ETV Bharat / state

মহিলাক সন্মান কৰক : কলকাতাৰ ঘটনাক তীব্ৰ নিন্দা জি পি সিঙৰ - Assam DGP

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:16 PM IST

DGP GP Singh in Tezpur : আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাক তীব্ৰ নিন্দা জিপি সিঙৰ ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ 2024-25 বৰ্ষৰ দীক্ষাৰম্ভ কাৰ্যসূচীত অংশগ্ৰহণ আৰক্ষী সঞ্চালক প্ৰধানজনৰ ৷

DGP GP SINGH IN TEZPUR
তেজপুৰ বিশ্ববিদ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান (ETV Bharat Assam)

তেজপুৰ, 19 আগষ্ট : "মহিলাক সন্মান কৰক ৷ নিজৰ মাতৃ-ভগ্নীৰ দৰে মহিলাক সন্মান কৰাৰ প্ৰয়োজন ৷" কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাক তীব্ৰ নিন্দা কৰি ছাত্ৰ-ছাত্ৰীক ঘৰত ভাল শিক্ষা প্ৰদান কৰাৰ আহ্বান জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ 2024-25 বৰ্ষৰ দীক্ষাৰম্ভ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সিঙে কয় যে, দেশৰ যুৱক-যুৱতীসকল দেশৰ আটাইতকৈ মূল্যৱান সম্পদ ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ 2024-25 বৰ্ষৰ দীক্ষাৰম্ভ কাৰ্যসূচীত জি পি সিং (ETV Bharat Assam)

তেওঁ লগতে কয় যে, এখন শক্তিশালী সমাজ আৰু জাতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷ আপুনি এজন ভাল মানুহ হৈ ভাল সমাজৰ অংশ হ'ব ৷ ভাল মানুহে স্বাভাৱিকতে সফল হয় আৰু এখন উন্নত সমাজ গঢ়াত অৰিহণা যোগাই বুলিও তেওঁ কয় ৷ আৰক্ষী সঞ্চালক প্ৰধানজনে ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দি কয়, "মই শুনিছো যে নতুন প্ৰজন্ম হতাশা আৰু উদ্বিগ্নতাত ভুগিছে ৷ এই নেতিবাচক দিশসমূহৰ সৈতে মোকাবিলা কৰাৰ এটা উপায় হ'ল আপোনাৰ পিতৃ-মাতৃ, শিক্ষক আৰু গুৰুৰ সৈতে এক শক্তিশালী সংযোগ স্থাপন কৰা ৷"

আনহাতে এজন ছাত্ৰই দেশত তথা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ দি আৰক্ষী সঞ্চালক প্ৰধানজনে কয় যে, লাওচ, ম্যানমাৰৰ লগতে পাকিস্তান আৰু আফগানিস্থানৰ পৰা ড্ৰাগছৰ সৰবৰাহ অধিক হয় যদিও বিগত সময়ছোৱাত চৰকাৰে ইয়াক যথেষ্ট প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াক তাৎক্ষণিকভাবে বন্ধ কৰাটো সম্ভৱ নহয় বুলি প্ৰকাশ কৰি সম্প্ৰতি ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীৰ একাধিক গোট গঠন কৰা হৈছে আৰু ইয়াৰ প্ৰতিৰোধ কৰা হ’ব বুলিও তেওঁ কয় ৷

আনহাতে আজি দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে নতুন ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ছাত্ৰ-ছাত্ৰীসকলক একাগ্ৰতাৰে শৈক্ষিক সাধনাত লিপ্ত হ’বলৈ আহ্বান জনায় ৷ উপাচাৰ্যগৰাকীয়ে কয় যে উচ্চ শিক্ষানুষ্ঠানৰ সফলতা নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰী, অধ্যাপক সদস্য আৰু প্ৰশাসনৰ মাজৰ সম্পৰ্কৰ ওপৰত ৷ সেয়েহে যেতিয়া প্ৰতিষ্ঠানটোৰ সৈতে এক সমন্ধ গঢ়ি তোলা হয় তেতিয়া প্ৰতিষ্ঠান আৰু ব্যক্তি দুয়োটাৰে সমৃদ্ধি হয় ৷ লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জীৱন দক্ষতা বিকাশৰ বাবে সহ পাঠ্যক্ৰমৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : মই অসহায় অনুভৱ কৰা নাই : আৰক্ষী সঞ্চালক প্ৰধান - Assam DGP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.