ETV Bharat / state

এবছৰৰ ভিতৰত সৌৰ প্ৰকল্পৰ জৰিয়তে ৰাজ্যত বিদ্যুতৰ নাটনি পূৰণৰ পৰিকল্পনা অসম চৰকাৰৰ - ASSAM GOVT POWER SECTOR

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 1:50 PM IST

Solar Power Projects: অসমক প্ৰয়োজন ২৬২৯ মেগাৱাট বিদ্যুৎ শক্তি, নিজা উৎপাদন মাত্ৰ ৩৩৫ মেগাৱাট । এবছৰৰ ভিতৰত সৌৰ শক্তিৰে বিজুলীৰ ২২৯৩ মেগাৱাট নাটনি পূৰণৰ পৰিকল্পনা অসম চৰকাৰৰ ।

ASSAM GOVT POWER SECTOR
সৌৰ প্ৰকল্পৰ জৰিয়তে ৰাজ্যত বিদ্যুতৰ নাটনি পূৰণৰ পৰিকল্পনা অসম চৰকাৰৰ (ETV Bharat Assam)

গুৱাহাটী, ২৬ আগষ্ট : বিদ্যুতৰ নাটনিৰ বাবে লোড শ্বেডিং আৰু বিদ্যুতৰ চৰা দামে সুদীৰ্ঘকাল ৰাজ্যবাসীক জ্বলা-কলা দেখুৱাই আহিছে । শেহতীয়াকৈ স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ফলত অসমত বিদ্যুতৰ উচ্চ নিৰিখৰ মাচুলে ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। তাৰ মাজতে সেউজ শক্তিৰে প্ৰায় ২২৯৩ মেগাৱাট বিজুলী শক্তিৰ ঘাটি পূৰোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ । বৃহৎ পৰিমাণে সৌৰ প্ৰকল্পৰ কাম হাতত লৈছে অসম চৰকাৰে ।

কিন্তু কিয় অসম চৰকাৰে বিদ্যুৎ কৰ্তন কিয় কৰিবলগীয়া হয় ? কিয় বিদ্যুতৰ উচ্চ নিৰিখত মাচুল ল’বলগীয়া হয় ? ইয়াৰ এটাই কাৰণ, চাহিদা অনুসৰি তেনেই সামান্য পৰিমাণতহে নিজে বিদ্যুত উৎপাদন কৰে অসমে । এদিনত সৰ্বোচ্চ বিদ্যুৎ ব্যৱহৃত সময়ত (Peak Hour) ২৬২৮ মেগাৱাট পর্যন্ত বিদ্যুতৰ প্ৰয়োজন হয় অসমক ৷ কিন্তু চাহিদাৰ বিপৰীতে অসমৰ নিজা উৎপাদন মাত্ৰ ৩৫৫ মেগাৱাটহে ৷ আচৰিত যেন লাগিলেও এয়াই সঁচা । অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই সদৰী কৰিছে এই তথ্য ।

ASSAM GOVT POWER SECTOR
অসম বিধানসভাত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ তথ্য (ETV Bharat Assam)

অসমৰ দৈনিক বিদ্যুত লাগে কিমান ?

অসমত দৈনিক সৰ্বোচ্চ চাহিদাৰ সময়ত (Peak Hour) আৰু কম চাহিদাৰ সময়ত (Off Peak Hour) কিমান বিদ্যুতৰ প্ৰয়োজন ? চাহিদা অনুপাতে অসমৰ বৰ্তমান নিজা উৎপাদন কিমান আপুনি জানেনে? চাহিদাৰ তুলনাত অসমৰ নিজা বিদ্যুৎ উৎপাদনৰ পৰিমাণ তেনেই সামান্য ।

