ETV Bharat / state

আজিয়েই ৰাজ্যৰ আমোলা- বিষয়াসকলে দাখিল কৰিব লাগিব সম্পত্তিৰ হিচাপ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:12 PM IST

Assam govt notice: ৰাজ্যৰ আমোলা-বিষয়ালৈ সম্পত্তিৰ হিচাপ দাখিলৰ জৰুৰী নিৰ্দেশ দিশপুৰৰ ৷ হিচাব দাখিলৰ আজি শেষ দিন ৷ আজিৰ ভিতৰত ভিতৰত আইএএছ আৰু এচিএছ বিষয়াসকলক আয়-ব্যয় তথা সম্পত্তিৰ সবিশেষ তথ্য চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ জৰুৰী নির্দেশ দিয়া হৈছে ।

জৰুৰী নিৰ্দেশ দিশপুৰৰ
জৰুৰী নিৰ্দেশ দিশপুৰৰ

গুৱাহাটী, 31 জানুৱাৰী: অসমৰ আই এ এছ, এ চি এছ বিষয়াসকলক জৰুৰীভাৱে সম্পত্তিৰ তালিকা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য প্ৰশাসনে ৷ আয় বহির্ভূত সম্পত্তি আহৰণৰ গোচৰত ৰাজ্যত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ, দুর্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে শেহতীয়াভাৱে ভালেসংখ্যক ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰ কৰাৰ ঘটনাই ৰাজ্য জুৰি আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ পাৰ্চনেল বিভাগে জাৰি কৰিছে এক বিশেষ নির্দেশনা ৷

এই নিৰ্দেশনাৰ পিছত ৰাজ্যৰ আইএএছ, এচিএছ বিষয়াৰ মাজত সৃষ্টি হৈছে চেপা উত্তেজনাৰ । ৰাজ্যত কৰ্মৰত আইএএছ আৰু এচিএছ বিষয়াসকলক বার্ষিক স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তালিকা দাখিল কৰিবলৈ নির্দেশ দিছে পাৰ্চনেল বিভাগে । ৰাজ্য প্ৰশাসনৰ পার্চনেল বিভাগৰ যুটীয়া সচিবে জাৰি কৰিছে এই নিৰ্দেশনা ৷ শেহতীয়া এই নিৰ্দেশনাটোৰ জৰিয়তে 31 জানুৱাৰীৰ ভিতৰত আই এ এছ আৰু এ চি এছ বিষয়াসকলক আয়-ব্যয় তথা সম্পত্তিৰ সবিশেষ তথ্য চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ জৰুৰী নির্দেশ দিয়া হৈছে ।

কেৱল পার্চনেল বিভাগৰ দ্বাৰা আইএএছ, এচিএছ বিষয়াকেই নহয়, সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ গৃহ বিভাগেও আইপিএছ আৰু এপিএছ বিষয়াসকলকো বার্ষিক সা-সম্পত্তিৰ তথ্য দাখিল কৰিবলৈ নির্দেশনা জাৰি কৰিছে । নির্দেশনাটোত সম্পত্তিৰ তথ্য আইএএছ বিষয়াসকলে কেন্দ্রীয় ডিঅপিটি বিভাগৰ নির্দিষ্ট প'ৰ্টেলত আপলোড কৰিব লাগিব বুলিও স্পষ্ট কৰি দিয়া হৈছে ।

মন কৰিবলগীয়া যে, চৰকাৰী নীতি অনুসৰি ৰাজপত্ৰিত বিষয়া-আমোলাসকলে চৰকাৰক নিয়মিতভাৱে প্ৰতি বছৰ সম্পত্তিৰ হিচাব দাখিল কৰিব লাগে । কিন্তু কাৰ্যত দিখা যায় যে বৃহৎ সংখ্যক বিষয়াই কৌশলেৰে সম্পত্তিৰ তথ্য দাখিলৰ পৰা আঁতৰি চলে । অহা 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ তাৰ পূৰ্বে আইএএছ, এচিএছ আৰু এপিএছ, আইএএছ বিষয়াসকলক সম্পত্তিৰ হিচাব দাখিলৰ বাবে এই জৰুৰী নির্দেশনা জাৰি কৰিছে ।

চৰকাৰী নিয়ম অনুসৰি নিজৰ সম্পত্তিৰ হিচাব দাখিল নকৰা বিষয়াৰ পদোন্নতি বন্ধকে ধৰি আন কেতবোৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰো নিয়ম আছে । কিন্তু কিমান দূৰ এই নীতি কাৰ্যকৰী কৰা হয় তাক লৈয়ো বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈ আহিছে । পাৰ্চনেল বিভাগৰ শেহতীয়া নিৰ্দেশনাটোতো কোৱা হৈছে সম্পত্তিৰ হিচাব নিদিয়া বিষয়াসকল ভিজিলেন্স ক্লিয়াৰেন্সৰ পৰা বঞ্চিত কৰা হ’ব আৰু পদোন্নতি, জ্যেষ্ঠ পৰ্যায়ৰ পদৰ বাবে তালিকাভুক্ত কৰা নহ’ব । লগতে বিদেশ সেৱাৰ বাবে ডেপুটেশ্বন, বিদেশ ভ্ৰমণৰ অনুমতি, আন সুবিধা লোৱাৰ অনুমতি আদিৰ বাবে বিবেচনা কৰা নহ’ব ৷

লগতে বেংক ঋণ আৰু পাছপ’ৰ্টৰ বাবে এন অ’ চি ও লাভ নকৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷ শেহতীয়াভাৱে কেবাজনো ৰাজপত্রিত বিষয়াৰ আয়-ব্যয়ৰ সামঞ্জস্যহীনতা দৃষ্টিগোচৰ হোৱাৰ পিছত চৰকাৰী তদন্তকাৰী গোটে গোচৰ ৰুজু কৰি তদন্তৰ ব্যৱস্থা কৰিছে । সম্প্ৰতি ন্যায়িক জিম্মাত থকা সুকন্যা বৰা নামৰ এগৰাকী এচিএছ বিষয়াৰ আয় বহিৰ্ভূত পৰ্বতসম সম্পতিৰ পৰিমাণে সকলোৰে চকু কপালত তুলিছে ৷ আনহাতে দীৰ্ঘদিন ধৰি একাংশ আই এ এছ, আই পি এছ, এ চি এছ আৰু এ পি এছ বিষয়াৰ বিৰুদ্ধে আয় বৰ্হিভূতভাৱে বিশাল স্থাৱৰ-অস্থাৱৰ সম্পত্তি আহৰণৰো অভিযোগ আছে ।

ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বেও এনে নিৰ্দেশনা জাৰি কৰা দেখা গৈছিল যদিও একাংশ বিষয়াই এই নিৰ্দেশনা এৰাই চলা পৰিলক্ষিত হৈছিল । ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনা আমোলা-বিষয়াসকলে কিদৰে এইবাৰ পালন কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.