ETV Bharat / state

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ৪৮,৬৭৩ গৰাকী শিক্ষাৰ্থীলৈ স্কুটী : ৩৪৫.৭৫ কোটি টকাৰ অনুমোদন কেবিনেটৰ - Assam weekly Cabinet Meeting

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam Cabinet decisions : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকত ৪৮,৬৭৩ গৰাকী ছাত্র-ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটী প্ৰদান কৰা, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু নতুন টাউনশ্বিপৰ বাবে জাগীৰোডত এটা পানী যোগান প্ৰকল্পৰ অনুমোদন জনোৱাৰ লগতে ৪ অক্টোবৰত ৩৯ টা সমষ্টিত সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয় ।

ASSAM WEEKLY CABINET MEETING
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট (Himanta Biswa Sarma FB Account)

গুৱাহাটী, ১ অক্টোবৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই ।

কেবিনেটৰ সিদ্ধান্তসমূহ :

  • উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ৰাজ্যৰ মুঠ ৪৮,৬৭৩ গৰাকী ছাত্র আৰু ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটী প্ৰদান কৰা হ'ব । ৬০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৪০,৭৩৫ গৰাকী ছাত্রীক আৰু ৭৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৭,৯৩৮ জন ছাত্রক প্ৰদান কৰা হ'ব স্কুটী । আজিৰ কেবিনেটে ইয়াৰ বাবে ৩৪৫.৭৫ কোটি টকাৰ অনুমোদন জনায় ।
  • অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ তদন্ত কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়ালয় বি কে শৰ্মাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল । এই তদন্ত আয়োগৰ প্ৰতিবেদন বিধানসভাৰ আগন্তুক অধিৱেশনত দাখিল কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় । কেবিনেটত দাখিল হোৱাৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা হ'ব ।
  • জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম চলি আছে । ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু নতুন টাউনশ্বিপৰ বাবে জাগীৰোডত প্ৰয়োজন হ'বলগীয়‍া পানী যোগানৰ বাবে আজিৰ কেবিনেটে পানী যোগান প্ৰকল্প এটাৰ অনুমোদন জনায় । দৈনিক প্ৰয়োজন হ'বলগীয়া ১২.৫ মিলিয়ন লিটাৰ পানীৰ বাবে পানী যোগান প্ৰকল্প এটা স্থাপন কৰা হ'ব । ইয়াৰ বাবে কেবিনেটে ১২১.৩৬ কোটি টকাৰ অনুমোদন দিয়ে ।
  • ৰাজ্যৰ প্ৰতিটো সমষ্টিত সমজিলা গঠন কৰাৰ কথা মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে । ইয়াৰে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৯ টা সমষ্টিত অহা ৪ অক্টোবৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব । মন্ত্রীসকলে এই কাৰ্যালয়ৰ শুভাৰম্ভণি কৰিব । সমজিলাৰ কাৰ্যালয়ত একোজন এডিচি পৰ্যায়ৰ বিষয়া সমজিলা আয়ুক্ত হিচাপে নিয়োজিত হ'ব ।
  • বিগত কেবিনেটত কাৰ্বি আংলং জিলাৰ ২৬৪ গৰাকী ইউ পি শিক্ষকৰ পদত অনুমোদন জনোৱা হৈছিল । আজিৰ কেবিনেটে তেওঁলোকৰ দৰমহাৰ প্ৰস্তাৱত অনুমোদন জনায় ।
  • বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে এ পি ডি চি এলৰ এটা প্ৰস্তাৱত অনুমোদন জনায় । সেই অনুসৰি ২০০ মেগাৱাট কালাই-২ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ বাবে কেবিনেটে এ পি ডি চি এলক অনুমোদন দিয়ে । প্ৰতি ইউনিট ৫.৪৬ টকা দৰত ক্ৰয় কৰিব পাৰিব ।

লগতে পঢ়ক: নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ - Anup Chetia to join AGP

ত্যাগ-বলিদানৰ গৌৰৱোজ্বল ইতিহাসেৰে মহিমামণ্ডিত অসম আৰক্ষী: ৰাজ্যপাল আচাৰ্য - Assam Police Day 2024

প্ৰিয়াংক খাৰ্গেৰ মন্তব্যই কঁপাইছে ৰাজ্য: জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ - Priyank Kharge Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.