ETV Bharat / state

মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী - Assam CM on marksheet scam

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 12:06 PM IST

CM visits FAAMCH : বৰ্তমান চৰ্চাৰ বিষয় হৈছে মাৰ্কশ্বীট কেলেংকাৰী ৷ ইতিমধ্যে এই কেলেংকাৰীৰ সৈতে জড়িত থকা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৰপেটাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে ৰাজ্যৰ উন্নয়নৰ প্ৰসংগতো কেতবোৰ মন্তব্য কৰে শৰ্মাই ৷

Fake marksheet in Assam
Etv Bharat (ETV Bharat)

বৰপেটা, 28 জুন : ‘‘গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হৈ আহিছে বৃহৎ মাৰ্কশ্বীট কেলেংকাৰী ৷ ধনৰ লেনদেনেৰ জৰিয়তে নম্বৰ বৃদ্ধি কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই’’ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হোৱা মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত বৰপেটাত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীটৰ বাবে ব্যৱহাৰ কৰা কম্পিউটাৰৰ চিষ্টেমসমূহ যিকেইগকাৰী ব্যক্তিৰ দায়িত্বত আছে, সেই ব্যক্তিসকলেই এই অনিয়ম সংঘটিত কৰিছে ৷ কম্পিউটাৰৰ চিষ্টেম চলোৱাৰ দায়িত্বত থকা সকলেই ধন লৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বঢ়াই দিয়া হৈছে ৷ এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইতিমধ্যে এই ঘটনাৰে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, এই ঘটনাৰে জড়িত 6 টাকৈ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীটৰ কেলেংকাৰীটো অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে অনুসন্ধান চলাই থকা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বৰপেটাৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়(G L C College) ৰ আজিজুল হক নামৰ স্নাতকৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰগৰাকীৰ নম্বৰ জালিয়াতিৰ ঘটনা ধৰা পেলাইছিল মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ পিচে অভিযুক্ত আজিজুল হকক আটকৰ পৰিৱৰ্তে সমগ্ৰ ঘটনাতো গাপ দিবলৈ চেষ্টা চলাইছিল বৰপেটা আৰক্ষীয়ে ৷ এই ঘটনাটো সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ লগতে বৰপেটাৰ সাংবাদিকসকলে মুখ্যমন্ত্ৰীক অৱগত কৰিছিল ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰম্ভ হ'ল বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত সলনিৰ কাম - Assam CM Himanta Biswa Sarma

ইয়াৰ লগতে মাজবাট, ঢেকিয়াজুলি, বৰপেটা, কোকৰাঝাৰ, লখিমপুৰ আদিত ধৰ্ষণ, খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ আৰু থানা জ্বলাই দিয়া ঘটনা সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ‘‘কংগ্ৰেছে 3 খন আসনত জয়ী হোৱাৰ পাচতে এটা বিশেষ সম্প্ৰদায়ে তাৰ সুযোগ লৈছে । 3 খন আসনত জয়ী হওঁতেই যদি এই অৱস্থা তেন্তে কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যত কি অৱস্থা হ'ব ৷ অসমৰ ৰাইজে গভীৰভাৱে বিশ্লেষণ কৰক’’- তেওঁ কয় ৷

‘‘মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কঠোৰ হ’বই লাগিব ৷ ইয়াৰ কোনো বিকল্প নাই ৷ মই সদায় জীয়াই নাথাকো ৷ কিন্তু জাতিটো সদায় জীয়াই থাকিব লাগিব ৷ ব্যক্তি ডাঙৰ কথা নহয় ৷ মোৰ বৰ্তমান বা অবৰ্তমানতো যাতে সমাজখন জীয়াই থাকে তাৰ চিন্তা কৰিব লাগিব ৷ অসমৰ ৰাইজে ভোট দিয়াৰ আগতে বহু কথা চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে ৷’’ শৰ্মাই কয় ৷

ইপিনে এনকাউন্টাৰ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘কাউন্টাৰ হ'লেহে এনকাউন্টাৰ হয় ৷ বিষয়টো আৰক্ষীৰ সৈতে জড়িত নহয় ৷ পুলিচে এনকাউন্টাৰ কৰো বুলি কৰিব নোৱাৰে ৷ পুলিচে যি কাম কৰি আছে, সেয়া নীতিৰ বিৰুদ্ধে গৈ থকা নাই ৷ বিষয়টো আৰু গভীৰ ৷’’

‘‘কিছুমান ৰাজনৈতিক নেতাই এই বিষয়ৰ গভীৰতা বুজি নাপাব৷ বিষয়ৰ গভীৰতা বুজি পাব বৰপেটা, নলবাৰী, গোৱালপাৰাৰ ৰাইজে ৷ আমি কোনখন অসমত কাৰ বিৰুদ্ধে দিনে নিশাই যুঁজ কৰি আছো সেই কথা সকলোৱে অনুভৱ কৰিলে যুদ্ধখন সহজ হ’ব ৷’’ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : বহু চিকিৎসকে ভয় কৰে এন্টিভেনম বেজী দিবলৈ : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.