ETV Bharat / state

ভাৰতীয় পাছপ’ৰ্ট থকা লোকসকলকহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ’ব : আৰক্ষী সঞ্চালকপ্ৰধান - ASSAM DGP ON BANGLADESH VIOLENCE

author img

By ANI

Published : Aug 9, 2024, 10:50 AM IST

Security review meeting in Tinsukia: বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু অসমত অবৈধভাৱে বাংলাদেশী প্ৰৱেশ কৰাৰ বিষয়ত মাত মাতিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এইক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ পঢ়ক সবিশেষ খবৰ...

ASSAM DGP ON BANGLADESH VIOLENCE
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং (ANI)

নিউজ ডেস্ক, 9 আগষ্ট : বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে অসমৰ আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে কয় যে কেৱল ভাৰতীয় পাছপোৰ্ট থকা ব্যক্তিসকলকহে নিৰ্ধাৰিত নিয়মৰ মাজেৰে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব ৷

"আমাৰ ফালৰ পৰা দিশটো অতি স্পষ্ট যে আমি কাকো ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ নিদিওঁ । অসম আৰু দেশৰ অন্যান্য প্ৰান্তৰ বহুতো শিক্ষাৰ্থীয়ে বাংলাদেশত অধ্যয়ন কৰি আছে । যোৱা মাহত অসমৰ 60 জন শিক্ষাৰ্থীসহ 78 জন ব্যক্তি বাংলাদেশৰ পৰা উভতি আহিছিল । আমি কেৱল ভাৰতীয় পাছপোৰ্ট থকা ব্যক্তিসকলকহে অসমত প্ৰৱেশ কৰিবলৈ অনুমতি দিম ৷ অন্যথা আমি কাকো ৰাজ্যত প্ৰৱেশ কৰিবলৈ নিদিওঁ ৷" সিঙে কয় ।

"আমি যোৱা তিনিদিন ধৰি নিয়মীয়াকৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছো । যেতিয়া বাংলাদেশত এনে পৰিস্থিতি সৃষ্টি হৈছিল, তেতিয়া আমি তাৎক্ষণিকভাৱে সকলো সাংসদৰ সৈতে এক ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰিছিলো ৷ আমি বি এছ এফৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্স বৈঠকো অনুষ্ঠিত কৰিছিলো আৰু কেন্দ্ৰীয় গৃহ সচিবো সেই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল । অসমত আমাৰ চাৰিখন জিলা - কাছাৰ, কৰিমগঞ্জ, ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সৈতে সংযুক্ত হৈ আছে বাংলাদেশৰ সীমান্ত ৷ বি এছ এফৰ লগতে অসম আৰক্ষীও প্ৰতিৰক্ষাৰ দ্বিতীয় শাৰী হিচাপে এইক্ষেত্ৰত সাজু । অসম আৰক্ষী আৰু বি এছ এফে বহুঠাইত যুটীয়াভাৱে টহল দি আছে ৷" তিনিচুকীয়াত বৃহস্পতিবাৰে ডিজিপি সিঙে কয় ।

তেওঁ লগতে কয়, "যদি কোনোবাই অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা চলাই, তেন্তে আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম । আমাৰ সীমান্ত এতিয়া শক্তিশালী স্থিতিত আছে ৷’’ 15 আগষ্টত স্বাধীনতা দিৱসৰ পূৰ্বে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে এক নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ব্যক্ত কৰে এই কথা ৷

"আমাৰ তথ্য অনুসৰি, আলফা-১ ৰ এটা গোট এতিয়া অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত বাহৰ পাতি আছে । আমি এই গোটটো কেনেদৰে নিষ্ক্ৰিয় কৰিব লাগে, সেই বিষয়ে আলোচনা কৰিছিলো আৰু সংশ্লিষ্ট সকলোকে সতৰ্ক হৈ থাকিবলৈ কৈছিলো ৷ যাতে দলটোৱে ৰাজ্যখনত কোনো বিধ্বংসী কাৰ্যকলাপ চলাবলৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে । আৰক্ষী, চি আৰ পি এফ, সেনা আৰু সকলো চোৰাংচোৱা সংস্থাক ইতিমধ্যে এই বিষয়ে অৱগত কৰা হৈছে । অসমত এতিয়া শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে ৷ মই আলফাক শান্তিপূৰ্ণ পৰিৱেশ ধ্বংস নকৰিবলৈ অনুৰোধ জনাইছো । যদি কাৰোবাৰ অভিযোগ আছে, তেন্তে তেওঁলোকে চৰকাৰৰ সৈতে কথা পাতিব পাৰে । আমি সতৰ্ক হৈ আছো ৷" জি পি সিঙে এনেদৰে কয় ।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "ভাৰত চৰকাৰে ৰাজ্য চৰকাৰক ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিছে, যাতে কোনেও দেশৰ ভিতৰলৈ আহিব নোৱাৰে । সেই অনুসৰি অসম চৰকাৰে সীমান্ত অঞ্চলত কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে বৈধ পাছপোৰ্ট, ভিছাৰ লগতে এই দেশৰ প্ৰকৃত আৰু সৎ নাগৰিকৰ বাহিৰে আমাৰ দেশত কোনেও প্ৰৱেশ কৰা নাই । অৱশ্যে, মই আশা কৰোঁ যে ভাৰত চৰকাৰে সকলো প্ৰচেষ্টা সম্ভৱপৰ কৰি তুলিব ৷ মই নিশ্চিত যে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে বাংলাদেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু খৃষ্টান লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এইটো কৰি আছে ৷’’

বাংলাদেশত এক তৰল ৰাজনৈতিক পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বৰ্ধিত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিগত 5 আগষ্টত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে ৷ মুখ্যতঃ শিক্ষাৰ্থীসকলে চৰকাৰী চাকৰিৰ বাবে কোটা প্ৰণালী বন্ধ কৰাৰ দাবীত নেতৃত্ব দিয়া এই প্ৰতিবাদ চৰকাৰ বিৰোধী প্ৰদৰ্শনলৈ ৰূপান্তৰিত হয় ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শ্বেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশত্যাগ কৰাৰ এদিন পিছতে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনে অন্তৱৰ্তীকালীন প্ৰশাসন গঠনৰ পথ প্ৰস্তুত কৰিবলৈ দেশৰ সংসদ ভংগ কৰাৰ কথা ঘোষণা কৰে ।

নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে । বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব জয়নাল আবেদিনে এই ঘোষণা কৰে । ৰাষ্ট্ৰপতি শ্বাহবুদ্দিন আৰু বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ সমন্বয়কসকলৰ মাজত হোৱা বৈঠকত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী নিযুক্তি সন্দৰ্ভত এই সিদ্ধান্ত লোৱা হয় ।

লগতে পঢ়ক: নেতৃত্বত ইউনুছ: বাংলাদেশত গঠন অন্তৱৰ্তীকালীন চৰকাৰ - Bangladesh Interim Government

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.