ETV Bharat / state

মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন: কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত - DECISION OF CABINET MEETING

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 11:02 PM IST

Assam cabinet meeting decisions : অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এতিয়াৰে পৰা কাজিৰ সলনি উপ-পঞ্জীয়কে বিবাহ পঞ্জীয়ন কৰিব আৰু ১৮ বছৰ বয়সৰ তলৰ বিবাহ পঞ্জীয়ন নহ'ব । এতিয়াৰে পৰা আঢ়ৈশ বছৰ পুৰণি ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক হেৰিটেজ ব্লক হিচাপে ঘোষণা কৰা হ'ব । বিশিষ্ট নৃত্যপটিয়সী সোনাল মানসিঙলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ।

Assam cabinet meeting decisions
কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত (Etv Bharat Assam)

গুৱাহাটী,২১ আগষ্ট: অসম বিধানসভাৰ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া শৰৎকালীন অধিৱেশনত মুছলমানৰ বিবাহ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বিধেয়ক অনা হ'ব । 'দা আসাম কম্পালচৰি ৰেজিষ্ট্ৰেচন অফ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ বিল-২০২৪' বিধানসভাত উত্থাপন কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন দিয়ে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে।

মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন (ETV Bharat Assam)

মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন :

আজিৰ কেবিনেটে 'দা আসাম কম্পালচৰি ৰেজিষ্ট্ৰেচন অফ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ বিল-২০২৪' বিধানসভাত উত্থাপনৰ বাবে মঞ্জুৰী দিয়ে । এই বিধেয়ক অনুসৰি এতিয়াৰে পৰা কাজিসকলে মুছলমান বিবাহৰ পঞ্জীয়ন কৰিব নোৱাৰিব । মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ ১৯৩৫ চনৰ আইন অনুসৰি কাজিয়ে ১৮ বছৰৰ তলৰ বিবাহ পঞ্জীয়ন কৰাৰ অধিকাৰ লাভ কৰিছিল । কিন্তু এতিয়াৰে পৰা সেই ব্যৱস্থাৰ অৱসান ঘটিব । কাজিৰ সলনি উপ-পঞ্জীয়কে বিবাহ পঞ্জীয়ন কৰিব আৰু ১৮ বছৰ বয়সৰ তলৰ বিবাহ পঞ্জীয়ন নহ'ব । অৱশ্যে বিবাহ সম্পন্ন কৰাৰ ধৰ্মীয় প্ৰক্ৰিয়া পূৰ্বৰ দৰেই থাকিব ।

আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেচন আইন-১৮৮৬ত নতুন অধ্যায়ৰ সংযোজন :

আজিৰ কেবিনেটে আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেচন আইন-১৮৮৬ত নতুনকৈ অধ্যায় ১২ৰ সংযোজন ঘটায় । ইয়াত ৰাজ্যৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যক সামৰি লোৱা হৈছে । আইকনিক গাঁথনিৰ ভেটিত 'হেৰিটেজ ব্লক' নিৰ্মাণ কৰি সংৰক্ষণ কৰা হ'ব । আঢ়ৈশ বছৰ পুৰণি ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক হেৰিটেজ ব্লক হিচাপে ঘোষণা কৰা হ'ব । এই ব্লকৰ ৫ কিলোমিটাৰ পৰ্যন্ত এলেকা সংৰক্ষিত কৰা হ'ব । এই সংৰক্ষিত এলেকাৰ মাটি ক্ৰয়-বিক্ৰয় সেই স্থানত তিনিটা প্ৰজন্ম বাস কৰা লোকহে কৰিব পাৰিব । বৰ্তমান বৰপেটা সত্র, বটদ্ৰৱা সূত্র আৰু মাজুলীকলৈ আৰম্ভ কৰা হৈছে । আবেদনৰ ভিত্তিত আঢ়ৈশ বছৰ পুৰণি ঐতিহ্যসমূহ সংৰক্ষিত কৰা হ'ব । এই এলেকাত ৫ কিলোমিটাৰ পৰ্যন্ত তিনিটা প্ৰজন্ম বাস কৰা মানুহেহে মাটি কিনা-বেচা কৰিব পাৰিব । মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনতেই এই ব্যৱস্থা প্ৰযোজ্য হ'ব । তিনিটা প্ৰজন্ম বাস নকৰা লোকে মাজুলীত মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব । বিচাৰিলে পৰৱৰ্তী সময়ত কামাখ্যা মন্দিৰকো আনিব পৰা যাব ।

