ETV Bharat / state

ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা; অৱতীৰ্ণ হ'ব ১৩৭৯১৩২ গৰাকী পৰীক্ষাৰ্থী - ADRE 2024

ADRE grade IV exam : আজি ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী ৷ চাৰে সাত ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা ৷

ADRE 2024
অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 6:56 AM IST

গুৱাহাটী : অসম চৰকাৰৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADRE ৰ তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা আজি (দেওবাৰ) ৰাজ্যজুৰি অনুষ্ঠিত হ’ব । দুইবেলা এই পৰীক্ষা অনুষ্ঠিত হ'ব । আগবেলা ১,৪৮৪ টা কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আৰু পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ ৮০৮ টা কেন্দ্ৰত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব ।

আজি তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ৰাজ্যৰ ২৮ খন জিলাত অনুষ্ঠিত হ’ব । চতুৰ্থ বৰ্গৰ বাবে মুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে । এই পৰীক্ষাত দুখন প্ৰশ্নকাকত থাকিব । প্ৰথমখন প্ৰশ্নকাকত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণৰ বাবে আৰু দ্বিতীয়খন প্ৰশ্নকাকত অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে ।

ADRE grade IV exam
অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (ETV Bharat Assam)

উল্লেখ্য যে, আজি ৫,০২৩ টা পদৰ বাবে এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব । আগবেলা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৮,২৭,১৩০ গৰাকী আৰু পিছবেলা অষ্টম শ্ৰেণী উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ।

পৰীক্ষা সম্পৰ্কীয় কিছু বিষয় :

১. আগৰ বাৰৰ দৰে এইবাৰো পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত নিব পাৰিব ।

২. কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে তন্নতন্নকৈ পৰীক্ষা কৰা হ’ব পৰীক্ষাৰ্থীক । কোনো পৰীক্ষাৰ্থী কেন্দ্ৰৰ পৰা ওলাই গ’লে পৰৱৰ্তী প্ৰৱেশত পুনৰ পৰীক্ষা কৰা হ’ব ।

৩. প্ৰশ্নকাকতত থাকিব ১৩৫ টা প্ৰশ্ন । যাৰ বাবে আঢ়ৈ ঘণ্টা সময় দিয়া হ’ব ।

৪. পূৰ্বে ১৩৫টা প্ৰশ্নৰ বাবে দিয়া হৈছিল দুই ঘণ্টা সময় । নিগেটিভ মাৰ্কিঙৰ বাবে বঢ়াই দিয়া হৈছে আধা ঘণ্টা সময় ।

৫. মহিলা প্ৰাৰ্থীৰ তালাচীৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অংগনৱাড়ী আৰু আশা কৰ্মী নিয়োগ কৰা হৈছে ।

৬. পৰীক্ষাৰ্থীসকলৰ অহা-যোৱাৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে ।

৭. চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় এক লাখ চৰকাৰী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে ।

৮. প্ৰতিটো কেন্দ্ৰত ২০-৩০ গৰাকীকৈ আৰক্ষী নিয়োগ কৰা হৈছে ।

৯. পৰীক্ষাৰ নিয়ম উলংঘা বা বিপথে পৰিচালিত কৰিব বিচৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা ।

১০. অ' এম আৰ শ্বীট(OMR sheet)ত নাম আৰু ফটো নাথাকে, কেৱল ৰোল নম্বৰহে উল্লেখ থাকিব ।

১১. এডমিট কার্ড, বৈধ পৰিচয়ৰ লগতে তালাচী অবিহনে কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

১২. পৰীক্ষাৰ্থীক কেৱল ছেবা, টেষ্টিং এজেন্সী আৰু এছ এল আৰ চিয়ে অনুমতি দিয়া সামগ্ৰীহে নিবলৈ অনুমতি দিয়া হ’ব ।

১৩. অনুমতি নথকা সামগ্ৰী পালে সেয়া লগে লগে জব্দ কৰা হ’ব ।

১৪. কোনো ইলেকট্ৰনিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী লাভ কৰিলে পৰীক্ষাৰ প্ৰটকল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

