ETV Bharat / state

পানীত ডুব গৈছে অসম : ৫ বছৰত অসমে বিচৰা ১০,৭৮৫.৩৮ কোটিৰ বিপৰীতে দিল্লীয়ে দিলে মাত্ৰ ২৫০.৩১ কোটি টকা - Raijor Dal on Assam flood

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:02 AM IST

Raijor Dal press meet on Assam flood : আজিও বানমুক্ত নহ’ল অসম ৷ বানপৰিস্থিতি মোকাবিলা কৰাৰ বাবে যোৱা ৫ বছৰে অসমে বিচৰা ১০,৭৮৫.৩৮ কোটিৰ বিপৰীতে দিল্লীয়ে দিলে মাত্ৰ ২৫০.৩১ কোটি টকা ৷ এই তথ্য ৰাজহুৱা কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ৷

Raijor Dal press meet on Assam flood
৫ বছৰত অসমে বিচৰা ১০,৭৮৫.৩৮ কোটিৰ বিপৰীতে দিল্লীয়ে দিলে মাত্ৰ ২৫০.৩১ কোটি টকা (ETV Bharat Assam)

গুৱাহাটী, ৪ জুলাই : ‘‘বিজেপিৰ ৮ বছৰীয়া কাৰ্যকালৰ নিৰ্বাচনত মূলমন্ত্ৰ আছিল বানমুক্ত অসম । কিন্তু আজিও অসমৰ অৱস্থা কিয় এনেকুৱা ?’’ এই মন্তব্য ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ ৷

উল্লেখ্য যে, ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত বুধবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেলতে কেতবোৰ মন্তব্য কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

তেওঁ কয়, ‘‘সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মূল ঘোষণা আছিল ব্ৰহ্মপুত্ৰ খনন কৰা ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহ'ল । আজিৰ তাৰিখত বিজেপিৰ অদ্ভূত যুক্তি, ডাঙৰ পুখুৰী খান্দি বানপানী ৰোধ কৰাৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ ।’’

লগতে পঢ়ক : জাঁজীৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে টীয়কৰ বনাই নপমুৱাৰ ৰিং বান্ধলৈ - ASSAM FLOOD 2024

লগতে তেওঁ কয়, ‘‘যি কেইখন উপ-নদীয়ে বানপানীৰ সৃষ্টি কৰে, সেই নদীৰ বহন ক্ষমতা কিমান অধ্যয়ন কৰিছেনে ? এই উত্তৰ বিজেপিৰ হাতত আছে নেকি ? নদী বান্ধবোৰ খুলি দিয়াৰ ফলত কিমান আয়তন পানী ওলাই যাব, পুখুৰীতো কিমান আয়তনৰ পানী ধৰিব কিবা তথ্য আছে নেকি? পুখুৰী খন্দাৰ বিপৰীতে কিমান জলাশয় পুতি পেলোৱা হ'ল ? চৰকাৰে এই তথ্য মুকলি ভাৱে জনাব লাগে ৷’’

তেওঁ আৰু কয়, ‘‘জলাশয় পুতি AIIMS ৰ কাষত কোনে মাটি লোৱাৰ ফলত ৫ খন গাঁৱত যে পানী হয় সেয়া সকলোৱে জানে । কলিয়াবৰত এটা মথাউৰিৰ কামৰ বাবে মন্ত্ৰী কেশৱ মহন্তৰ ভায়েক কৃষ্ণ মহন্তৰ প্ৰতিষ্ঠান মাধৱ এণ্টাৰপ্ৰাইজে ৭ কোটিৰো অধিক ব্যয়ৰ বাবে ঠিকা লাভ কৰিছিল ৷ এই কামৰ বাবে মাত্ৰ নিবিদা দুখনেই আহিছিল ।’’

লগতে পঢ়ক : বন্যাৰ্তৰ তীব্ৰ ক্ষোভৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত - Assam Flood 2024

তেওঁ কয়, ‘‘হাতিমুৰা বান্ধটো ২০১৭ চনত সেইজন কেশৱ মহন্তৰ ভাতৃয়েই কাম লাভ কৰিছিল । তেতিয়া মথাউৰি ভঙাৰ ফলত তদন্ত ঘোষণা কৰা হৈছিল, সেই তদন্ত কি হ' ল ? কিয় সেইজন ব্যক্তিকেই ঠিকা দিয়া হৈছিল ? হোজাই অঞ্চলত হোৱা বানৰ তাণ্ডৱ চলা সময়ত বঢ়মপুৰৰ বিধায়ক আজি থাইলেণ্ডত ৬০ গৰাকী বন্ধু বান্ধবীক লৈ পুত্ৰৰ উপনয়ন পাতি আছে । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়কজন যে আজি ৰাইজৰ ওচৰত নাই, তেওঁৰ ওপৰত কি ব্যৱস্থা ল'বনে ?’’

‘‘মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰথমটো বানত চিংগাপুৰত আছিল, তেতিয়া গৃহমন্ত্ৰীয়ে কৰা দুখ প্ৰকাশ চিংগাপুৰৰ পৰা কৰিছিল । গতিকে এইজন মুখ্যমন্ত্ৰীয়ে কি নৈতিকতাৰে বিধায়কজনৰ ওপৰত ব্যৱস্থা ল'ব ! ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে ১২৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল বানপানী ৰোধৰ বাবে আৰু গৱেষণাৰ বাবে ১০০ কোটি ঘোষণা কৰিছিল, সেই ঘোষণা কৰা টকাৰ হিচাপ ক'ত ?’’

লগতে পঢ়ক : দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে উল্লেখ কৰা মতে, যোৱা ৫ বছৰত বান পৰিস্থিতিৰ ৰোধৰ বাবে NDRF ৰ ধন অসমে বিচাৰিছিল এনেদৰে-

  • ২০১৮-১৯ চনত ২৫০৯.০৭কোটি টকা

দিল্লীয়ে দিলে = শূণ্য

  • ২০১৯-২০ চনত ৩২৩৭টকা

দিল্লীয়ে দিলে = শূণ্য

  • ২০২০-২১ চনত ২৬৪০.৮৭ কোটি টকা

দিল্লীয়ে দিলে ৪৪.৩৭কোটি টকা

  • ২০২১-২২ চনত ১০৮৮.১৮কোটি টকা ,

দিল্লীয়ে দিলে = শূণ্য

  • ২০২২-২৩ চনত ১৩০৯.৫০ কোটি টকা

দিল্লীয়ে দিলে ১৬০.৯৪ কোটি টকা

  • পাঁচ বছৰত ১০,৭৮৫.৩৮ কোটি বিচাৰিছিল

দিল্লীয়ে দিলে ২৫০.৩১কোটি

আন ৰাজ্যক কিমান আৰু অসমক কিমান ধন দিলে অসম চৰকাৰে সেই তথ্য ৰাজহুৱা কৰিবলৈ ৰাইজৰ দলে চৰকাৰক প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক : আৰ্তজনৰ কাষত থিয় দিবলৈ নেতা-কৰ্মীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.