বর্তমান অসমত দৈনিক পিক আৱাৰত বিদ্যুতৰ চাহিদা হ'ল ২২০০ মেগাৱাটৰ পৰা ২৬২৮ মেগাৱাট পর্যন্ত । আনহাতে দৈনিক অফ-পিক আৱাৰত বিদ্যুতৰ চাহিদা হ'ল ১৬৫০ মেগাৱাটৰ পৰা ২২০০ মেগাৱাট । অৰ্থাৎ পিক আৱাৰতো ২২৯৩ মেগাৱাট বিজুলী শক্তি ঘাটি বা নাটনি হয় অসমত ৷ এই ঘাটি পূৰাব লগা হয় বিভিন্ন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি ৷ অসমৰ বাবে পূৰ্ব আবণ্টিত পৰিমাণৰ বিদ্যুতকৈ বেছি পৰিমাণে বিদ্যুত ক্ৰয় কৰিবলগীয়া হ’লে উচ্চ নিৰিখত অতিৰিক্ত বিদ্যুতখিনি ক্ৰয় কৰিবলগীয়া হয় ।

নিজা উৎপাদন কিমান ?

২৬২৮ মেগাৱাট বৃহৎ পৰিমাণৰ চাহিদাৰ বিপৰীতে অসমৰ নিজা বিদ্যুত উৎপাদনৰ পৰিমাণ হৈছে ৩৫৫ মেগাৱাট মাত্ৰ । শেহতীয়াভাৱে অসম বিধানসভাৰ মজিয়াত এই তথ্য দাখিল কৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

লগতে পঢ়ক: সঘন লোডশ্বেডিঙত অতিষ্ঠ জনতা; গড়ে ২৩ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী মুখ্যমন্ত্ৰীৰ - APDCL

অসমৰ ক’ত কিমান নিজা বিদ্যুৎ উৎপাদন:

অসমত নিজাকৈ মাত্ৰ ৩৩৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ গোটবোৰৰ মুঠ ৬টা প্ৰকল্পৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প আৰু তাপবিদ্যুৎ প্ৰকল্প আছে । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা সৰ্বোচ্চ ১০০ মেগাৱাট বিজুলী লাভ কৰে অসমে ৷ এই ৩৩৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা অসমৰ নিজা বিদ্যুত উৎপাদন প্ৰকল্পসমূহ :

অসমৰ ক’ত কিমান নিজা শক্তি উৎপাদন:

ক্ৰমিকতাপ বিদ্যুৎ প্রকল্পউৎপাদিত বিদ্যুৎ
লাকুৱা তাপ বিদ্যুৎ প্রকল্প৬০ মেগাৱাট
লাকুৱা ৰিপ্লেচমেন্ট শক্তি প্রকল্প৬৯ মেগাৱাট
নামৰূপ তাপ বিদ্যুৎ প্রকল্প২০ মেগাৱাট
নামৰূপ ৰিপ্লেচমেণ্ট শক্তি প্রকল্প৯৮ মেগাৱাট
কার্বি লাংপি জলবিদ্যুৎ প্রকল্প১০০ মেগাৱাট
মিণট্রিয়াং ক্ষুদ্র জলবিদ্যুৎ প্রকল্প৮ মেগাৱাট

বিদ্যুৎ উৎপাদন বৃদ্ধিৰ বাবে কি কৰিছে অসম চৰকাৰে ?

ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই জনোৱা তথ্য অনুসৰি অসম চৰকাৰে নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন বৃদ্ধিৰ বাবে কেতবোৰ নতুন পদক্ষেপ হাতত লৈছে ৷ অসম চৰকাৰে বিশেষভাৱে সৌৰশক্তি উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভালেকেইটা প্ৰকল্প হাতত লৈছে ৷ অসম চৰকাৰে নিজাববীয়াকৈ বিদ্যুৎ উৎপাদনৰ বাবে এ পি ডি চি এলৰ উদ্যোগত সৌৰ প্রকল্প বা গোট স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ:

  • কাৰ্বি আংলঙত ১০০০ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰশক্তি প্ৰকল্প :

মুখ্যমন্ত্রীৰ সৌৰশক্তি প্রকল্প আঁচনিৰ অধীনত কাৰ্বি আংলং জিলাৰ লাহৰিজানত ১০০০ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰশক্তি প্ৰকল্পৰ ৰূপায়ণৰ কাম চলাই আছে অসম চৰকাৰে । এই প্ৰকল্পত মুঠ ব্যয় ৪০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । এই ৪০০০ কোটি টকাৰ ভিতৰত ৩২০০ কোটি টকা এছিয়ান ডেভেলপমেন্ট বেংকৰ দ্বাৰা বিনিয়োগ হ'ব ৷ অসম চৰকাৰে বিনিয়োগ কৰিব ৮০০ কোটি টকা ৷

