গুৱাহাটী, ১৬ জুন : বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ কেইবাখনো জিলাত সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি বৰ্তমান উন্নত হৈছে যদিও পুনৰ প্ৰৱল বৃষ্টিপাতে পৰিস্থিতিৰ অবনতি ঘটোৱাৰ আশংকা কৰা হৈছে । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত হোৱা নেৰানেপেৰা বৰষুণে ব্যাহত কৰি তোলিছে স্বাভাৱিক জীৱনযাত্রা ।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগন্তুক চাৰি-পাঁচদিন প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । ধুবুৰী, বঙাইগাঁও, বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।
সেইদৰে বজালী, তামুলপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও আদি জিলাত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । তেনেস্থলত ৰাজ্যৰ বান পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে । ইফালে সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা আয়ুক্তসকলক আগতীয়া যা-যোগাৰৰ ব্যৱস্থা ল'বলৈ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ (এছ ডি আৰ এফ) অধীনত ১০০ কোটি টকা মোকলাই দিছে ।
লগতে পঢ়ক : বাৰিষা নহওঁতেই এজাক বৰষুণতেই বুৰিল বিহপুৰীয়া নগৰ - Bihpuria Flood
উক্ত পুঁজিৰে জিলা আয়ুক্তসকলে দুৰ্গতসকলৰ বাবে আশ্রয় শিবিৰ, পাৰিতোষিক সাহায্য আদিৰ ব্যৱস্থা কৰিব লাগিব । জিলাভেদে একোখন জিলাই দুই-তিনি কোটি টকাকৈ আগ ধন মঞ্জুৰি পাইছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকক সাহায্যৰ বাবে এছ ডি আৰ এফ শিতানত পুঁজিৰ কোনো নাটনি হোৱা নাই ।
বিগত ২০২০-২০২৪ বর্ষ পর্যন্ত এই শিতানত ১,৫০০ কোটি টকা মজুত আছে । আনহাতে চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰৰ পৰা এই শিতানৰ বিপৰীতে ৯০০ কোটি টকা লাভ কৰিব । তাৰে প্রথম কিস্তিৰ ৪৫০ কোটি টকা অহা মাহত কেন্দ্রই মোকলাই দিব বুলি ৰাজ্য চৰকাৰে আশা প্রকাশ কৰিছে ।
লগতে পঢ়ক : কৃত্ৰিম বানত ডুবিল টিহু; চৰকাৰী কাৰ্যালয়ত একাঁঠু পানী - Assam flood 2024
প্ৰাপ্ত তথ্য মতে, আগতীয়াকৈ জিলাসমূহলৈ মঞ্জুৰি দিয়া পুঁজিৰ বিপৰীতে অন্যান্য ক্ষয়-ক্ষতিৰ বাবে লাগতিয়াল পুঁজিৰ ক্ষেত্ৰত জিলা আয়ুক্তসকলক পৰৱৰ্তী সময়ত এছ ডি আৰ এফ শিতানত প্ৰস্তাৱ দাখিল কৰিবলৈ নীতি-নিৰ্দেশনা দিয়া হৈছে । উল্লেখ্য যে বান, ধুমুহা, খৰাংজনিত আদি প্রাকৃতিক দুৰ্যোগৰ ক্ষেত্রত এছ ডি আৰ এফ শিতানৰ পুঁজি ব্যয় কৰা হয় ।
আনহাতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে সম্প্ৰতি ৰাজ্যৰ কৰিমগঞ্জ আৰু ধেমাজি জিলা বানৰ কবলত আছে । জিলা দুখনৰ ২৯ খন গাঁৱৰ সহস্ৰাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । ইফালে বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বানে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে । যাৰ বাবে ৰাজ্য চৰকাৰে জিলা আয়ুক্ত সকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে ।
লগতে পঢ়ক : ৰাজ্যত অপৰিৱৰ্তিত বান বিভীষিকা; 25 জন লোকৰ মৃত্যু - Assam Flood 2024