ETV Bharat / state

এখনৰ পিছত আনখন ৰুদ্ধদ্বাৰ বৈঠক: দলীয় নেতাৰ পদত্যাগক লৈ চিন্তিত মুখ্যমন্ত্ৰী ! - ASSAM BJP INTERNAL CLASH

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 11:45 AM IST

Resignation of BJP leaders: বিজেপিৰ ভিতৰচ'ৰাত চলি থকা সংঘাতে চিন্তিত কৰি তুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ যাৰ বাবে ইখনৰ পিছত সিখন বৈঠকত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই বৈঠকৰ ফলত ৰাজ্যিক বিজেপিক যে আভ্যন্তৰীণ কন্দলে জৰ্জৰিত কৰি তুলিছে, সেয়া পুনৰবাৰ প্ৰতীয়মান হৈছে ৷

ASSAM BJP INTERNAL CLASH
ৰাজ্যিক বিজেপিৰ মুখ্য় কাৰ্যালয়ত বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ১৯ জুলাই: ৰাজ্যিক বিজেপিত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা সংঘাত, অসন্তুষ্টি, ক্ষোভক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে ৰাজ্যিক নেতৃবর্গ ৷ একাংশ নেতাৰ দল এৰাৰ প্ৰৱণতাই দলটোক সম্প্ৰতি পেলাইছে শ’লঠেকত ৷ শেহতীয়াকৈ উজনিৰ দুগৰাকী প্ৰবীণ নেতাই ত্যাগ কৰিছে বিজেপি ৷ আন কেইবাগৰাকীও নেতাই দল এৰাৰ অভিপ্ৰায়েৰে আন আন ৰাজনৈতিক দলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ এনে পৰিস্থিতিত বিজেপিৰ ভিতৰচ'ৰাত চলি থকা সংঘাতে আগন্তুক সময়ত দলটোক ক্ষতি কৰাৰ শংকাত ভুগিছে শাসকীয় নেতাসকল ৷

ASSAM BJP INTERNAL CLASH
দলীয় নেতাৰ পদত্যাগক লৈ চিন্তিত বিজেপি (ETV Bharat Assam)

আনহাতে, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাচৰে পৰা বিৰোধী দলসমূহৰ অধিক সক্ৰিয়তা আৰু তৎপৰতাই চিন্তিত কৰিছে ৰাজ্যত শাসনৰ গাদীত অধিষ্ঠিত গেৰুৱা দলটোক ৷ যোৱা ১২ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত নিজৰ চৰকাৰী বাসভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল ৷

লগতে পঢ়ক: গ’ণ্ডাৰ ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ; বিচাৰিলে উচিত তদন্ত - TRAIN ACCIDENT IN UP

ইয়াৰ কেইদিনমানৰ পূৰ্বে বাজপেয়ী ভৱনত কলিতা আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে জিলা সভাপতি, জিলা প্ৰভাৰী আৰু সহ প্ৰভাৰীসকলৰ সৈতেও আন এক বৈঠকত মিলিত হৈ কেইবাখনো পৌৰসভাত উত্থাপিত অনাস্থাৰ বিষয়টো আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰাত গুৰুত্ব আৰোপ কৰিছিল ৷

বৃহস্পতিবাৰে পুনৰ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় এখন পর্যালোচনা বৈঠক ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি দলৰ আন আন বিষয়ববীয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: 40 শতাংশ ! অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰীক; আমছুক লাগে প্ৰমাণ - Assam Muslim population row

আনহাতে, চলিত মাহৰ শেষৰফালে অনুষ্ঠিত হ'বলগীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পর্যালোচনা বৈঠকখনে বহন কৰিছে বিশেষ তাৎপর্য ৷ বৰ্ধিত কার্যনিৰ্বাহক বৈঠকত দলৰ ভিতৰচ'ৰাত চলি থকা সংঘাত সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ তদুপৰি বৈঠকত দলৰ ভিতৰচ'ৰাত চলি থকা সংঘাতৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বিৰোধী দলসমূহে যাতে ইয়াৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰে, তাৰ বাবে ক্ষোভ-অসন্তুষ্টি প্ৰশমিত কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰি ৰখাত গুৰুত্ব দিয়া হয় ৷

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ একাংশ জ্যেষ্ঠ নেতায়েই নহয়, শেহতীয়াকৈ তৃণমূল পর্যায়তো দলৰ ভিতৰচ’ৰাত অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে‌ কোনো ধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত নহ’ল ৷

লগতে পঢ়ক: আকৌ চলিব বাল্যবিবাহ বিৰোধী অভিযান; বাল্যবিবাহ কৰা সংখ্যালঘু যদি 80 শতাংশ, সংখ্যাগুৰু 20 শতাংশ: মুখ্যমন্ত্ৰী - Action against child marriage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.