১৫. নিষিদ্ধ সামগ্ৰী জব্দ হ’লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব ।

১৬. তলাচীৰ সময়ত পৰীক্ষাৰ্থীৰ সন্মান, মৰ্যাদা বজাই ৰাখিব লাগিব । সকলো প্ৰাৰ্থীৰ প্ৰতি নিৰপেক্ষতা, স্বচ্ছতা, পেছাদাৰিত্ব আৰু সততাৰে তালাচী কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

১৭. যথাসম্ভৱ তালাচীৰ স্থানত CCTV ৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে । যাতে প্ৰয়োজনত ভিজুৱেল চাই সত্যতা নিৰূপণ কৰিব পাৰি ।

১৮. পৰীক্ষা কেন্দ্ৰত নিব পাৰিব ধন আৰু লেবেল নথকা পানী বটল ।

১৯. পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ । পৰিচয় পত্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে নিব পাৰিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ নাইবা সঠিক পৰিচয় পত্ৰ ।

২০. গেট বন্ধৰ পিছত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব ।

পৰীক্ষাৰ্থীৰ বাবে পাঁচখন বিশেষ ৰে'লৰ ব্যৱস্থা :

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত সম্পন্ন হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই সেই দুটা দিনত ৰাজ্যৰ পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা কেন্দ্ৰলৈ অহা-যোৱাৰ সুবিধাৰ বাবে ১২ খন বিশেষ পৰীক্ষা ৰেলৰ ব্যৱস্থা কৰিছিল ।

ADRE grade IV exam
অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা (ETV Bharat Assam)

তেনেদৰে আজি অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হবলগীয় পৰীক্ষাৰ্থীসকলৰ অহা-যোৱাৰ সুবিধাৰ বাবে ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে ।

চাৰে সাত ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা :

পুনৰ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা । অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষাৰ বাবে আজি ৰাজ্যজুৰি কৰ্তন হ’ব ম’বাইল ইণ্টাৰনেট সংযোগ । আজি ৰাজ্যত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা । স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত আজি পুৱা ৮.৩০ৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা ।

এ ডি আৰ ইৰ পৰীক্ষাৰ বাবে অসম চৰকাৰে ৰাজ্যজুৰি সম্পূৰ্ণ ৭.৩০ ঘণ্টাৰ বাবে সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ ৰ ধাৰা ৫(২)ৰ অনুচ্ছেদৰ অধীনত এই ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত কৰা হৈছে । ইয়াৰ পূৰ্বে হোৱা দুটা পৰীক্ষাটো ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছিল ।

পৰীক্ষাৰ্থীক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ :

পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় -

"গৌৰৱেৰে কৈ ভাল লাগিব যে স্বচ্ছ আৰু নিকা নিযুক্তিৰে আমি ইতিহাস গঢ়িছো ৷ আমি নিযুক্তিৰ ক্ষেত্ৰত কৰা প্ৰতিশ্ৰুতি কেতিয়াবাই পূৰ্ণ কৰিছো ৷ আমি সেই প্ৰতিশ্ৰুতিক অতিক্ৰম কৰি আকৌ চৰকাৰী চাকৰি দিবলৈ প্ৰস্তুত হৈছো ৷ আমি আমাৰ যুৱক-যুৱতী সকলৰ মুখত হাঁহি দেখিব খোজো ৷ স্বচ্ছ নিযুক্তিৰ বাবেই এতিয়া প্ৰতিজন নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰিবলৈ ওলাই আহিছে ৷ আজিও বহু ছাত্ৰ-ছাত্ৰী অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ওলাই আহিছে ৷ এই আশা আৰু প্ৰত্যাশাৰে পূৰ্ণ সময়খিনিতসমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো ৷ সকলোৰে পৰীক্ষা ভাল হওক ।"

লগতে পঢ়ক : চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ ১০ খন বিশেষ ৰে'ল

লগতে পঢ়ক : ADRE ৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ OMR Sheet আৰু Answer Key কেতিয়া পাব প্ৰাৰ্থীয়ে ? - ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.