নিউজ ডেস্ক, ২৪ মাৰ্চ : অসমত যি সময়ত একেৰাহে পোন্ধৰটা বছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ চলিছিল, সেই সময়ত আটাইতকৈ শক্তিমান ৰাজনৈতিক নেতা বা মন্ত্ৰী দুগৰাকীয়েই আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন ৷ প্ৰয়াত গগৈৰ সোঁ হাত-বাও হাত স্বৰূপ এই দুই মন্ত্ৰী তেওঁৰ ইমানেই অনুগত আৰু বিশ্বস্ত আছিল যে সেই সময়ত গগৈ মন্ত্ৰীসভাৰ বাকী সকল সদস্য নিস্তেজপ্ৰায় হৈ পৰিছিল ৷
সেই সময়ছোৱাত বিৰোধীৰ আসনত আছিল বিজেপি, এ আই ইউ ডি এফ আৰু অসম গণ পৰিষদ ৷ সময় তেতিয়া বিজেপিৰ পক্ষত নাছিল ৷ আনকি বিধানসভাত বিজেপিৰ তুলনাত অগপৰ বিধায়কৰ সংখ্যাই আছিল সৰহ ৷ বিধানসভাত আছিল দুয়োটা দলৰ মাজত ফ্ল'ৰ কো-অৰ্ডিনেছন ৷
সেই ফ্ল'ৰ কো-অৰ্ডিনেছনৰ সংগী আছিল এ আই ইউ ডি এফো ৷ অৰ্থাৎ বিজেপি, অগপ আৰু এ আই ইউ ডি এফ তিনিও দলে কান্ধত কান্ধ মিলাই কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে থিয় দিছিল ৷ অগপ আছিল বিগ ব্ৰাদাৰ ৷ সেই সময়ছোৱাতে আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই এই তিনিওটা দলক ইমানেই তুচ্ছ তাচ্ছিল্য কৰিছিল যে সামান্যতম লজ্জাবোধ থকা মানুহেও মূৰ তল কৰিবলগীয়া হৈছিল ৷
এবাৰ বিধানসভাৰ অধিৱেশন চলি থাকোতেই সদনৰ মজিয়াত ড৹ শৰ্মাই অগপক তাচ্ছিল্য কৰি কৈছিল যে আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়টো খুব সোনকালেই বিবাহ ভৱনলৈ পৰিণত হ'ব ৷ অগপৰ প্ৰতি আৰু যে কিমান অৱজ্ঞাসূচক মন্তব্য কৰিছিল তাৰ হিচাপ নাই ৷
সেয়া আছিল এটা সময়ৰ কথা ৷ আজি সময় বিজেপিৰ পক্ষত ৷ যিজন মানুহে এদিন আমবাৰীৰ অগপ কাৰ্যালয়টো বিবাহ ভৱনলৈ ৰূপান্তৰিত হ'ব বুলি তাচ্ছিল্য কৰিছিল সেইজন মানুহ আজি অগপৰ বুকুৰ কুটুম ৷
আজি দেওবাৰ ৷ আজি সন্ধিয়া ঠিক ছয় বজাত সেই একেজন ড৹ হিমন্ত বিশ্ব শৰ্মা আহিব অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়লৈ ৷ আলহী হৈ ৷ মিত্ৰৰ ঘৰত ফুৰিবলৈ ৷ ড৹ শৰ্মাক আদৰিবলৈ শনিবাৰৰ পৰাই ব্যস্ত হৈ পৰিছে অগপ নেতৃত্ব ৷ সুন্দৰকৈ সজোৱা হৈছে আমবাৰীৰ মুখ্য কাৰ্যালয় ৷
এৰা ! এয়াই ৰাজনীতি ৷ য'ত ক্ষমতা প্ৰথম কথা ৷ তাৰ পিচতহে আহে মান-সন্মান, আত্মসন্মানবোধ আদিৰ দৰে কথাবিলাক ৷
লগতে পঢ়ক : পীযুষ হাজৰীকা হিন্দু বাংলাদেশীৰ লীডাৰ: অখিল গগৈ - INDI Alliance huge march