ETV Bharat / state

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেবিনেটৰ কৰ্তৃত্বক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ - Assam Accord Clause 6

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 6:51 PM IST

APCC PC in Dibrugarh: অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন অসম প্ৰদেশ কংগ্ৰেছৰ ৷ কেন্দ্ৰীয় চৰকাৰে সংসদত এই সন্দৰ্ভত আলোচনা নকৰা পৰ্যন্ত কিবা লাভ হ'ব বুলি অনুভৱ নকৰে বুলি উল্লেখ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ইফালে জনজাতিকৰণক লৈ কংগ্ৰেছ পূৰ্বৰ সিদ্ধান্তত অটল থকাৰ কথা ব্যক্ত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

APCC PC in Dibrugarh
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (Etv Bharat Assam)

ডিব্ৰুগড়, 7 ছেপ্টেম্বৰ: বিগত কেইবাদিনো ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উজনি অসম ভ্ৰমণ কৰা পাছতে আজি ডিব্ৰুগড়ত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে এখন যৌথ সংবাদমেল আয়োজন কৰি ৰাজ্য চৰকাৰৰ শেহতীয়া কাম-কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সংবাদমেল সম্বোধন কৰি প্ৰথমতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "2019ত গঠিত হোৱা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন 2020ত চৰকাৰক দাখিল কৰিছিল । ইমানদিনে বিজেপি চৰকাৰে প্ৰতিবেদনখন ধোঁৱাচাঙত থোৱাৰ পিছত আলফাকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ, ৰাজনৈতিক হেঁচাত প্ৰতিবেদনত অনুমোদন জনালে ।"

তেওঁ লগতে কয়, "চৰকাৰে লখিমপুৰত কেবিনেট অনুষ্ঠিত কৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ 57 টা দফাৰ অনুমোদন জনাইছো বুলি ঘোষণা কৰিছে যদিও ৰাইজে এতিয়ালৈকে গম পোৱা নাই কোন 10 টা দফা অনুমোদন কৰা নাই চৰকাৰে । এই প্ৰতিবেদক লৈ কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে সংসদত আলোচনা নকৰা পৰ্যন্ত অসম চৰকাৰৰ কেবিনেটত এই বিষয়ে আলোচনা কৰিলে কিবা লাভ হ'ব বুলি কংগ্ৰেছ দলে অনুভৱ নকৰো ।"

লগতে পঢ়ক: ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হোৱা নাই ? - Demand for Tribal status

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰ্থাৎ শনিবাৰে জনজাতিকৰণক লৈ পূৰ্বৰ কংগ্ৰেছক দোষাৰোপ কৰাত প্ৰদেশ কংগ্ৰেছৰ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে 2013 চনৰ 9 ডিচেম্বৰত সিদ্ধান্ত লৈছিল। সিদ্ধান্ত অনুসৰি ৰাজ্যৰ অন্য থলুৱা জনজাতিসমূহক সুৰক্ষিত কৰাৰ কথাও কোৱা হৈছিল । তাৰ পৰৱৰ্তী সময়ত এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিটো বিষয় উপস্থাপন কৰা হৈছিল ।"

সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰীসভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কংগ্ৰেছৰ কাৰণে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়া ৰৈ যোৱা নাছিল । আজিও কংগ্ৰেছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো বিচাৰে । কিন্তু জনজাতি হিচাপে বৰ্তমান ৰাজ্যত থকা লোকসকলৰ মৰ্যাদা হানি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতি হোৱাটো কংগ্ৰেছে সমৰ্থন কৰে ।"

আনহাতে সভাপতি ভূপেন বৰাই কয়, "হিমন্ত বিশ্ব শৰ্মাই নিজেই এজন জনজাতীয় লোকক বগৰাই মুখ্যমন্ত্ৰী হৈছে । তেওঁ নিজেই নিবিচাৰে ৰাজ্যৰ ছয় জনগোষ্ঠী জনজাতি হোৱাটো । ৰাজ্যৰ অধিক মানুহ জনজাতি হ'লে হিমন্ত বিশ্ব শৰ্মা নিজে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ।" সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে স্পষ্ট কৰি দিয়ে যে জনজাতিকৰণক লৈ কংগ্ৰেছ পূৰ্বৰ সিদ্ধান্তত অটল আছে, প্ৰয়োজন হ'লে গোটেই অসমখনেই জনজাতি ৰাজ্য হোৱাটো বিচাৰে কংগ্ৰেছ দলে ।

লগতে পঢ়ক: বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.