ETV Bharat / state

পানীত নামি বানাক্ৰান্তৰ খবৰ লৈছে মুখ্যমন্ত্ৰীয়ে : বহু স্থানত বন্য়াৰ্তই পোৱা নাই সা-সুবিধা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:46 PM IST

Current flood situation of Assam : বহু ঠাইত বন্য়াৰ্তই লাভ কৰা নাই প্ৰয়োজনীয়খিনি ৷ কোনো কোনো স্থানত অচিন ৰোগত ভুগি মৃত্যু হৈছে পশুধনৰ ৷ মুখ্যমন্ত্ৰীসহ জনপ্ৰতিনিধিয়ে কথা পাতিছে শিৱিৰত থকাসকলৰ সৈতে ৷

Current flood situation of Assam
বান পৰিস্থিতিৰ শেহতীয়া খবৰ (ETV Bharat Assam)

নিউজ ডেস্ক, 5 জুলাই : বানাক্ৰান্তৰ আশ্ৰয় শিৱিৰে শিৱিৰে উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী-বিধায়কসকল ৷ বুজ লৈছে সুবিধা -অসুবিধাৰ ৷ বহু ঠাইত দেখা দিছে খাদ্য-বস্ত্ৰ-বাসস্থানৰ অভাৱে ৷

খোৱাঙৰ আশ্ৰয় শিৱিৰে শিৱিৰে মুখ্যমন্ত্ৰী :

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পৰিদৰ্শন কৰিলে ডিব্ৰুগড় জিলাৰ বানবিধ্বস্ত খোৱাং অঞ্চল ৷ বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিৱিৰত উপস্থিত হৈ বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে ৷ শিৱিৰত থকা সকলোকে তৎকালে পৰ্যাপ্ত কাপোৰ-কানি আৰু আন আন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ খোৱাং অঞ্চলৰ ভগ্ন মথাউৰি আৰু ক্ষতিগ্ৰস্ত মথাউৰি পুনৰ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকা, ৰণজিৎ কুমাৰ দাস, বিধায়ক বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, তৰংগ গগৈ উপস্থিত থাকে ।

ৰিং বান্ধ পৰিদৰ্শন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ :

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত খহি নিঃশেষ হোৱাৰ উপক্ৰম হৈছে টীয়কৰ নপমুৱা সমীপৰ ৰিংবান্ধ ৷ শতাধিক পৰিয়ালৰ যাতায়তৰ একমাত্ৰ পথটো এতিয়া চিন্ন-বিছিন্ন হোৱাৰ উপক্ৰম হৈছে ৷ শুকুৰবাৰে উক্ত ৰিংবান্ধটো মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰিদৰ্শন কৰে ৷ চক্ৰ বিষয়াকে ধৰি বিষয়াসকলক তাৎক্ষনিকভাৱে নিদিষ্ট স্থানলৈ আহিবলৈ ফোনযোগে নিৰ্দেশ দিয়াৰ লগতে অনতি পলমে বান্ধটোৰ খহনীয়া অংশ মেৰামতিৰ বাবে আহ্বান জনায় ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে সংবাদ মাধ্যমত উক্ত ৰিং বান্ধটোৰ খহনীয়াৰ দৃশ্য সবিস্তাৰে প্ৰকাশ পাইছিল ৷

গোগামুখত গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ :

শুকুৰবাৰে পুৱাৰে পৰা ধেমাজিৰ মিংমাং পঞ্চায়তৰ কেবাটাও খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুৱে ৷ দিনটোৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে মিংমাং পঞ্চায়তৰ নাহৰ নলা, কৈলাশপুৰ, ৰূপহী জান,পাৰ্বতীপুৰত পাহাৰীয়া নৈয়ে ক্ষতিগ্ৰস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে৷ ধেমাজি আৰু লখিমপুৰ জিলাৰ পৰিস্থিতি অধ্যয়ন কৰি মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰিব জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

টীয়কৰ বানাক্ৰান্ত অঞ্চলত মন্ত্ৰী বিমল বড়া :

শুকুৰবাৰে টীয়কৰ বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ ৰাইজৰ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী বিমল বড়াই ৷ মৰিয়নী আৰু টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাটাও অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিমল বড়াই কয় যে বিধায়ক ৰূপজ্যোতিৰ কুৰ্মীয়ে ইতিমধ্যে সমবায়ভাৱে কঠিয়া পাৰিছে, গতিকে ক্ষতিগ্ৰস্ত কৃষকক কঠীয়াৰ ক্ষেত্ৰত সহায় কৰিবপৰা যাব ৷

বিষয়া-অভিযন্তাৰ লগতে ঠিকাদাৰক শাস্তি প্ৰদানৰ দাবী :

জোনাইৰ চিয়াং লালী নদীৰ পাৰত বানখহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা কোটিটকীয়া মথাউৰিটোৰ এতিয়া তথৈবচ অৱস্থা । খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰিটো নিৰ্মাণৰ প্ৰায় দুবছৰ ভিতৰতে চপৰা-চপৰে খহাত নিদ্ৰাহৰণ কৰিছে নদী কাষৰীয়া ৰাইজৰ ৷ সম্পূৰ্ণ বালিমাটিৰে মথাউৰিটো নিৰ্মাণ কৰাৰ ফলত বিভিন্ন সময়ত সামান্য বৰষুণ আহিলেই খহনীয়াৰ সৃষ্টি হৈ আহিছে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় যে জলসম্পদ বিভাগে কেৱল নিবিদা আবেদন কৰিয়ে ঠিকাদাৰক ঠিকা দি কামৰ কোনো খতিয়ান নিৰীক্ষণ কৰা দেখা নাই । যাৰ ফলত জোনাইত এই ঘটনা সংঘটিত হৈছে ৷ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণকাৰ্যত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা জোনাই জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ লগতে ঠিকাদাৰজনৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহীত শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে ৷

