ETV Bharat / state

অপৰাধৰ তদন্ত, অভিযোগনামা দাখিল আৰু দোষী সাব্যস্তকৰণত আৰক্ষীৰ সাফল্যৰ দাবী জিপি সিঙৰ - Assam Police - ASSAM POLICE

GP Singh on investigation process of Assam police: অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰে ৰাজ্যত সংঘটিত অপৰাধৰ পৰ্যালোচনা সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ অপৰাধৰ তদন্ত, অভিযোগনামা দাখিল আৰু দোষী সাব্যস্তকৰণত সাফল্যৰ দাবী ৷

GP Singh on investigation process of Assam police
শীৰ্ষ আৰক্ষী বিষয়াৰে আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠক (X/@gpsinghips)
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 5:00 PM IST

গুৱাহাটী, ২৫ আগষ্ট : ৰাজ্যত বৃদ্ধি হোৱা অপৰাধৰ সংখ্যা আৰু ইয়াৰ সমান্তৰালভাৱে সংঘটিত নাৰীজনিত অপৰাধৰ গোচৰৰ তদন্তৰ নিষ্ফল পৰিণতিৰ লগতে দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰাৰ ব্যৰ্থতাৰ বাবে অসম আৰক্ষী বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছে । আনহাতে ইয়াক লৈ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ৰাজ্যত সংঘটিত অপৰাধমূলক ঘটনা সন্দর্ভত পর্যালোচনা কৰে ।

GP Singh on investigation process of Assam police
প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ সংখ্যা (X/@gpsinghips)

অসম আৰক্ষীৰ মুখ্য কার্যালয়ত শীর্ষ বিষয়াবৰ্গৰ উপস্থিতিত অনুষ্ঠিত মাহেকীয়া ৰাজ্যিক পর্যালোচনা বৈঠকৰ অন্তত আৰক্ষী সঞ্চালকপ্ৰধানজনে যোৱা ছবছৰৰ বিভিন্ন অপৰাধ আৰু গোচৰ নিষ্পত্তিৰ পৰিসংখ্যা প্ৰকাশ কৰে । তেওঁ অসম আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া, অভিযোগনামা দাখিল আৰু দোষী সাব্যস্ত কৰাৰ হাৰৰ ক্ষেত্ৰত ক্ৰমাগত সফলতা লাভ কৰা বুলি দাবী কৰিছে ।

বিগত ছবছৰত অভিযোগনামা (X/@gpsinghips)

বৈঠকৰ পাছত 'এক্স' আৰু ফেচবুকযোগে সিঙে প্ৰকাশ কৰা পৰিসংখ্যা মতে, অসমত ২০১৯ চনৰপৰা সৰ্বমুঠ অপৰাধৰ (ভাৰতীয় দণ্ডবিধি আৰু স্থানীয় বিশেষ আইনৰ অধীনৰ) সংখ্যা আৰু হাৰ হ্ৰাস পাইছে । অপৰাধৰ হাৰ (প্ৰতি এক লাখ লোকৰ বিপৰীতে) ২০১৯ চনত ৩৮৭.৫ৰ পৰা ২০২৪ চনৰ জুলাই পর্যন্ত ১৩৮.১লৈ হ্ৰাস পাইছে । একেদৰে অভিযোগনামা দাখিলৰ হাৰ ৪৮.৮০ শতাংশৰপৰা ৬৪.৫৬ শতাংশলৈ বৃদ্ধি হৈছে । কিন্তু তাৰ বিপৰীতে গোচৰ নিষ্পত্তিৰ হাৰ সেই অনুপাতে বৃদ্ধি হোৱা নাই ।

দোষী সাব্যস্তৰ হাৰ (X/@gpsinghips)

মুঠ গোচৰ নিষ্পত্তিৰ (তদন্ত সম্পূৰ্ণ কৰা) হাৰ ২০১৯ চনত আছিল ০.৪৯ শতাংশ । ২০২৪ৰ জুলাই পর্যন্ত এই হাৰে কথমপি ০.৬৫ শতাংশৰ ঘৰ স্পৰ্শ কৰিছে । অৱশ্যে ভাৰতীয় দণ্ডবিধি আৰু অন্য স্থানীয় বিশেষ আইনৰ অধীনৰ অপৰাধকে ধৰি মুঠ অপৰাধৰ গোচৰত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ২০১৯ চনৰ ৫.৯ শতাংশৰপৰা ২০২৪ (জুলাই পর্যন্ত)২১.৮৪ শতাংশলৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : মহিলাক সন্মান কৰক : কলকাতাৰ ঘটনাক তীব্ৰ নিন্দা জি পি সিঙৰ

মই অসহায় অনুভৱ কৰা নাই : আৰক্ষী সঞ্চালক প্ৰধান

সাজু হ'বৰ হ'ল আৰক্ষীৰ লোক : ১৬ আগষ্টৰ পৰা পুনৰ বি এম আই টেষ্টিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.