গুৱাহাটী, ৯ ছেপ্টেম্বৰ: অচিৰেই ৰাজ্যত আৰম্ভ হ’ব মিচন বসুন্ধৰা ৩.O ৷ এতিয়াও গুৱাহাটীৰ প্ৰায় অৰ্ধ লক্ষ আবেদনকাৰীৰ ম্যাদী পট্টাৰ বাবে কৰা আবেদন ফাইলতে আবদ্ধ হৈ আছে ৷ গুৱাহাটীৰ চৰকাৰী বা আন মাটিত দীঘলীয়া সময় বসবাস কৰা লোকসকললৈ আকৌ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুৱাইছে মাটি ম্যাদীকৰণৰ সপোন ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, এইবাৰ ৩০ হাজাৰ টকাতে পাব গুৱাহাটীৰ পাহাৰ আৰু আন ঠাইৰ মাটিৰ পট্টা । অৱশ্যে তাতো থাকিব কেতবোৰ চৰ্ত ৷
৩০ হাজাৰ টকা প্ৰিমিয়ামত গুৱাহাটীত দিব ভূমি আৱণ্টন :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে যে মিচন ৩.O ৰ যোগেদি গুৱাহাটী মহানগৰীত ৩০,০০০ টকা প্ৰিমিয়ামত মাটিৰ পট্টা দিয়া হ’ব । দেওবাৰ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ঘোষণা- “এইবাৰ কমসংখ্যক হ’লেও নগৰত থকা ৰায়তীসকলক পট্টা প্ৰদান কৰিম ৷ ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিচন বসুন্ধৰা ২.O ত উপকৃত হোৱা স্বত্বেও উচ্চ লেণ্ড প্ৰিমিয়ামৰ বাবে আমি বহুতক বন্দোৱস্তী কৰি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম দিব পৰা নাই ৷ এইক্ষেত্ৰত অহা দুই অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত ল’ম ৷ যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব ৷ তেওঁলোকৰ যি ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক । পৰৱৰ্তী সময়ত যেতিয়া ভূমি বেচা-কিনা কৰিব তেতিয়া দিব পাৰিব । গুৱাহাটীত ভূমি আৱণ্টন দিয়াৰ ক্ষেত্ৰত ৩ লাখ টকাৰ প্ৰিমিয়াম দিব লাগে ৷ কিন্তু ৩ লাখ টকাৰ প্ৰিমিয়াম দিয়াৰ পৰিৱেশ সকলোৰে নাথাকে ৷ আমি ৩০ হাজাৰ টকা প্ৰিমিয়ামতে মাটি বন্দোৱস্তি কৰিম ৷ কিন্তু চৰ্ত থাকিব যেতিয়া তেওঁলোকে কেতিয়াবা এই মাটি বিক্ৰী কৰিব তেতিয়া বাকী ২.৭০ লাখ টকাৰ চৰকাৰক ঘূৰাই দিব লাগিব ৷ এয়া এক প্ৰকাৰ বিলম্বিত প্ৰিমিয়াম আদায় । ইয়াৰ ফলত আৰু এটা লাভ হ’ব ৷ তেতিয়া সহজতে মানুহে এই মাটি বিক্ৰী নকৰিব ৷”
গুৱাহাটীত মাত্ৰ ১০৬৮ খন ম্যাদীকৰণৰ আবেদনত অনুমোদন:
অসম বিধানসভাত ৰাজহ বিভাগৰ তথ্য অনুসৰি হৈ যোৱা মিচন বসুন্ধৰাৰ যোগেদি সমগ্ৰ গুৱাহাটীত মাত্ৰ ১০৬৮ খন ম্যাদীকৰণৰ আবেদন গৃহীত হৈছে ৷ ফাইলত আবদ্ধ গুৱাহাটীৰ ম্যাদী পট্টাৰ 47,622 খন আবেদন ৷ গুৱাহাটী মহানগৰৰ পাহাৰ আৰু অনান্য অঞ্চলত মুঠ ৪৮,৬৮৯ আবেদনকাৰীয়ে মিচন বসুন্ধৰাৰ যোগেদি আবেদন কৰিছিল ৷ কিন্তু মন কৰিবলগীয়া যে মিচন বসুন্ধৰা ১.O আৰু ২.O ৰ যোগেদি মাত্ৰ এই আবেদন সমূহৰ ১০৬৭ সংখ্যক আবেদনহে চৰকাৰে গৃহীত কৰিছে ।
দখলকৃত চৰকাৰী বিভিন্ন শ্ৰেণীৰ মাটিৰ ভিতৰত আটাইতকৈ বেছি আবেদন আছিল সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন শীৰ্ষক সেৱাত । সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টনত মুঠ ৪৪৪১২ খন আবেদন আহিছিল মিচন বসুন্ধৰাত ৷ তাৰে মাত্ৰ ৯৪৬ খন আবেদন মিচন বসুন্ধৰাত গৃহীত কৰা হৈছিল । আনহাতে জনজাতীয় লোকে বংশানুক্ৰমে ভোগদখল কৰি থকা ভূমিৰ ম্যাদি পট্টনৰ বাবে মাত্ৰ ১৩ খনহে আবেদন পৰিছিল ৷ এই ১৩ খন আবেদনৰ এখনো আবেদন গৃহীত নহ’ল ।
মাত্ৰ ১০৬৯ খন আবেদনৰ ম্যাদীকৰণত অনুমোদন কিয় ?
মুঠ ৪৮,৬৮৯ খন আবেদনৰ মাত্ৰ ১০৬৯ খন ম্যাদীকৰণৰ আবেদনহে গৃহীত কৰা হ’ল কিয় ? বাকীবোৰ বাদ পৰিল কিয় ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণো ব্যাখ্যা কৰিছে ৷ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক চৰকাৰী বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ মাটিৰ ম্যাদীকৰণৰ বাবে প্ৰিমিয়াম অত্যধিক হৈছিল সৰহসংখ্যক লোকৰ বাবে ৷ সেয়ে লোকসকলে প্ৰিমিয়ামৰ টকা জমা দিব পৰা নাছিল । এতিয়া সেয়ে মিচন বসুন্ধৰা ৩. O ত কেৱল ৩০,০০০.০০ টকা ধাৰ্য কৰা হৈছে ।
লগতে পঢ়ক: অহা মাৰ্চত প্ৰণয়ন হ'ব নতুন ভূমি আইন; কি থাকিব এই আইনত ? - Assam New Land Act