লগতে পঢ়ক: ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান গৌৰৱ গগৈৰ - MP Gaurav Gogoi

  • ধুবুৰীত ৭০ মেগাৱাটৰ সৌৰশক্তি প্রকল্প :

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন গ্রীড সংযোগী ভূমিত সংস্থাপিত সৌৰ পি ভি প্রকল্প Build-Own-Operate (BOO) মোডত বিকাশ কৰাৰ লক্ষ্য লোৱা হৈছে । ইতিমধ্যে চুটলেজ জলবিদ্যুৎ নিগমৰ (SJVN) অধীনস্থ প্রতিষ্ঠান এচ জে ভি এন গ্রীণ এনার্জি লিমিটেডক ২০২৩ৰ আগষ্ট মাহত এই প্রকল্প ৰূপায়ণৰ বাবে ৱৰ্ক অৰ্ডাৰ দিযা হৈছে আৰু এ পি ডি চি এলে এই প্রতিষ্ঠানৰ সৈতে যোৱা ৭ ফেব্ৰুৱাৰীত এক শক্তি ক্রয় চুক্তিত চুক্তিবদ্ধ হৈছে । এই প্রকল্প কাৰ্যক্ষম কৰাৰ বাবে ২০২৫ চনৰ ৭ আগষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ।

  • ঢেকিয়াজুলিত ৫০ মেগাৱাট সৌৰশক্তি প্রকল্প:

এই আঁচনিৰ অধীনত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বৰচলা ৰাজহ চক্ৰৰ অধীনস্থ ৩ নং চিতলমাৰী গাঁৱত ৫০ মেগাৱাট ক্ষমতাসম্পন্ন গ্রীড সংযোগী ভূমিত সংস্থাপিত সৌৰ পি ভি প্রকল্প Build- Own-Operate (BOO) মোডত বিকাশ কৰাৰ লক্ষ্য লোৱা হৈছে । ইতিমধ্যে চুটলেজ জলবিদ্যুৎ নিগম (SJVN) ৰ অধীনস্থ প্রতিষ্ঠান এচ জে ভি এন গ্রীণ এনার্জি লিমিটেডক ২০২৩ ৰ ২৮ আগষ্টত এই প্রকল্প ৰূপায়নৰ বাবে ৱৰ্ক অৰ্ডাৰ দিছে । এ পি ডি চি এলে এই প্রতিষ্ঠানৰ সৈতে ইতিমধ্যে উৎপাদিত শক্তি ক্রয় কৰিবলৈ চুক্তিত চুক্তিবদ্ধ হৈছে । এই প্রকল্পৰো কাৰ্যক্ষম হৈ উঠাৰ সময়সীমা ২০২৫চনৰ ৭ আগষ্ট নিৰ্ধাৰণ কৰা হৈছে ৷

  • ২০০ মেগাৱাট সৌৰশক্তি প্রকল্প:

এই আঁচনিৰ অধীনত ৰাজ্যৰ যিকোনো ঠাইতে ২০০ মেগাৱাট ক্ষমতাসম্পন্ন গ্রীড সংযোগী ভূমিত সংস্থাপিত সৌৰ পি ভি প্রকল্প Build-Own-Operate (BOO) মোডত বিকাশ কৰাৰ লক্ষ্য লোৱা হৈছে । ইতিমধ্যে চুটলেজ জলবিদ্যুৎ নিগম (SJVN) ৰ অধীনস্থ প্রতিষ্ঠান এচ জে ভি এন গ্রীণ এনার্জি লিমিটেডক ২০২৩ ত এই প্রকল্প ৰূপায়নৰ বাবে ৱৰ্ক অৰ্ডাৰ দিয়া হৈছে । অসম শক্তি বিতৰণ কোম্পানী এ পি ডি চি এলে এই প্রতিষ্ঠানৰ সৈতে বিগত যোৱা ফেব্ৰুৱাৰী মাহত উৎপাদিত বিদ্যুৎ শক্তি ক্রয় কৰিবলৈ চুক্তিত চুক্তিবদ্ধ হৈছে । আন সৌৰ প্ৰকল্পকেইটাৰ দৰেই এইটো প্রকল্পৰো কাৰ্যক্ষম হৈ উঠাৰ সময়সীমা ২০২৫ৰ ৭ আগষ্ট নিৰ্ধাৰণ কৰা হৈছে ।

