনহে বিদ্যালয়সমূহক প্ৰদান কৰিছে । যাৰ ফলত বাকী থকা ৫০ শতাংশ ধন আদায় নোপোৱাত বিদ্যালয়সমূহ চৰম দূৰৱস্থাৰ মাজত সোমাই পৰিছে ।
উল্লেখ্য যে, ৰাজ্যৰ বিদ্যালয়সমূহৰ দৈনন্দিন কাম-কাজ পৰিচালনাৰ বাবে চৰকাৰ তথা শিক্ষা বিভাগে বাৰ্ষিক অনুদান প্ৰদান কৰে । নিয়ম অনুসৰি শিক্ষাবৰ্ষৰ আৰম্ভণিতে এই বাৰ্ষিক অনুদান বিদ্যালয়সমূহক দিব লাগে । কিন্তু লক্ষণীয়ভাৱে ২০২৩-২৪ শিক্ষাবর্ষ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতো বাৰ্ষিক অনুদানৰ ৫০ শতাংশ ধন বিদ্যালয়সমূহে লাভ নকৰিলে ।
এনে প্ৰেক্ষাপটত সম্প্ৰতি বিদ্যালয়ে বিদ্যালয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নাম প্ৰকাশত অনিচ্ছুক একাংশ শিক্ষকে কয় যে চৰকাৰে প্ৰদান কৰা বাৰ্ষিক অনুদানৰ দ্বাৰাই এখন বিদ্যালয়ৰ দৈনন্দিন খা-খৰচ বহন কৰা হয় । বাৰ্ষিক অনুদানৰ ধনেৰে শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ বাবে পঞ্জীয়ন বহী, চক, ডাষ্টাৰ আদি ক্ৰয় কৰিব লাগে ।
তদুপৰি ডেস্ক-বেঞ্চৰ মেৰামতিৰ বাবে, বিজ্ঞানাগাৰৰ ইটো-সিটো প্ৰয়োজনীয় বস্তু ক্ৰয়ৰ বাবে বাৰ্ষিক অনুদানৰ পৰাই ধন খৰচ কৰা হয় । আনকি বিদ্যালয়ৰ বিদ্যুতৰ বিল আদায় দিয়া, শিক্ষাসেতু এপৰ বাবে প্ৰদান কৰাটেবলেটৰ ৰিছাৰ্চ কৰাৰ বাবেও অনুদানৰ ধন ব্যৱহাৰ কৰা হয় । কিন্তু বাকী থকা ৫০ শতাংশ বাৰ্ষিক অনুদানৰ ধন আদায় নিদিয়াত বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈ চৰম অসুবিধাত পৰিছে বিদ্যালয় কর্তৃপক্ষ ।
- " class="align-text-top noRightClick twitterSection" data="">
নিত্য ব্যবহার্য সা-সামগ্ৰী ক্ৰয় কৰিবলৈ এতিয়া বিদ্যালয়ে বিদ্যালয়ে ধনৰ অভাৱ বুলি ক্ষুব্ধ শিক্ষকসকলে ব্যক্ত কৰি শীঘ্ৰে চৰকাৰ তথা শিক্ষা বিভাগক বাকী থকা বাৰ্ষিক অনুদানৰ ধন মোকলাই দিয়াৰ দাবী জনাইছে ।
লগতে পঢ়ক : কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ নৱীকৰণৰ আধাৰশিলা স্থাপন