দিখৌমুখত পশুধনৰ অচিন ৰোগ :

শিৱসাগৰ জিলাৰ দিখৌমুখত বানৰ তাণ্ডৱৰ পিচতেই পশুধনৰ অচিন ৰোগ হোৱা পৰিলক্ষিত হৈছে ৷ অচিন ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হৈছে । তিনি মাহৰ পৰা এবছৰীয়া পোৱালীৰ মাজত হৈছে এই অচিন ৰোগ হৈ বখলা-বখলে ছাল এৰি যোৱা এই অচিন ৰোগত বহু গো-পালকৰ পশুধনৰ মৃত্যু হৈছে ৷ দিখৌমুখৰ ১ নং আলিমূৰ, তেলিয়াডোঙা, দেওঘৰীয়া আদি অঞ্চলত এই অচিন ৰোগৰ প্ৰকোপ অত্যধিক হোৱা পৰিলক্ষিত হৈছে । চাল বখলা-বখলে এৰি যোৱাৰ পিচতে খাদ্য খাবলৈ এৰি দিয়াৰ ফলত দুৰ্বল হৈ গো-ধনৰ মৃত্যুও হৈছে ৷ গো-পালকসকলৰ এনে দুৰ্যোগৰ সময়ত পশুপালন বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ধেমাজিত বানাক্ৰান্ত কৃষকৰ বাবে কঠিয়াৰ ব্যৱস্থা :

ধেমাজিত আগতীয়া ধানখেতিৰ কঠিয়াতলী পানীত ডুব যোৱাত দিকবিদিক হেৰুৱাইছে কৃষিজীৱী ৰাইজে ৷ সেয়ে কৃষকক সকাহ দিয়াৰ উদ্দেশ্য ধেমাজি কৃষি বিভাগে সমূহীয়া কঠিয়াতলীৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে এই বছৰত ধেমাজি জিলাৰ কেৱল ধেমাজি কৃষিচক্ৰৰ অধীনত 10হেক্টৰ কৃষিভূমিৰ চাৰি ঠাইত এনেসমূহীয়া কঠিয়াতলীৰ ব্যৱস্থা কৰা হৈছে ৷

তেজপুৰত বনৰীয়া হাতীৰ মাতৃহাৰা পোৱালি :

বিগত তিনিদিন ধৰি তেজপুৰত একাষৰীয়া হৈ থাকিল বনৰীয়া হাতীৰ পোৱালি এটা ৷ ৰাইজে পোৱালিটো ধৰি বন বিভাগক চমজাই দিয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ পোৱালিটো নিবলৈ বন বিভাগে যৎপৰোনাস্তি চেষ্টা চলালে যদিও কোনো কাৰণতে গাড়ীত উঠাব নোৱাৰিলে ৷ অৱশেষত পোৱালিটো পুনৰ মুকলি কৰি দিলে বন বিভাগে ৷ মাকৰ সৈতে আহিছিল যদিও মাকে লগ এৰি আঁতৰি যোৱাত পোৱালিটো অকলশৰীয়া হৈ পৰে ৷

ধুবুৰীত খাদ্য সামগ্ৰীৰ দামবৃদ্ধি :

বানাক্ৰান্ত লোকৰ পৰা খাদ্য সামগ্ৰীৰ অত্যধিক দাম লৈছে ধুবুৰী বজাৰত ৷ দুৰ্যোগৰ সময়ত বজাৰসমূহত নিজৰ ইচ্ছা অনুসৰি বিক্ৰেতাই দামবৃদ্ধি কৰি বানাক্ৰান্তসকলৰ ওপৰত মাধমাৰ সোধাইছে ৷ জিলা প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি ই টিভি ভাৰতক জানিবলৈ দিয়া হয়৷ আনহাতে জিলাখনৰ চৰ অঞ্চলৰ বানাক্ৰন্তসকলে বৰ্তমানেও কোনোধৰণৰ সাহায্য লাভ কৰা নাই । বিশুদ্ধ খোৱাপানীৰ অভাৱৰ লগতে ভেড়া-ছাগলী আদি মৃত্যুমুখত পৰিছে ৷

ধুবুৰী, গোৱালপাৰা, বৰপেটালৈ মন্ত্ৰীক পঠিওৱাৰ আহ্বান:

বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বিলাসীপাৰাৰ বিভিন্ন গাঁৱত ৷ বানৰ কৱলত পৰিছে প্ৰায় ৩৪ খন গাঁও ৷ খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ ৷ আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত সংগঠনটোৰ এটি সজাতি দল বানাক্ৰান্তৰ কাষত উপস্থিত হয় ৷ দলটোৱে খোৱাপানী, খাদ্য সামগ্ৰী, শিশুখাদ্য বিতৰণ কৰাৰ লগতে বান পৰিস্থিতিৰ বুজ লয় । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সংগঠনটোৱে কয় যে উজনি, মধ্য অসমৰ প্ৰতিখন জিলাত মন্ত্ৰীসকলক বান পৰিস্থিতি খবৰ ল’বলৈ দায়িত্ব অৰ্পণ কৰিছে । সমান্তৰালভাৱে ধুবুৰী, গোৱালপাৰা আৰু বৰপেটা জিলালৈও বিভাগীয় মন্ত্ৰীক পঠিয়াবলৈ আহ্বান জনায় আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাইল কৰিম সৰকাৰে ৷

লগতে পঢ়ক: পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.