গঠন হ'ব মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক :

ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলে বাস কৰা গাঁওসমূহ মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক কৰা হ'ব । ৮০ শতাংশ অনুসূচীত জাতি আৰু জনজাতিৰ লোকে বাস কৰা গাঁওসমূহ ট্ৰাইবেল বেল্ট আৰু ব্লকলৈ আহিব । গাঁওসমূহ চিনাক্ত কৰাৰ বাবে মন্ত্রী পৰ্যায়ৰ কমিটি গঠন কৰি দিয়া হৈছে ।

মিছন বসুন্ধৰাত মাটিৰ প্ৰিমিয়াম কম কৰা হ'ব :

মিছন বসুন্ধৰা-২ত মাটিৰ প্ৰিমিয়াম বেছি হোৱা বাবে বহু লোকে দিব পৰা নাছিল । এতিয়া দৰিদ্ৰ আৰু মধ্যবিত্ত লোকে ল'ব পৰাকৈ প্ৰিমিয়াম ধাৰ্য কৰাৰ বাবে মন্ত্রী পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে । মন্ত্রী যোগেন মোহন আৰু অশোক সিংহলক ইয়াৰ বাবে দায়িত্ব দিয়া হৈছে । যাতে মিছন বসুন্ধৰা-৩ৰ যোগেদি ৰাইজে সুবিধা ল'ব পাৰিব ।

জীৱিকা সখীয়ে লাভ কৰিব স্কুটী :

জীৱিকা সখীৰ বাকী থকা ৫২৪২ গৰাকীয়ে লাভ কৰিব স্কুটী । আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অৰুণোদয়ত অন্তৰ্ভুক্ত হ'ব ১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰী :

ৰাজ্যৰ ২৭ লাখ লোকে লাভ কৰি আহিছে অৰুণোদয় । এইবাৰ প্ৰতিটো সমষ্টিত ১০ হাজাৰতকৈ নতুন হিতাধিকাৰী দিয়া হ'ব । মুঠ ১২ লাখ ৬০ হাজাৰ লোক নতুনকৈ অৰুণোদয়ত অন্তৰ্ভুক্ত হ'ব । অৰুণোদয়-২ ত আবেদন কৰাসকলেও অৰুণোদয়-৩ ত আবেদন কৰিব লাগিব । ৰেচন থাকিলেহে অৰুণোদয় পাব ।

সোনাল মানসিঙলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা :

বিশিষ্ট নৃত্যপটিয়সী সোনাল মানসিঙলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা । আজিৰ কেবিনেটে এইক্ষেত্রত অনুমোদন জনায় । মুখ্যমন্ত্রীয়ে সংবাদমেলযোগে কয়, "লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কৈ থাকে যে শংকৰদেৱ বঁটা কিয় দিয়া নাই । ২০০৮ চনত কংগ্ৰেছে সিদ্ধান্ত লৈছিল যে তিনি বছৰৰ মূৰে মূৰে শংকৰদেৱ বঁটা দিয়া হ'ব । সেই অনুসৰি তিনিবছৰৰ অন্তৰে অন্তৰে এই বঁটা প্ৰদান কৰি অহা হৈছে । কোনো এবাৰো মিছ হোৱা নাই । এইবাৰ বিশিষ্ট নৃত্যশিল্পী সোনাল মানসিঙক শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব । নৱেম্বৰত এই বঁটা দিয়া হ'ব ।"

মাধৱদেৱ তিথিৰ চৰকাৰী বন্ধ ২৪ আগষ্টত :

মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধ ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্টত হ'ব । মাধৱদেৱৰ তিথি ২৩ আগষ্টৰ বিয়লি হোৱাৰ বাবে বন্ধ পূৰ্ব ঘোষিত ২৩ আগষ্টৰ সলনি ২৪ আগষ্ট কৰা হৈছে ।

আনহাতে বিধানসভাৰ অধিৱেশনত পৰিবহণ কৰৰ ক্ষেত্রত বিধেয়ক অনাৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: ব্যক্তিগত বিল-জলাশয়-পুখুৰী সংৰক্ষণ কৰাৰ বাবে আহিব নতুন বিধেয়ক: কেবিনেটৰ সিদ্ধান্ত - DECISION OF CABINET MEETING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.