ইয়াৰ উপৰিও আন এক ১০০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প বিকাশৰ উদ্দেশ্যে এ পি ডি চি এল আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ মাজত যুটীয়া কৰ্মসূচী গঠন কৰিছে অসম চৰকাৰে ৷ ইয়াৰ বাবে এ পি ডি চি এল আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ মাজত যুটীয়া কৰ্মসূচী গঠনৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন হয় ।

লগতে পঢ়ক: হঠাৎ অন্ধকাৰে গ্ৰাস কৰিলে উজনি অসম; মুখ্যমন্ত্ৰীৰ ওচৰ পালেহি অভিযোগ; তাৰ পিচত... - Power supply disrupt in Upper Assam

  • পি এম সূৰ্যঘৰ মুফ্ট বিজলী যোজনা:

এই আঁচনিৰ অধীনত বাসগৃহৰ ছাঁদত 'গ্রীড-সংযোগী ৰুফটপ সৌৰশক্তি প্রকল্প' স্থাপনৰ কাম অব্যাহত ৰাখিছে ৷ এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজ-সাহায্যৰ ব্যৱস্থা আছে । যোৱা ১৫ আগষ্ট পর্যন্ত অসমত মুঠ ৪৪৭ গৰাকী হিতাধিকাৰীৰ গৃহত গ্রীড-সংযোগী ৰুফটপ সৌৰশক্তি প্রকল্প স্থাপন কৰা হৈছে, যাৰ সৰ্বমুঠ ক্ষমতা ১,৫৩৯ কিল'ৱাট ।

ইয়াৰ উপৰিও আন একাধিক সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে অসম চৰকাৰে ।

এই সৌৰ প্ৰকল্পসমূহ কাৰ্যক্ষম হ’লে ২০২৫ৰ আগষ্ট মাহৰ ভিতৰত ২৩২০ মেগাৱাটতকৈয়ো অধিক সৌৰ শক্তিৰ পৰা অসমত বিদ্যুৎ উৎপাদন হ’ব । উৎপাদনকাৰী কোম্পানীসমূহৰ পৰা অসম চৰকাৰে প্ৰয়োজনীয় বিদ্যুৎ ক্ৰয়ৰ বাবে ইতিমধ্যে চুক্তিবদ্ধও হৈছে ৷

অসম চৰকাৰে হাতত লোৱা পৰিকল্পনা অনুসৰি যদিহে এই সৌৰ শক্তি প্ৰকল্পসমূহ সময়মতে কাৰ্যক্ষম হৈ উঠে তেন্তে ২০২৫ৰ শেষৰভাগলৈ হয়তো অসমে নিজ ৰাজ্যত বিদ্যুৎ উৎপাদনৰ জড়িয়তে বিদ্যুৎ নাটনিৰ সমস্যাৰ সমাধানৰ দিশে আগবাঢ়িব পাৰিব । অৱশ্যে সৌৰ শক্তি উৎপাদিত বিদ্যুতৰ দাম কেনে হ’ব সেয়া এক সুকীয়া আলোচনাৰ বিষয় । কিন্তু আৰু যে এটা বছৰ বিদ্যুতৰ নাটনি আৰু চৰা দামৰ বাবে অসমবাসীয়ে জীয়াতু ভুগিব লাগিব সেয়া নিশ্চিত ।

লগতে পঢ়ক: ৰাজ্যত বিদ্যুতৰ সংকট : চাহিদা ২৫০০ মেগাৱাট আৰু উৎপাদন ৪২০ মেগাৱাট - Power crisis in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.